আজি আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস। সমগ্ৰ বিশ্বতে পালন কৰা হৈছে এই বিশেষ দিনটো। নাৰীসকলৰ সন্মান, সুৰক্ষা, সম অধিকাৰৰ দিন হিচাপে পালন কৰা হয় এই দিনটো। ১৯৭৫ চনত ৮ মাৰ্চ তাৰিখটো নাৰী দিৱস হিচাপে ঘোষণা কৰিছিল ৰাষ্ট্ৰসংঘই। তাৰ পিছৰে পৰা বিভিন্ন কাৰ্যসূচীৰ মাজেৰে বিশ্বত আন্তঃৰাষ্ট্ৰীয় নাৰী দিৱস পালন কৰা হয়। মহিলা সকলৰ সম অধিকাৰৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব দিয়া হয় ৮ মাৰ্চ তাৰিখে। প্ৰথম বাৰৰ বাবে নাৰী দিৱস পালন কৰা হৈছিল ১৯০৯ চনৰ ২৮ ফেব্ৰুৱাৰীত। নিউয়ৰ্কত আমেৰিকাৰ চ’ছিয়েলিষ্ট পাৰ্টিয়ে প্ৰথমবাৰৰ বাবে পালন কৰিছল নাৰী দিৱস। সমগ্র দেশৰ লগতে শুক্ৰবাৰে সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে উদযাপন কৰে তেজপুৰত ।তেজপুৰৰ এছে স্কুল অৱ নাৰ্ছিং ৰ প্ৰেক্ষাগৃহত সাংবাদিক সুৰক্ষা মঞ্চ অসমৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিপুল মেধি সভাপতিত্বত অনুষ্ঠিত হোৱা নাৰীৰ দিৱসৰ অসমৰ বিভিন্ন স্থানত সমাজৰ হৈ সেৱা আগবঢ়াই অহা ৮ গৰাকী কৈ সমাজ সেৱিকা আৰু মহিলা সাংবাদিকক সম্বৰ্ধনা জনাই সংগঠনৰ তৰফৰ পৰা ।সাংবাদিক সুৰক্ষা মঞ্চ কেন্দ্ৰীয় সমিতি ভা: প্ৰাপ্ত সাধাৰণ সম্পাদক শ্ৰীমন্ত দাসে উদ্দেশ্য বাখ্যা কৰা সভা খনত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে কেৰিয়াৰ পৰামৰ্শদাতা তথা জি,আই,এম,টি তেজপুৰ অধ্যক্ষ ড০ বুলজিৎ বুঢ়াগোহাঁই।বুঢ়াগোহাঁই বৰ্তমান সমাজ ব্যৱস্থা বৰ্তমান নাৰীৰ সম অধিকাৰ তথা ছাত্ৰ ছাত্ৰী সকলৰ ভৱিষ্যত শিক্ষা ওপৰত বহলাই বক্তব্য প্ৰদান কৰে ।ইফালে অনুষ্ঠানত উপস্থিত থাকে সাংবাদিক সুৰক্ষা মঞ্চ, অসমৰ কাৰ্যকৰী সভাপতি ইমদাদ আলি, সদৌ অসম জাতীয়তাবাদী সন্মিলন সভাপতি ৰাজীৱ দাস, এইচ এল, ৱাটাৰ ট্ৰিট মেন্ট প্ৰা:লি:সঞ্চালক প্ৰণৱ জ্যোতি শ ইকীয়া ই বৰ্তমান নাৰীৰ ব্যৱস্থা ওপৰত মন্তব্য ৰাখে সভাত ।ইফালে নাৰী দিৱসৰ লগত সংগতি ৰাখি ৮ গৰাকীকৈ সমাজ সেৱিকা ক্ৰমে শোণিতপুৰ জিলা যুটীয়া স্বাস্থ্য সেৱা সঞ্চালক ড০ কৃষ্ণা কেমপ্ৰাই, মহিলা সাংবাদিক সংগীতা শইকীয়া, সাংবাদিক তথা ৰাষ্ট্ৰীয় খেলুৱৈ দীপামনি ডেকা,সমাজ সেৱিকা মানসী চলিহা ডেকা,মানৱ চিকিৎসক ড: জয়শ্ৰী পাঠক, সমাজ সেৱিকা ড০ জুৰি মনি ডেকা বৰুৱা, উদীয়মান কবি তথা সাহিত্যিক , লতামনি শৰ্মাক সাংবাদিক সুৰক্ষা মঞ্চ তৰফৰ পৰা এখনি ফুলাম গামোচা, শৰাই জাপি লগতে সম্বৰ্ধনা পত্ৰ প্ৰদান কৰা হয় ।ইফালে অনুষ্ঠানত উপস্থিত থাকে তিনিচুকীয়া সাংবাদিক ৰাণা দ্বীপ দুৱৰা, শিৱসাগৰ সাংবাদিক প্ৰৰাগ বড়া,চিৰাং জিলা লিটন বাসক, তেজপুৰ কনিষ্ঠ সাংবাদিক ধৰিত্ৰী শ্ৰাৱন, বিশ্বনাথ জিলা সাংবাদিক সুৰক্ষা মঞ্চ সাধাৰণ সম্পাদক ভুপেন বৰা, মহেন্দ্ৰ পাগাক, অমলান কাশ্যৱ চাহা, নগাঁও সাংবাদিক অংশুমান শৰ্মা , মঙলদৈ বিশ্বৎদেৱ মহন্ত , লগতে অসমৰ বিভিন্ন স্থান পৰা সাংবাদিক সকলে অংশগ্ৰহণ কৰে ।
Trending
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ উদ্যোগত মালিগাঁৱত “হেঁপাহৰ ভোগালী” শীৰ্ষক অনুষ্ঠান
- আজি ইউনেস্ক’ৰ মুখ্য কাৰ্যালয়ত চৰাইদেউ বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ প্ৰমাণ পত্ৰ গ্ৰহণ
- ভাৰতীয় বিমানবন্দৰ প্ৰাধিকৰণৰ সৰ্বভাৰতীয় আন্তঃমণ্ডল গুৱাহাটী ক্ৰিকেট প্ৰতিযোগিতাত পশ্চিম মণ্ডল চেম্পিয়ন
- মহানগৰীত ৰাষ্ট্ৰীয় পথ-সুৰক্ষা মাহৰ ব্যতিক্ৰমী অনুষ্ঠান পৰিবহণ বিভাগৰ
- কটন কলেজিয়েট চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কেৰিয়াৰ সজাগতা সভা
- চাকৰি এৰি ব্যৱসায়েৰে স্বাৱলম্বিতাৰ নিদৰ্শন দেখুৱাইছে প্ৰশান্তমণিয়ে
- সৰ্বভাৰতীয় অসামৰিক সেৱাৰ বেডমিণ্টন প্ৰতিযোগিতাত অসমৰ সোণ আৰু ব্ৰঞ্জৰ পদক লাভ
- Bureau of Indian Standards Celebrates 78th Foundation Day at Guwahati
- বাংলাদেশৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তত এটা বছৰত ৬,৫১৯ টা গৰু জব্দ , ৯৭ জন ভাৰতীয় আৰু ৩৬ জন বাংলাদেশী চোৰাং কাৰবাৰীক গ্ৰেপ্তাৰ বি এছ এফৰ গুৱাহাটী ফ্ৰন্টিয়াৰৰ
- ৫ জানুৱাৰীত ১৩ সংখ্যক বেদান্ত বাচস্পতি ৰাধানাথ ফুকন স্মাৰক বক্তৃতা