২০ জুন ২০১৬। ভৰ বাৰিষাৰ খহনীয়াই তাণ্ডৱ চলাইছিল সমগ্ৰ ৰাজ্যতে। বাৰিষাৰ বলীয়া বানে উতুৱাই লৈ গৈছিল সকলোৰে সা-সম্পত্তি। ঠিক একে দুৰ্দশাৰ সন্মুখীন হৈছিল টংকেশ্বৰহতঁৰ গাওঁখনতো। লীনা পেগু নামৰ এগৰাকী মহিলাই এখন নাৱেৰে ধান আনি থাকোতে পানীৰ কোবাল সোঁতত নাওখন বুৰ যোৱাত লীনা পেগু পানীত পৰে।চকুৰ সন্মুখতে এনে দৃশ্য প্ৰত্যক্ষ কৰি টংকেশ্বৰ ও পানীত জাপ দিয়ে। টংকেশ্বৰে নিজৰ প্ৰাণকো তুচ্চ জ্ঞান কৰি মহিলা গৰাকীক চুলিত ধৰি টানি পানীৰ পৰা উদ্ধাৰ কৰিবলৈ সক্ষম হয়। পেগুৰ এনে সাহসিকতাৰ প্ৰতি উৎসাহ তথা সন্মান জনাই ভাৰতীয় শিশু কল্যাণ উন্নয়ন সমিতিয়ে কালি নতুন দিল্লীত সন্মান প্ৰদৰ্শন কৰে। উল্লেখযোগ্য যে এই National Bravery Award 2016 বটাঁ সৰ্বমুঠ ২৫ টা শিশুক প্ৰদান কৰা হয়। প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে এই সন্মান প্ৰদান কৰি অনাগত দিনত সাহসিকতাৰে বিভিন্ন ক্ষেত্ৰত অগ্ৰসৰ হ’বলৈ উৎসাহ জনায়। এই সম্পৰ্কে nefocus.com ৰ লগত হোৱা এক টেলিফোনিক বাৰ্তালাপত টংকেশ্বৰ পেগুৱে কয় যে-মই এনেদৰে সন্মান লাভ কৰিম বুলি ভবা নাছিলো। সেইসময়ত মোৰ মনলৈ এটাই ভাব আহিছিল যে কিদৰে মানুহ গৰাকীক উদ্ধাৰ কৰিব পৰা যায়। আজি এনেদৰে সন্মান লাভ কৰাৰ বাবে অত্যন্ত সুখী। উল্লেখযোগ্য যে টংকেশ্বৰ পেগু গোলাঘাটৰ ৰঙাগড়াৰ বাসিন্দা আৰু অসম গৃহৰক্ষী বাহিনীৰ জোৱান বীৰেন পেগুৰ পুত্ৰ।
Trending
- খাদী আৰু গ্ৰামোদ্যোগ ব’ৰ্ডত গান্ধী জয়ন্তী উদযাপন
- সদৌ অসম খণ্ড সমল ব্যক্তি ফৰামৰ সভা
- নগাঁৱত আন্তজাতিক অহিংস দিৱস উদযাপন
- স্বচ্ছতাক দৈনন্দিন জীৱনশৈলীৰ অংশ কৰি তুলিলে দেশৰ উন্নয়ন ত্বৰান্বিত হ’ব – কেশৱ মহন্ত
- আয়ুস্মান ভৱ অভিযানৰ অধীনত পৰিবহণ বিষয়াৰ কাৰ্যালয়ত বিনামূলীয়া স্বাস্থ্য পৰীক্ষা শিবিৰ
- স্কুলীয়া ছাত্ৰ-ছাত্ৰীৰ লগতে বিভিন্ন স্তৰৰ লোকৰ অংশগ্ৰহণেৰ স্বচ্ছতাই সেৱা কাৰ্যসূচীলৈ অসমৰ উৎসাহজনক সঁহাৰি
- ঢকুৱাখনা চেইণ্ট থমাছ স্কুলত অমৃত মহোৎসৱৰ কাৰ্যসূচী
- গুৱাহাটীৰ কৃত্ৰিম বানৰ সমস্যা সমাধানৰ দিশত উল্লেখযোগ্য পদক্ষেপ
- সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাস আৰু পৰিবহণ বিষয়া হিমাংশু কুমাৰ দাসলৈ দিল্লীৰ সৰ্বভাৰতীয় সংস্থাৰ বিশেষ বঁটা
- ছেফৰ চতুৰ্বিংশতিতম সন্মিলন সম্পন্ন