অসম চৰকাৰৰ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ মন্ত্ৰী অশোক সিংহলে তেওঁৰ জনতা ভৱনস্থিত কাৰ্যালয়ৰ সভাকক্ষত আয়োজিত এলানি বৈঠকত আজি স্বাস্থ্য বিভাগৰ কাম-কাজৰ বিতং পৰ্যালোচনা কৰে। আজিৰ পৰ্যালোচনাত মূলতঃ স্বাস্থ্য বিভাগৰ অধীনত ৰূপায়িত আঁচনি, কাম-কাজ, স্বাস্থ্য-সূচক, মানৱ সম্পদ আদিৰ বিতং আৰু অদ্যাৱধিকৃত তথ্য প্ৰতিফলিত হোৱাকৈ বিভাগটোৰ এক একীকৃত ৱেব পৰ্টেল নিৰ্মাণৰ ওপৰত তেওঁ বিশেষ গুৰুত্ব আৰোপ কৰে। আনহাতে ৰাজ্যত উচ্চ ৰক্তচাপ, মধুমেহ আদি অসংক্ৰামক ৰোগ প্ৰতিবছৰে চিন্তনীয়ভাৱে বাঢ়ি অহাত তেওঁ গভীৰ উদ্বেগ প্ৰকাশ কৰে। জনসাধাৰণৰ সামগ্ৰিক সুস্থতা, শাৰীৰিক পৰিশ্ৰম, নিয়ন্ত্ৰিত খাদ্যাভ্যাস, পৰিশীলিত জীৱন-ধাৰণৰ পদ্ধতি আৰু মানসিক সুস্বাস্থ্য সুনিশ্চিতকৰণৰ ওপৰত সময় থাকোতেই গুৰুত্ব আৰোপ নকৰিলে অনাগত এটা দশকত জীৱনশৈলী সম্বন্ধীয় এনে ৰোগে ৰাজ্যত মহামাৰীৰ ৰূপ ধাৰণ কৰিব বুলি তেওঁ আশংকা প্ৰকাশ কৰে। সেয়েহে এই সন্দৰ্ভত ৰাজ্যজুৰি এক বিশেষ অভিযান হাতত লবলৈ তেওঁ স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগক নিৰ্দেশ দিয়ে। জনসংখ্যা আৰু চিকিৎসালয়ৰ প্ৰয়োজনীয়তা অনুসাৰে ৰাজ্যৰ বিভিন্ন জিলাত বিশেষজ্ঞ চিকিৎসককে ধৰি চিকিৎসক আৰু স্বাস্থ্যকৰ্মীৰ সমানুপাতিক হাৰত আবণ্টনৰ ওপৰতো এক নীতি যুগুত কৰিবলৈ তেওঁ বিভাগক নিৰ্দেশ দিয়ে। আনহাতে ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰূপায়িত আঁচনিৰ প্ৰদৰ্শন, সফলতাৰ আলেখলেখ আৰু বিভিন্ন স্বাস্থ্য সূচকৰ অদ্যাৱধিকৃত তথ্য সন্নিৱিষ্ট কৰি এক মাহেকীয়া পত্ৰিকা প্ৰকাশৰ পদক্ষেপ লবলৈও তেওঁ ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ মিডিয়া কোষক নিৰ্দেশ দিয়ে। ৰাজ্যত ৰাষ্ট্ৰীয় শিশু স্বাস্থ্য কাৰ্যসূচী (ৰাষ্ট্ৰীয় বাল স্বাস্থ্য কাৰ্যক্ৰম)ক পৰিবৰ্ধিত ৰূপত এক অভিযান আকাৰে ৰূপায়ণৰ ওপৰতো তেওঁ গুৰুত্ব আৰোপ কৰে আৰু এই সন্দৰ্ভত বিতং পৰিকল্পনা প্ৰস্তুতৰ বাবে তেওঁ বিভাগক নিৰ্দেশ দিয়ে। বৈঠকত ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ অধীনত ৰূপায়িত আন্তঃগাঁথনিমূলক কাম-কাজৰো পৰ্যালোচনা কৰা হয়। দীৰ্ঘদিন ধৰি অসমাপ্ত আন্তঃগাঁথনিগত কামবোৰ সমাপ্ত নোহোৱালৈকে কোনো নতুন প্ৰকল্পৰ প্ৰস্তাৱ দাখিল নকৰিবলৈ তেওঁ বিষয়ববীয়াসকলক নিৰ্দেশ দিয়ে। আজিৰ বৈঠকত সুগমৰ পৰা দুৰ্গম আঁচনিৰ অধীনত চিকিসক-স্বাস্থ্যকৰ্মীৰ বদলিকৰণ, সাৰ্বজনীন টীকাকৰণ অভিযান আৰু বিশেষ টীকাকৰণ অভিযানৰ ৰূপায়ণ আদি সন্দৰ্ভতো আলোচনা কৰা হয়। আজিৰ বৈঠকত স্বাস্থ্য আৰু পৰিয়াল কল্যাণ বিভাগৰ আয়ুক্ত সচিব পি অশোক বাবু, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযান অসমৰ প্ৰকল্প সঞ্চালক ডঃ লক্ষ্মণন এছ, স্বাস্থ্যসেৱা সঞ্চালক ডাঃ উমেশ ফাংছ’, আয়ুস সঞ্চালক ইন্দ্ৰানসী দাসৰ লগতে বিভাগৰ অন্যান্য শীৰ্ষ বিষয়াসকল উপস্থিত থাকে।
Trending
- Strengthening Investor Awareness and Investor Protection in North East Region
- উত্তৰ পূৱ মণ্ডল আন্তঃবিশ্ববিদ্যালয় যুৱ মহোৎসৱত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ শিক্ষাৰ্থীৰ তিনিটাকৈ স্বৰ্ণ পদক লাভ
- অসমত বিনিয়োগকাৰীসকলৰ সজাগতা আৰু সুৰক্ষাক দৃঢ়কৰণ
- গোপাল জালানৰ অসুখী পৃথিৱীত সুখী হোৱাৰ বাসনা
- Assam CM meets Prime Minister; thanks PM for a new urea plant
- খানাপাৰাত ‘এডভান্টেজ অসম’ৰ প্ৰস্তুতিৰ বুজ ললে উদ্যোগ মন্ত্ৰী বিমল বড়াই
- মন্ত্ৰী অশোক সিংহল আৰু ৰূপেশ গোৱালাৰ উপস্থিতিত জনতা ভৱনত স্বাস্থ্য, শ্ৰমিক কল্যাণ তথা চাহ জনজাতি আৰু আদিবাসী কল্যাণ বিভাগৰ যুটীয়া বৈঠক অনুষ্ঠিত
- সৈনিক শিল্পী বিষ্ণু প্ৰসাদ ৰাভাৰ জন্মদিনত কৃষক মেল
- Union Budget 2025 is Growth oriented and people centric”, says Mr Ashishkumar Chauhan, MD & CEO NSE
- পৰিবহণ বিভাগৰ উদ্যোগত আৰম্ভ হ’ল বিশেষ জনসেৱা কাৰ্যসূচী-সুৰক্ষিত যাতায়াতৰ লক্ষ্যৰে বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠানত উপস্থিত হৈ সমাধান কৰিলে বাহনৰ নথিপত্ৰ বিষয়ক সমস্যা