শুকুৰবাৰে ওদালগুৰি জিলাৰ কলাইগাওঁ এম ই মাদ্ৰাছা প্ৰাংগনত অনুষ্ঠিত হয় বিশাল স্বাস্থ্য মেলা। স্বাস্থ্য মেলাখন উদ্বোধন কৰে কলাইগাওঁ বিধানসভা সমষ্টিৰ বিধায়ক মহেশ্বৰ বড়োৱে। মেলাখনত চকু কাণ নাকৰ ৰোগ বিশেষজ্ঞ, স্ত্ৰী ৰোগ বিশেষজ্ঞ, শিশু ৰোগ বিশেষজ্ঞ, মেডিচিনৰ বিশেষজ্ঞ আদিৰ লগতে কেইবাজনো ডাক্তৰে ৰোগী পৰীক্ষা কৰে। মেলাখনত মেলেৰিয়া বিভাগ, যক্ষ্মা বিভাগৰ বিশেষজ্ঞসকলেও অংশগ্ৰহণ কৰে। মেলাখনত প্ৰায় ছয় শতাধিক ৰোগীক পৰীক্ষা কৰাৰ লগতে বিনামূলীয়াকৈ ঔষধ বিতৰণ কৰা হয় তথা বিনামূলীয়াকৈ ৰক্ত পৰীক্ষা কৰা হয়। মেলাখনত যক্ষ্মা বিশেষজ্ঞসকলে অংশগ্ৰহণ কৰি ৰাইজক বিভিন্ন ৰোগ সন্দৰ্ভত সজাগ কৰাৰ চেষ্টা কৰে। ওদালগুৰি জিলা স্বাস্থ্য সমিতিৰ সহযোগত আৰু ওদালগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ উদ্যোগত অনুষ্ঠিত এই মেলাত ওদালগুৰি জিলা খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ SD&MO ডাক্তৰ ডাঃ গণেশ চন্দ্ৰ ব্ৰহ্ম, সহকাৰী মেলেৰিয়া বিষয়া যতীন ৰাভা, ৰাষ্ট্ৰীয় স্বাস্থ্য অভিযানৰ জিলা প্ৰকল্প সঞ্চালক নমাল সিং বৰগয়াৰী, ওদালগুৰি খণ্ড প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ প্ৰকল্প সঞ্চালক ৰাজ মুছাহাৰী আদি উপস্থিত থাকে।
Trending
- চি আই ডিৰ মহাপৰিদৰ্শক হিচাপে নিযুক্তি লাভ আইৰণ লেডীৰ
- আজি অনুষ্ঠিত হয় প্রথম পৰ্য্যায়ৰ ভোটদানৰ পৰ্ব
- আজাৰাত এন ডি আৰ এফৰ প্ৰথম বেটেলিয়ানত সঞ্চালক প্ৰধান পীযুষ আনন্দ
- ৭৭ নং ঢকুৱাখনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী বিষয়া কৰ্মী ৰাওনা ভোটকেন্দ্ৰলৈ
- ধেমাজি জৱাহৰ নবোদয় বিদ্যালয়ত সমাবেশ অনুষ্ঠান-নবাগতক বিদ্যালয় কৰ্তৃপক্ষৰ আদৰণি
- দীপৰ বিলৰ কাষৰীয়া দেউছতালত বৰো ধানৰ খেতিৰে সেউজ বিপ্লৱ গঢ়িছে বলেশ্বৰ ৰংপীয়ে
- ড্ৰাই ডে ঘোষণা
- মহানগৰীত ন’ ফ্লাই আৰু ন ক্ৰেকাৰ জ’ন “ঘোষণা জিলা দণ্ডাধীশৰ
- ব্যয় পৰ্যবেক্ষকৰ বৈঠক
- দুদিনীয়া কাৰ্যসূচীৰে অসমলৈ আহিব পঞ্জাবৰ মুখ্যমন্ত্ৰী ভগৱন্ত মান