স্বাৱলম্বীতাৰ নিদৰ্শন দেখুৱাইছে বৰদুৱাৰ এড়ি সঁচ কেন্দ্ৰই

0 259

অসম মেঘালয় সীমান্তৱৰ্তী চানডুবি বিলৰ পাৰ্শ্বৱৰ্তী বৰদুৱাস্থিত বৰদুৱাৰ এড়ি সঁ‌চ উৎপাদন কেন্দ্ৰই গ্ৰাম্য অঞ্চলত  স্বাৱলম্বীতাৰ অন্য এক নিদৰ্শন দেখুৱাইছে । কেন্দ্ৰটোৱে এড়ি সঁ‌চ উৎপাদন হিচাপে মূল লক্ষ্য আগত ৰাখি স্থানীয় বহু কৃষকক এৰি ,মুগা পালনেৰে স্বনিৰ্ভশীল হোৱাৰ প্ৰয়াস কৰাইছে।
কৃষকৰ জৰিয়তে উৎপাদন কেন্দ্ৰটোৱে গ্ৰাম্য অৰ্থনীতি বিকাশ বাবে অধিক মনোনিৱেশ কৰা পৰিলক্ষিত হৈছে । এৰি মুগা পালনেৰে পৰিচয় জিনিবলৈ সক্ষম হোৱা বৰদুৱাৰৰ বহু কৃষক এতিয়া এড়ি সঁ‌চ উৎপাদন কেন্দ্ৰটোৰ পৰা যথেষ্ট উপকৃত হ’বলৈ সক্ষম হৈছে ।
কিয়নো কেন্দ্ৰটোৰ পৰা প্ৰায় ২,৫০০ জন পলু পালকে নিয়মিত নিজৰ ঘৰত উৎপাদিত কৰা প্ৰতিটো এড়ি লাট এক টকাকৈ কেন্দ্ৰটোক বিক্ৰী কৰি আহিছে । অকল এড়ি লাটেই নহয় পলুৰ উচিত মূল্যত কেন্দ্ৰটোক বিক্ৰী কৰি আহিছে। আৰু এই পলু , এড়ি সঁ‌চ ক্ৰয় কৰি কেন্দ্ৰটোৱে পলু প্ৰকৃতিগত পদ্ধতিৰে কণী উৎপাদন কৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তলৈ যোগান ধৰাৰ উপৰিও বিহাৰ , ঝাৰখণ্ড , বাংগালুৰুৰ কৃষকলৈ ৰপ্তানি কৰা হয় ।
প্ৰায় ৫ হেক্টৰ মাটি কালিৰে সঁ‌চ উৎপাদন কেন্দ্ৰটোৱে ২০১৯-২০ বৰ্ষত মুঠ সঁ‌চ ৬৭,৮৩৮ উৎপাদন কৰে। কেন্দ্ৰটোৱে এই বছৰত এতিয়ালৈ ৫০,০০০ টা এড়ি  লাট উৎপাদন কৰি ২০১৯-২০ বৰ্ষৰ এতিয়ালৈকে ২৫,৬২০ টকা চৰকাৰৰ ঘৰত চালান যোগে ৰাজহ জমা দিয়ে । সহকাৰী সঞ্চালক মানৱেন্দ্ৰ শইকীয়াৰ উদ্যোগত কেন্দ্ৰটোৰ পৰিচালক, সহঃ পৰিচালক প্ৰদৰ্শক আৰু সমূহ কৰ্মচাৰীৰ বৃন্দৰ উমৈহতীয়া প্ৰচেষ্টাত এনেদৰে এই কেন্দ্ৰটিত নিয়মিত উৎপাদন কাৰ্য সম্পাদন হয় ।
খবৰ যুগুতালে ছয়গাঁৱৰ  পৰা জিতুমণি দাসে..

Leave A Reply

Your email address will not be published.