উত্তৰ পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ সুৰক্ষা, একতা আৰু উন্নয়নৰ বাবে কাম কৰি অৰাজনৈতিক সামাজিক , সাংস্কৃতিক সংগঠন সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ অসম প্ৰদেশ কমিটিয়ে অহা ৪, ৬ এপ্ৰিলত সৰুসজাই ষ্টেডিয়ামত প্ৰথম বাৰৰ বাবে “সীমান্ত ক্ৰীড়া মহোৎসৱ ২০২২” অনুষ্ঠিত কৰিব । আজি সৰুসজাই ষ্টেডিয়ামৰ সভাগৃহত আয়োজিত এক সংবাদ মেলত এই কথা সদৰি কৰে মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সাধাৰণ সম্পাদক সুজল বৰদলৈয়ে। সংবাদ মেলত সুজল বৰদলৈয়ে কয় আগন্তক ক্ৰীড়া মহোৎসৱত ৰাজ্যৰ আন্তঃৰাষ্ট্ৰীয় সীমান্তৰ পৰা ১৫ কিঃমিঃ ভিতৰৰ ৯ খন জিলা ক্ৰমে – ধুবুৰী, কৰিমগঞ্জ, কাছাৰ, দক্ষিণ শালমাৰা, কোকৰাঝাৰ , চিৰাং, বাগছা, তামুলপুৰ আৰু ওদালগুৰি জিলাৰ পুৰুষ – মহিলাসহ প্ৰায় ৩৫০ জন খেলুৱৈয়ে ভাগ লব। ১০ টা ইভেণ্টত হ’বলগীয়া প্রতিযোগিতাৰ বাবে খেলুৱৈসকলক বাচনি কৰিবৰ বাবে সেই জিলা কেইখনত ৪, ১১ মাৰ্চত সপ্তাহযোৰা কাৰ্যসূচীৰে কোৱালিফাইং ৰাউণ্ড অনুষ্ঠিত কৰা হৈছিল । ৰাজ্য চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ বিভাগৰ সহযোগত, নতুন দিল্লীৰ হন্স ফাউণ্ডেচন আৰু অইল ইণ্ডিয়াৰ পৃষ্ঠপোষকতাত অনুষ্ঠিত হবলগীয়া প্ৰতিযোগিতাখন ৪ এপ্ৰিলত বিয়লি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উদ্ধোধন কৰিব। য’ত অসম চৰকাৰৰ ক্ৰীড়া মন্ত্ৰী তথা মহোৎসৱৰ অভ্যৰ্থনা সমিতিৰ সভাপতি বিমল বৰা, বি টি চিৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰমোদ বড়ো উপস্থিত থাকিব। তেনেদৰে ৬ এপ্ৰিলৰ দিনা বিয়লি অনুষ্ঠিত হবলগীয়া সামৰণি অনুষ্ঠানত অসম চৰকাৰৰ পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰী, সীমা জাগৰণ মঞ্চৰ অখিল ভাৰতীয় সংযোজক গোপাল কৃষ্ণণ উপস্থিত থাকি বিজয়ী সকলক বঁটা প্ৰদান কৰিব। আনহাতে খেল সমূহ পুৱা ৯ বজাৰ পৰা বিয়লি ৫ বজাৰ ভিতৰত অনুষ্ঠিত হ’ব বুলি সুজল বৰদলৈয়ে সদৰি কৰে। সংবাদ মেলত সীমান্ত চেতনা মঞ্চ পূৰ্বত্তৰৰ অসম প্ৰদেশ কমিটিৰ সভাপতি ড০ বিনীতা ভাগৱতী, মহোৎসৱৰ প্ৰচাৰ সম্পাদক প্ৰিয়ংকা পালিতে ভাগ লৈ সীমান্তৱৰ্তী অঞ্চলৰ যুৱক যুৱতী সকলৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ বাবে এনে ধৰণৰ প্ৰতিযোগিতাৰ আয়োজন কৰা হৈছে বুলি ব্যক্ত কৰে।
Trending
- এয়াৰটেলৰ ঠগ বিৰোধী যুঁজৰ ফলস্বৰূপে তেওঁলোকৰ গ্ৰাহকৰ আৰ্থিক ক্ষতিৰ পৰিমাণ ৭০% কমিছে
- Numaligarh Refinery Limited (NRL) Holds 32nd Annual General Meeting
- জ্যোতি চিত্ৰবনত সীমান্ত চেতনা মঞ্চৰ তিনিদিনীয়া ছ’ল তথ্য চলচ্ছিত্ৰ মহোৎসৱ
- চৰকাৰী আয়ুৰ্বেদিক মহাবিদ্যালয়ত কুইজ প্ৰতিযোগিতাৰ সামৰণি
- অসম ডনবস্ক’ বিশ্ববিদ্যালয় আৰু অসম অভিযান্ত্ৰিক মহাবিদ্যালয়ত বহনক্ষম উন্নয়ন লক্ষ্যৰ ওপৰত গৱেষণা সন্মিলন
- নিৰ্বাচনী পৰ্যৱেক্ষক ক্ষিতীশ চন্দ্ৰ পেগুৰ ভোটগ্ৰহণ কেন্দ্ৰ পৰিদৰ্শন
- বনকৰ্মীৰ পহৰাৰ সুবিধাৰ্থে ওৰাং ৰাষ্ট্ৰীয় উদ্যানলৈ ৪ খন অত্যাধুনিক নাওৰ যোগান এ এছ ডি এম এৰ
- বিশ্ব যুৱ মহোৎসৱত প্ৰতিভা প্ৰদৰ্শনৰ বাবে নিৰ্বাচিত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ৰ দুই শিক্ষাৰ্থী
- তামুলপুৰত দুৰ্গাপূজা সন্দৰ্ভত সভা-কাৰ্বন নিউট্ৰেল দুৰ্গাপূজাত প্ৰশাসনৰ গুৰুত্ব
- এইচডিএফচি বেংকে ১০,০০০ৰো অধিক অফাৰৰ সৈতে ইয়াৰ বাৰ্ষিক শ্বপিং বোনান্জা — ফেষ্টিভ ট্ৰিটছ ২০২৫ আৰম্ভ কৰিছে