২৫ গৰাকী কীৰ্তিমান উজলালে কলঙৰ পাৰ

0 226

আজি ঘোষিত অসম উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ফলাফল ঘোষনা কৰাৰ লগে লগেই নগাঁও জিলাত আনন্দৰ জোৱাৰ উঠা দেখা গৈছে। পূৰ্বৰ গৌৰৱ অক্ষুন্ন ৰাখি নগাঁৱৰ ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়ৰ -১৯ গৰাকী, কনচেপ্ট জুনিয়ৰ কলেজ – ২ গৰাকী, কলংপাৰ বিদ্যাপীঠ এগৰাকী, ৰেণেছাঁ কণিষ্ঠ মহাবিদ্যালয় এগৰাকী,
মাধৱদেৱ জুনিয়ৰ কলেজ -১,ভাৰতী বিদ্যাপীঠ -১ নগাঁৱক এক শৈক্ষিক নগৰীত পৰিণত কৰিছে।
 
 
জানিব পৰা মতে উচ্চতৰ মাধ্যমিক চূড়ান্ত ফলাফল  বিজ্ঞান শাখাত অসমৰ ভিতৰতে ২য় স্থান নেইমা ফিৰদুচী বৰভূঞা, কনচেপ্ট কনিষ্ঠ মহাবিদ্যালয় ৪ৰ্থ  সাগৰ গোৱালা, ৰামানুজন কনিষ্ঠ মহাবিদ্যালয়, ৫ম- আৰ্শীষ কুমাৰ গাৰ্গ, ৰামানুজন ,৬ষ্ঠ- ব্ৰিনজিৎ হাজৰিকা, ৰামানুজন, ৭ম- অম্লান জ্যোতি পেগু, ৰামানুজন, স্বনম গুণজ্ঞন বৰা, ৰামানুজন, নগাঁও, ৮ম – মনিৰুল ইছলাম , ৰামানুজন,নগাঁও, চিন্ময় নাথ, ৰামানুজন,নগাঁও, আমিচা সিং ৰামানুজন, হিমাঞ্জল বৰগোহাঞি,  ৯ম- উৎপলৰাজ কেম্প্ৰায়,  আৰু কলা শাখাত অসমৰ ভিতৰতে শ্ৰদ্ধা বৰগোহাঞি প্ৰথম হোৱাৰ উপৰিও ৩য়- পলি বৰা,কনচেপ্ট , প্ৰিয়াক্ষী বৰা, ৰামানুজন, নগাঁও, ৪ৰ্থ- জুলী বৈশ্য, ৰামানুজন, নগাঁও, ৫ম-কাবেৰী কুঞ্চ, ৰামানুজনৰ নগাঁও, ৬ষ্ঠ- হৰ্ষিতা বৰঠাকুৰ, কলংপাৰ কনিষ্ঠ মহাবিদ্যালয়, নগাঁও, ৭ম- উদিতা ঈশ্বানী কাকতি আৰু শতাব্দী পুজাৰী, ৰামানুজন নগাঁও, প্ৰিয়াংশী গোস্বামী,ৰেনেছাঁ জুনিয়ৰ কলেজে লাভ কৰিছে। একেদৰে বানিজ্য শাখাতো নগাঁও চৰকাৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ ছাত্র কাৰ্তিক ধাৱালে ৬ষ্ঠ স্থান লৈ গৌৰৱ কঢ়িয়াই আনিছে।
খবৰ যুগুতালে  নগাঁৱৰ পৰা ৰাহুল দেৱ বৰদলৈয়ে..

Leave A Reply

Your email address will not be published.