২৯ জুলাইত চিত্ৰগৃহলৈ নতুন অসমীয়া চলচ্চিত্ৰ উপসৰ্গ

0 208

বিউটিফুল লাইভছ নামৰ ছবিৰে অসমীয়া চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰা যুৱ পৰিচালক কংকন ডেকাই পৰিচালনা কৰা নতুন অসমীয়া চলচ্চিত্ৰ “উপসৰ্গ” অহা ২৯ জুলাইত মুক্তি লাভ কৰিব। কাৰ্ণেল ফিল্ম প্ৰডাকচনৰ বেনাৰত নিৰ্মিত উপসৰ্গৰ কাহিনী, চিত্ৰনাট্য, সংলাপ আৰু প্ৰযোজনাও কৰিছে কংকন ডেকাই।

টকা কাক নালাগে-এই টেগলাইন ব্যৱহাৰ কৰা উপসৰ্গৰ কাহিনীভাগ এনেধৰণৰ- কিংকৰ ওজা আৰু বেণ্ডপাৰ্টীৰ অনিল দুই বন্ধুৰ ধনী হোৱাৰ মন। কম দিনতে লাগে বহুত টকা। বোবা ৰাজেনে সিঁহতক সাংঘাটিক উপায় এটা দিলে। কিংকৰৰ মন ৰেণুক প্লেনটোত চামিল কৰোৱাৰ। কামৰ লগতে মনটোও ভাল লাগি থাকিব। পিছে এই প্লেনটোনো কি? কি ঘটনা-পৰিঘটনাৰ মাজেৰে যাব আটায়ে? এনে এক কাহিনীৰে নিৰ্মিত ছবিখনিৰ মূল চৰিত্ৰত অভিনয় কৰিছে ক্ৰমে- কিংকৰ নাথ, অনিল নাথ, ৰাজশ্ৰী শৰ্মা, চন্দন কাশ্যপ, নীলিমা ডেকা, ৰাহুল ডেকা, জগদিশ ডেকা আদি। মূলতঃ মংগলদৈ আৰু গুৱাহাটীত দৃশ্যগ্ৰহণ কৰা ছবিখনিৰ দৃশ্যগ্ৰহণ কৰিছে চিদা বৰাই। সংগীত পৰিচালনা সৌৰভ মহন্তৰ। ছবিখনিৰ একমাত্ৰ গীতটি অৰূপ বৰুৱাৰ। ধীৰাজ মজুমদাৰে সম্পাদনা কৰা উপসৰ্গৰ ডি আই কালাৰিষ্ট শ্যামল দাস। প্ৰচাৰৰ দায়িত্বত আছে অভিজিৎ লস্কৰ। উল্লেখ্য যে শুকুৰবাৰে গুৱাহাটী প্ৰেছ ক্লাবত এক সংবাদমেল সম্বােধন কৰি পৰিচালকগৰাকীয়ে অহা শুকুৰবাৰে অসমৰ প্ৰায়সমূহ চিত্ৰগৃহত ছবিখনি মুক্তি পাব বুলি জানিবলৈ দিয়ে।

Leave A Reply

Your email address will not be published.