২৯ মাৰ্চত ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব অষ্টম বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ

0 284

সামাজিক সাংস্কৃতিক অনুষ্ঠান ‘গতি অসমৰ উদ্যোগত অহা ২৯ মাৰ্চত গুৱাহাটীৰ ৰবীন্দ্ৰ ভৱনত অনুষ্ঠিত হ’ব অষ্টম বাৰ্ষিক ৰাজ্যিক শিশু সমাৰোহ। এই শিশু সমাৰোহৰ লগত সংগতি ৰাখি শিশু প্ৰতিভা বঁটা প্ৰদান কৰা হব । এই শিশু প্ৰতিভা বঁটাৰ বাবে সাহিত্য, সংগীত, নাটক, শিল্পকলা, খেল তথা অন্যান্য বিশেষ দিশত প্ৰতিভাসম্পন্ন শিশুসকলৰ পৰা আবেদন বিচৰা হৈছে।
বিশেষভাৱে সক্ষম শিশু সকলেও আবেদন কৰিব পাৰিব। ৬ বছৰৰ পৰা ১৬ বছৰৰ (২০২১ চনৰ ১ জানুৱাৰী) শিশু আৰু কিশোৰ-কিশোৰীসকলে অহা ১০ মাৰ্চৰ ভিতৰত পোৱাকৈ আবেদন জনাব লাগিব। আবেদনৰ লগত নিজৰ প্ৰতিভাৰ বিভিন্ন প্ৰমাণ পত্ৰ, ফটো, বিদ্যালয়ৰ পৰিচয় পত্ৰ, জন্মৰ প্ৰমাণ পত্ৰ সংলগ্ন কৰি দিব লাগিব। পূৰ্বে বঁটা লাভ কৰা শিশুসকলৰ আবেদন গ্ৰহণ কৰা নহয়।আবেদন পঠোৱাৰ ঠিকনা হৈছে – শিশু প্ৰতিভা বঁটাৰ বাবে, সম্পাদক, গতি অসম, ঘৰ নং : ৪৫, শান্তি পথ, জুৰোড তিনিআলি, গুৱাহাটী-২৪, ফোন নম্বৰত ৮৬৩৮৯২৬৫৩২, ৮১৩৩০০৭৫০১যোগাযোগ কৰিব পাৰিব।

Leave A Reply

Your email address will not be published.