অহা ৫ ডিচেম্বৰৰ পৰা ১২ ডিচেম্বৰলৈকে কলকাতাত অনুষ্ঠিত হ’বলগীয়া ২৯ সংখ্যক ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ’লৈ নিৰ্বাচিত হৈছে অসমৰ তথ্যচিত্ৰ ‘চেলেঞ্জ’। মহোৎসৱৰ ‘ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখা’লৈ নিৰ্বাচিত হৈছে ৰমেন বৰা আৰু শিৱাণু বৰা পৰিচালিত এই তথ্যচিত্ৰখন ।উল্লেখযোগ্য যে দেশৰ বিভিন্ন ৰাজ্যৰ পৰা প্ৰেৰণ কৰা তথ্যচিত্ৰসমূহৰ মাজৰ পৰা মুঠ ৮ খন তথ্যচিত্ৰই এই প্ৰতিযোগিতামূলক তথ্যচিত্ৰৰ শাখাৰ বাবে মহোৎসৱৰ অফিচিয়েল চিলেকছন লাভ কৰিছে।এই ৮ খন তথ্যচিত্ৰৰ মাজত অসমৰ একমাত্ৰ তথ্যচিত্ৰ হিচাপে নিৰ্বাচিত হৈছে ‘চেলেঞ্জ’ । ‘কামৰূপা ক্ৰিয়েছনচ’ৰ বেনাৰত নিৰ্মিত এই তথ্যচিত্ৰখন প্ৰযোজনা কৰিছে ভৰত কলিতাই।তথ্যচিত্ৰখনৰ চিত্ৰগ্ৰহণ কৰিছে হিতেন ঠাকুৰীয়াই । চিত্ৰনাট্য পূৰ্বাণী গোস্বামীৰ।ছবিখনৰ ছাউণ্ড ডিজাইন কৰিছে দেৱজিত চাংমাই আৰু অমৃত প্ৰীতমে।সম্পাদনা ৰমেন বৰাৰ। ডি আই কালাৰ ৰতন শীলৰ।তথ্যচিত্ৰখনৰ ধাৰাভাষ্য দিছে জীতেন্দ্ৰ ৰামপ্ৰকাশে।এগৰাকী চিত্ৰশিল্পী হিচাপে তথ্যচিত্ৰখনৰ বিশেষ কিছু মুহূৰ্ত অলংকৃত কৰিছে ৰবীন বাৰে।বিশেষভাবে সক্ষম এগৰাকী যুৱতীৰ জীৱন সংগ্ৰামৰ কাহিনীৰ লগতে এনেবোৰ সন্তানৰ জীৱন গঢ়াৰ ক্ষেত্ৰত মাতৃসকলৰ যি প্ৰত্যাহ্বানমূলক ভুমিকা জড়িত হৈ থাকে সেই বিষয়ক লৈ নিৰ্মাণ কৰা হৈছে ৩৬ মিণিট দৈৰ্ঘ্যৰ তথ্যচিত্ৰ চেলেঞ্জ । দেশৰ তৃতীয় সৰ্ববৃহৎ আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱ হিচাপে জনাজাত ‘কলকাতা আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱৰ ভাৰতীয় তথ্যচিত্ৰৰ প্ৰতিযোগিতা শাখা’লৈ ‘চেলেঞ্জ’ৰ উপৰি নিৰ্বাচিত হোৱা আন সাতখন তথ্যচিত্ৰ হৈছে সৌৰভ চাৰেংগীৰ ‘টাইগাৰ আৰ্মী’, বিন্দু নায়াৰৰ ‘ফ’ৰ্জ্ড ইন ফায়াৰ’, বিশাল পি চলিহাৰ ‘চামডে’, শুভ দাস মল্লিকৰ ‘নৱজাগৰণেৰ গান’, হাইদৰ খানৰ ‘লেংগুৰ’, অভিজিৎ চক্ৰৱৰ্তীৰ ‘চবৰ – অৰণ্যেৰ অন্ন কথা’ আৰু সুষমা মিলিন্দ কুভলেকাৰৰ ‘দ্য ডিভাইন হাৰ্ট’। পশ্চিমবংগ চৰকাৰৰ তথ্য আৰু সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ দ্বাৰা আয়োজিত এই মহোৎসৱত ভাৰতীয় প্ৰীমিয়াৰ হিচাপেও প্ৰদৰ্শিত হ’ব চেলেঞ্জ।
Trending
- চিত্ৰগৃহত সগৌৰৱে চলিছে ৰঙাটাপু-১৯৮২-মুক্তিৰ তিনিদিনত ৩৮ লাখ টকাৰ ব্যৱসায়ঃ দৰ্শনীৰ সংখ্যা দুগুণ বৃদ্ধি
- গুৱাহাটী উচ্চ ন্যায়ালয়ৰ উদ্যোগত ‘সংবিধান দিৱস’ পালন
- কাঁহিকুছিত বিজেপিৰ গুৱাহাটী বিমানকোঠ মণ্ডলৰ মূখ্য কাৰ্যালয় মুকলি -লোকসভা নিৰ্বাচনক লৈ তৎপৰতা আৰম্ভ
- কামৰূপ মহানগৰ জিলা প্ৰশাসনৰ উদ্যোগত লাচিত দিৱস পালন
- পলাশবাৰী ৰাস মহোৎসৱৰ মহাৰজত জয়ন্তী -উদ্বোধন কৰিব অসম সাহিত্য সভাৰ সভাপতি ড০ সূৰ্য কান্ত হাজৰিকাই
- শ্ৰমিক কল্যাণ দিৱস উদযাপন
- দুদিনীয়া অসম ভ্ৰমণত অসমৰ মহিলা আত্মসহায়ক গোটৰ পৰিৱৰ্তনশীল ভূমিকাৰ শলাগ ল’লে প্ৰধানমন্ত্ৰীৰ অতিৰিক্ত সচিব হৰি ৰঞ্জন ৰাৱে
- কাজিৰঙা নিউজ নেটৱৰ্কৰ বিংশতিতম প্ৰতিষ্ঠা দিৱস পালন
- গোৱা ইণ্ডিয়ান পেনোৰমাত পাৰ্থ সাৰথি মহন্তৰ লাচিত: দ্য ৱাৰিয়ৰৰ প্ৰদৰ্শন
- ইউনিচেফ অসমৰ বিষয়ববীয়াৰ সৈতে বৈঠকত বানাক্ৰান্ত অঞ্চলৰ শিশুৰ সৈতে মত বিনিময় বনমন্ত্ৰী পাটোৱাৰীৰ