নামনি অসমৰ অন্যতম প্ৰাচীন ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ এইবেলি ৮৬ সংখ্যক বাৰৰ বাবে অনুষ্ঠিত হ’ব। অহা ২৬ নৱেম্বৰৰ পৰা তেৰদিনীয়া বৰ্ণাঢ্য আৰু বিস্তৃত কাৰ্যসূচীৰে হবলগীয়া ৰাস মহোৎসৱৰ কাম-কাজ শৃংখলাবদ্ধতাৰে আগুৱাই নিবলৈ কালি ৰাস মহোৎসৱস্থলীৰ সমীপতে এটা অস্থায়ী কাৰ্যালয় উদ্বোধন কৰা হয়।কাৰ্যালয়টো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে শ্ৰীশ্ৰী খিদিৰপুখুৰী সত্ৰৰ সত্ৰাধিকাৰ প্ৰণৱানন্দ গোস্বামীয়ে। তদুপৰি ৰাস মহোৎসৱ উপলক্ষে আয়োজন কৰা উপহাৰ কুপন খেলখনৰো টিকট অস্থায়ী কাৰ্যালয়তে মুকলি কৰা হয়। উপহাৰ কুপনৰ টিকট দ্বৈতভাৱে মুকলি কৰে ৰামপুৰৰ সমাজহিতৈষী প্ৰভাষ চন্দ্ৰ চৌধুৰী আৰু ছয়গাঁৱৰ সামাজিক কৰ্মী প্ৰদীপ দাসে। এই উপলক্ষে আয়োজিত সভাখনত সভাপতিত্ব কৰে ৮৬ সংখ্যক ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ উদযাপন সমিতিৰ সভাপতি দেৱজিৎ দাসে। উদযাপন সমিতিৰ অগ্ৰণী কৰ্মকৰ্তা মুকুট কলিতা আৰু অসীম দাসে আঁত ধৰা সভাখনত নাট্যকাৰ ভাৰত দাসে গৌৰৱোজ্জ্বল ৰামপুৰ আঞ্চলিক ৰাস মহোৎসৱ সফল কৰিবলৈ অঞ্চলৰ প্ৰতিটো পৰিয়াল দায়বদ্ধ হোৱাটো প্ৰয়োজন বুলি মতপোষণ কৰে। আনহাতে, সভাখনত বক্তব্য ৰাখি জ্যেষ্ঠ সাংবাদিক বিমল শৰ্মাই যিসকল মহানুভৱ আৰু ধৰ্মপ্ৰাণ ব্যক্তিৰ ঐকান্তিক প্ৰচেষ্টাত প্ৰাক-স্বাধীনতা কালতে ৰামপুৰত শ্ৰীকৃষ্ণৰ ভক্তি মাৰ্গ প্ৰচাৰৰ বাবে ৰাসোৎসৱৰ আয়োজন সম্ভৱ হৈ উঠিছিল,তেওঁলোকক কৃতজ্ঞতাৰে স্মৰণ কৰে। সভাখনত প্ৰভাষ চন্দ্ৰ চৌধুৰী, ৰামপ্ৰসাদ দাস আদি কেইবাগৰাকীও জ্যেষ্ঠ নাগৰিকেও চমুকৈ শুভেচ্ছামূলক ভাষণ দিয়ে। ৰাস মহোৎসৱ উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি কমল দাস, সাধাৰণ সম্পাদক অপূৰ্ব দাস, জ্যেষ্ঠ কৰ্মকৰ্তা দীনেশ দাস, ধীৰেন মজুমদাৰ, প্ৰসন্ন দাস, দ্বীজেন মহন্ত, ত্ৰিৰংগ শৰ্মা, বিমল কলিতাকে ধৰি শতাধিক ধৰ্মপ্ৰাণ ৰাইজৰ উপস্থিতিত হোৱা সভাখনত যথেষ্টসংখ্যক উপহাৰ কুপনৰ টিকট বিক্ৰী কৰা হয়।
Trending
- Brahmaputra Conclave on Balancing Development and Ecology Held in Guwahati
- ৰাণীৰ এলিফেণ্ট কৰিডৰত হাতীৰ সুৰক্ষামূলক ফলক স্থাপন
- গুৱহাটী বিশ্ববিদ্যালয় এন এছ এছ কোষৰ উদ্যোগত বন মহোৎসৱ পালন
- গুৱাহাটীত ৩২তম অসম ৰাজ্যিক একুৱেটিক চেম্পিয়নশ্বিপ
- KARGIL MARTYR CAPT JINTU GOGOI, VrC REMEMBERED ON 26th MARTYRDOM DAY
- সম্পূৰ্ণ বিদ্যুৎচালিত ব্যৱস্থাৰে ডিব্ৰুগড়লৈ চলাচল কৰিছে ৰাজধানী এক্সপ্ৰেছ
- সৰ্বভাৰতীয় পৰ্যায়ত উজলি উঠিছে তামুলপুৰ উন্নয়ন খণ্ড-দেশৰ ৫০০টা উন্নয়ন খণ্ডৰ ভিতৰত প্ৰথম স্থান
- মালামাল বয়জৰ ট্ৰেইলাৰ মুকলি- মুক্তিপূৰ্বেই ব্যাপক চৰ্চা
- আন্তৰ্জাতিক ড্ৰাগছ অপব্যৱহাৰ আৰু অবৈধ সৰবৰাহ বিৰোধী দিৱস
- কাঁহিকুছিৰ উদ্যান শস্য গবেষণা কেন্দ্ৰৰ তত্বাবধানত পার্থেনিয়াম সজাগতা অভিযান