চলিত বৰ্ষৰ অন্ত পৰিবলৈ মাজত আৰু মাত্ৰ ২৬টা দিন৷এটা নতুন বছৰৰ সন্মুখত এই দিনকেইটা সকলোৰে বাবে ব্যস্ততাৰে ভৰা। বিভিন্ন উৎসৱ-অনুষ্ঠানৰ উপৰি এয়া বনভোজৰ আনন্দ উপভোগৰ সময়। সেয়ে এইসময়ত সকলো শ্ৰেণীৰ লোকৰ ক্ষেত্ৰতে যানবাহন ব্যৱহাৰো অধিক হয় ৷ ইফালে জাৰকালিৰ সময়চোৱাত নিশাৰ ভাগত কুঁৱলীৰ ডাঠ আচ্ছাদন পৰিবলৈ ধৰাত বাহন চলোৱাটো কঠিন, কষ্টকৰ হৈ পৰে । ফলত বছৰটোৰ এনেকুৱা সময়তে পথ-দুৰ্ঘটনা আৰু দুৰ্ঘটনাত আহত-নিহতৰ সংখ্যায়ো সাধাৰণতে বৃদ্ধি পায়। সেয়ে বাহনৰ হৰ্ণ, চকা, লাইট আদিৰ উপৰি অনান্য যন্ত্ৰপাতি পৰীক্ষা কৰাৰ লগতে বাহনৰ নথিপত্ৰৰ পৰীক্ষা আৰু নৱীকৰণ কৰাটো অত্যন্ত প্ৰয়োজন। যান্ত্ৰিক বিজুটি থাকিলে বাহন এখন চলোৱাটো যিদৰে অসম্ভৱ, সেইদৰে সঠিক নথিপত্ৰ নাথাকিলে বাহনখন নিৰ্ভয় আৰু সুৰক্ষিতভাৱে চলোৱা অসম্ভৱ। বাহনৰ এই নথিপত্ৰসমূহ আচলতে মানুহৰ জীৱন কুণ্ডলীৰ দৰে। সেয়ে এটা নতুন বছৰৰ সন্মুখত অৰ্থাৎ আগন্তুক ৩১ডিচেম্বৰৰ ভিতৰত আপোনাৰ যানবাহনৰ নথিপত্ৰসমূহ পৰীক্ষা আৰু নৱীকৰণ কৰক ৷ যদিহে আপুনি সময়মতে যানবাহনৰ কৰ আদায় দিয়া নাই তেন্তে বকেয়াসহ যাৱতীয় সকলো কৰ অনতিপলমে আদায় দিয়ক। এই বিনম্ৰ আহ্বান অসম চৰকাৰৰ পৰিবহণ বিভাগৰ বিশেষ কতৰ্ব্যৰত বিষয়া আৰু কামৰূপ মহানগৰ জিলাৰ অতিৰিক্ত দায়িত্ববাহী জিলা পৰিবহণ বিষয়া গৌতম দাসৰ ৷ তেওঁ কয় যে নতুন-পুৰণি দুটা বছৰৰ এই ব্যস্ততাময় সময় আৰু নিশা হলেই কুঁৱলীৰ ডাঠ আচ্ছাদনে সন্মুখৰ পথ মনিব নোৱাৰা হোৱা বিপজ্জনকভাৱে অৱস্থাত কোনো পথ-দুৰ্ঘটনাই যাতে কাৰো জীৱনলৈকে বিষাদ কঢ়িয়াই আনিব নোৱাৰে, বৰঞ্চ পথত সকলোৱে যাতে সুৰক্ষিতভাৱে যাতায়াত কৰিব পাৰে তাৰবাবে বিভিন্ন বিভাগসমূহৰ সহযোগত পথ-সুৰক্ষা বজাই ৰাখিবলৈ পৰিবহণ বিভাগে পাৰ্যমানে প্ৰচেষ্টা চলাইছে । ব্যক্তিগত বাহনকে ধৰি বিশেষকৈ বাণিজ্যিক তথা বহুজাতিক উদ্যোগ-প্ৰতিষ্ঠান, নিৰ্মাণ সংস্থা আদিত ব্যৱহৃত সঠিক নথিপত্ৰ নোহোৱা কোনো বাহনে যাতে পথ-সুৰক্ষা বিনষ্ট কৰিব নোৱাৰে তাৰ বাবে সতৰ্ক দৃষ্টি ৰাখিছে পৰিবহণ বিভাগে। এইক্ষেত্ৰত পৰিবহণৰ বিশেষ কতৰ্ব্যৰত বিষয়া গৰাকীয়ে অতি বিনম্ৰতাৰে আহ্বান জনায় কয় যে, বাহনৰ গৰাকীয়ে অনতিপলমে নিজৰ ঘৰতে বহিয়ে অনলাইনযোগে বাহনৰ নথি-পত্ৰসমূহ সঠিক কৰি লওক ৷ প্ৰয়োজন হ’লে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়লৈ আহি হ’লেও নিজৰ বাহনখন পথত চলাচলৰ বাবে বৈধ কৰি ৰখাৰ স্বাৰ্থত বকেয়াসহ যাৱতীয় সকলো কৰ পৰিশোধ কৰি লওক। চালকৰ বাহন চালনাৰ অনুজ্ঞাপত্ৰ, ফিটনেছ, পাৰ্মিট, প্ৰদূষণমুক্তকে ধৰি সকলো নথিপত্ৰ সঠিক হৈ থকা বাহনহে পথত সকলোৰে বাবে সুৰক্ষিত বুলিও গুৰুত্বপূৰ্ণ মন্তব্য কৰে পৰিবহণৰ উচ্চপদস্থ বিষয়াগৰাকীয়ে ৷
Trending
- অমৃত ভাৰত আঁচনিৰ অধীনত নতুন ৰূপত মধ্য অসমৰ হয়বৰগাওঁ ৰেলৱে ষ্টেচন – ২২ মে’ত ভিডিঅ কনফাৰেৰেন্সি যোগে উদ্ধোধন কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে
- ঐতিহ্যমণ্ডিত ডিব্ৰুগড় চহৰক বিকাশৰ ৰূপান্তৰৰ জৰিয়তে আটকধুনীয়াকৈ সুসজ্জিত কৰাৰ পোষকতা কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ
- বাৰিষাৰ প্ৰতিকূল পৰিস্থিতিত যান-বাহন ব্যৱহাৰকাৰীলৈ সতৰ্কবাণী পৰিবহণ বিভাগৰ
- সাংস্কৃতিক বিভাগৰ অধীনৰ বিভিন্ন বিষয়ৰ সন্দৰ্ভত সাংস্কৃতিক মন্ত্রী বিমল বড়াৰ অধ্যক্ষতাত বৈঠক
- Northeast’s Maritime Future Brightens: Union Minister Announces ₹1,500 Crore Investment in Waterway Projects
- খানামুখত পৰীক্ষিত হালৈৰ প্ৰবন্ধ সংকলন ভিন্নসুৰী উন্মোচন
- Celebration of National Technology Day 2025 at DRL-DRDO, Tezpur
- ৰাজ্যৰ বান ব্যৱস্থাপনা প্ৰস্তুতি সম্পৰ্কত পৰ্যালোচনা কৰিলে অসমৰ মুখ্য সচিবে
- ভাৰতীয় সেনা-পৰিয়ালৰ অসামান্য সেৱাৰ প্ৰতি সন্মান জনাই পৰিবহণৰ বিশেষ জনসেৱা কাৰ্যসূচী আৰম্ভ
- এয়াৰটেলে বিশ্বৰ জালিয়াতি ধৰা পেলোৱা সমাধান মুকলি কৰে