কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ গুৱাহাটীৰ পশ্চিম প্ৰান্তৰ ৰাণীস্থিত ১৭৫ চি.আৰ.পি.এফ বেটেলিয়ানৰ কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাক শেহতীয়াকৈ উত্তৰ প্ৰদেশলৈ বদলি কৰা হৈছে। এই উপলক্ষে ৰাণীস্থিত ১৭৫ চি. আৰ.পি.এফ বেটেলিয়ানৰ মুখ্য কাৰ্যালয় চৌহদত যোৱা নিশা অনুষ্ঠিত এক অনুষ্ঠানত কমাণ্ডেণ্ট সুভাষ চন্দ্ৰ শৰ্মাক বিদায় সম্বৰ্ধনা জনোৱা হয়। বাহিনীটোৰ ডেপুটী কমাণ্ডেণ্ট ৰবি শ্ৰীবাস্তব, সঞ্জয় কুমাৰ ৱালাং, মুখ্য চিকিৎসা বিষয়া ডাঃ দীপ্তি বুৰলেকে ধৰি উপস্থিত বিষয়া-জোৱান সকলে তেওঁক গামোছা, ফুলৰ থোপাৰে সম্বৰ্ধনা জনোৱাৰ লগতে সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰে। আনহাতে সম্বৰ্ধনাৰ অনুষ্ঠানত কমাণ্ডেণ্ট শৰ্মাই ২০১৯ চনৰ জুলাই মাহত ৰাণীত কমাণ্ডেণ্ট হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰাৰ পাছত বিগত প্ৰায় ৩ বছৰ ৪ মাহত সহকৰ্মী বিষয়া-জোৱান সকলৰ পৰা লাভ কৰা সহায় – সহযোগিতাৰ কথা সদায় চিৰদিন শ্ৰদ্ধাৰে স্মৰণ কৰিব বুলি সদৰি কৰে। অনুষ্ঠানৰ লগত সংগতি ৰাখি বিদায়ী কমাণ্ডেণ্টৰ সন্মানাৰ্থে এক বৰাখানাৰ আয়োজন কৰা হয়। উল্লেখযোগ্য যে সুভাষ চন্দ্ৰ শৰ্মাৰ স্থানত বাহিনীটোৰ নতুন দিল্লীস্থিত মুখ্য কাৰ্যালয়ে কমাণ্ডেণ্ট ৰবি কুমাৰ ঝাঁক নিযুক্তি দিছে আৰু তেওঁ অহা ২৩ নৱেম্বৰত দায়িত্বভাৰ গ্ৰহণ কৰিব।
Trending
- National Science Centre, Guwahati Celebrated International Museum Day 2026 with Inauguration of Orchid and Cactus Garden
- NSE Commences Trading in Electronic Gold Receipts (EGRs)
- সাতমাইলত ৰামধেনু সাংস্কৃতিক গোষ্ঠীৰ উদ্যোগত বহাগী উৎসৱ উদযাপন
- অসম মহিলা অভিযন্তা সংস্থাৰ উদ্যোগত গোপাল বড়ো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত কাৰিকৰী আৰু ব্যৱহাৰিক শিক্ষাৰ প্ৰয়োজনীয়তা শীৰ্ষক সজাগতা সভা
- CM Dr. Sarma inaugurates Digital and AI powered bank branch of Slice Small Finance Bank in Guwahati
- Assam Governor administers oath of office to Chandra Mohan Patowary as Pro-tem speaker
- ৰাষ্ট্ৰীয় ডেংগু দিৱস: ভাৰতৰ নগৰসমূহ ডেংগুৰ হটস্পটত পৰিণত হোৱাৰ আশংকা
- মুখ্যমন্ত্ৰীৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা অসম চৰকাৰৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ
- কলাক্ষেত্ৰৰ অসম ভিত্তিক নাট প্ৰতিযোগিতা সফল সামৰণি
- জাপানী প্ৰতিনিধি দলৰ ৰাণীৰ কাঠফুলা উৎপাদন আৰু প্ৰশিক্ষণ প্ৰদান কৰা লাভলি হুড আশ্ৰম পৰিদৰ্শন