সমগ্ৰ দেশৰ লগতে শিৱসাগৰতো স্বামী বিবেকানন্দৰ ওপজা দিনটো ৰাষ্ট্ৰীয় যুৱ দিৱস হিচাপে শিৱসাগৰৰ সমীপৰ চেৰেকাপাৰ উচ্চ মাধ্যমিক বিদ্যালয়ৰ খেল পথাৰত উলহে মালহে উদযাপন কৰে ৷ বন্তি প্ৰজ্বলনেৰে দিৱসটিৰ শুভাৰম্ভ কৰে উপায়ুক্ত ডা: এম এচ লক্ষ্মীপ্ৰিয়াই ৷ উপায়ুক্ত গৰাকীয়ে ৰাষ্ট্ৰীয় যুৱ দিৱসৰ লগত সংগতি ৰাখি “খেল শিৱসাগৰ খেল”ৰ ২৭ টা প্ৰতিযোগিতাৰ ভিতৰত অন্যতম আৰ্চাৰীৰ চূড়ান্ত প্ৰতিযোগিতাখনিও অনুষ্ঠিত কৰাত আনন্দ প্ৰকাশ কৰে ৷ প্ৰতিযোগিতাখনি উদ্বোধন কৰি তেখেতে কয় যে ক্ৰীড়াৰ ক্ষেত্ৰত শিৱসাগৰ জিলাৰ এক ঐতিহ্য আছে, যি ঐতিহ্যই নৱ প্ৰজন্মক সদায়ে উৎসাহিত কৰি আহিছে ৷ “খেল শিৱসাগৰ খেল”ৰ ব্ৰেণ্ড এম্বেচাদৰ ভোগেশ্বৰ বৰুৱা এই দিৱসত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি কয় যে মনোযোগিতা, অধ্যৱসায় আৰু নিয়মিত অনুশীলনৰ মাধ্যমেৰে আমাৰ উঠি অহা খেলুৱৈ তথা যুৱচামে ৰাষ্ট্ৰীয় আৰু আন্তৰাষ্ট্ৰীয় পৰ্যায়ত উজলি উঠিবলৈ সক্ষম হ’ব ৷ শিৱসাগৰ মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ তথা শিৱসাগৰ বিবেকানন্দ কেন্দ্ৰৰ প্ৰভাৰী ড’ প্ৰকাশ কটকী নিমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থাকি ৰাষ্ট্ৰীয় যুৱ দিৱসৰ তাৎপৰ্য বাখ্যা কৰাৰ লগতে স্বামী বিবেকানন্দৰ জীৱন পৰিক্ৰমাৰ ওপৰত গভীৰভাৱে আলোকপাত কৰে আৰু ছাত্ৰ- ছাত্ৰী তথা খেলুৱৈ সকলক তেখেতৰ আদৰ্শৰে উদ্বুদ্ধ হ’বলৈ আহ্বান জনায় ৷ স্বামী বিবেকানন্দই যুৱচামক নিজৰ জীৱনকালত কৰণীয়খিনি কিদৰে প্ৰণালীবদ্ধ ভাবে কৰি গ’লে সফলতা অৰ্জন কৰিব পাৰি সেই বিষয়েও তেখেতে উল্লেখ কৰে ৷খবৰ যুগুতালে শিৱসাগৰৰ পৰা দিল্লিস্তান খানে..
Trending
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা
- সদৌ অসম সাংবাদিক সন্থা(আজু)ৰ নগাঁও জিলা সমিতিৰ জিলা আয়ুক্ত দেৱাশীষ শৰ্মাক সম্বৰ্ধনা
- তামুলপুৰত লোন মেলা সম্পন্ন
- মালিগাঁৱত ৰে’লৱেৰ এছচি আৰু এছ টি এম্পলয়িজ এছ’চিয়েচনৰ গ্ৰীষ্মকালীন শিবিৰৰ সামৰণি
- মিডিয়া এছ’চিয়েছন, অসমৰ উদ্যোগত মহীৰূহ সাংবাদিক কনকসেন ডেকাৰ ৯৩ সংখ্যক জন্ম জয়ন্তী পালন
- ডং বান্ধ সন্দৰ্ভত মন্ত্ৰী অশোক সিংহলৰ গুৰুত্বপূর্ণ সভা-ডাঃ ৰবি বড়ো অসামৰিক চিকিৎসালয়ত মন্ত্ৰী অশোক সিংহলৰ আকস্মিক পৰিদৰ্শন
- গুৱাহাটীত সপ্তাহজোৰা অসামৰিক প্ৰশিক্ষণ কাৰ্যসূচীৰ সামৰণি
- কাঁহিকুছিস্থিত গোলাপ বৰবৰা ৰাজ্যিক পঞ্চায়ত আৰু গ্ৰামোন্নয়ন প্ৰতিষ্ঠানত আয়োজিত পঞ্চায়তৰ সভাপতি সকলৰ প্ৰশিক্ষণ কাৰ্যসূচী মুকলি কৰিলে ৰাজ্য চৰকাৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন আদি বিভাগৰ মন্ত্ৰী ৰণজিৎ কুমাৰ দাসে
- এইচ ডি এফ চি বেংক ‘পৰিৱৰ্তনে দক্ষতা বিকাশ আৰু জীৱিকা প্ৰসাৰ কাৰ্যসূচীৰ অধীনত ৭.২ লাখৰো অধিক যুৱক-যুৱতীক প্ৰশিক্ষণ প্রদান