ৱাণ্ডাৰ কেলেণ্ডাৰ উদ্ভাৱন কৰি চৰ্চালৈ অহা ব্যক্তিজন

0 283

৫০০০ বছৰৰ এখন কেলেণ্ডাৰ প্ৰস্তুত কৰি চৰ্চালৈ আহিছে এজন বিশেষ ব্যক্তি।ব্যক্তি জনৰ নাম মদন মোহন নাথ ৰায়।ঘৰ বিজনীৰ বিষ্ণুপুৰত।
তেখেতে প্ৰস্তুত কৰা কেলেণ্ডাৰৰ দৈৰ্ঘ্য হ’ল ৬ৰ পৰা ৯ ইঞ্চি ।এই কেলেণ্ডাৰৰ আৰ্হিয়ে আঞ্চলিক বিজ্ঞান কেন্দ্ৰত অনুষ্ঠিত হোৱা উদ্ভাৱন মহোৎসৱত বেচ সমাদৰ লাভ কৰিছে।
কেলেণ্ডাৰ খনত কি আছে?
কেলেণ্ডাৰ খনৰ বিশেষত্ব হ’ল যে কেলেণ্ডাৰ খন এটা পাততে ৫০০০ চনলৈ সন্নিৱিষ্ট আছে।কেলেণ্ডাৰখনক আঞ্চলিক বিজ্ঞান কেন্দ্ৰ গুৱাহাটীয়ে ৱাণ্ডাৰ কেলেণ্ডাৰ নামেৰে নামাকৰণ কৰিছে।
কেলেণ্ডাৰ খন কেতিয়া প্ৰস্তুত কৰিছিল?
কেলেণ্ডাৰ খন ১৯৮৫চনতে প্ৰস্তুত কৰিছিল।অৱশ্যে তেতিয়া কেলেণ্ডাৰ খনত ৫০০০ বছৰলৈ সন্নিৱিষ্ট নাছিল।সম্প্ৰতি কেলেণ্ডাৰখনৰ বৰ্ষ সম্প্ৰসাৰণ হৈছে।
মোহন নাথ ৰায়ে ইতিমধ্যে কেলেণ্ডাৰখন বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ত প্ৰদৰ্শিত কৰিছে।বহু গ্ৰাহকে ক্ৰয় কৰিছে-এই মন্তব্য মদন মোহন নাথ ৰায়ৰ।
উদ্ভাৱনৰ জৰিয়তে সমাজলৈ ন মাত্ৰা প্ৰদান কৰা মদন মোহন নাথ ৰায়ক এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা জনালো অলেখ শুভকামনা।

Leave A Reply

Your email address will not be published.