Covid19 চিকিৎসালয় নিৰ্মাণৰ অৰ্থে ভূমি দান কৰাৰ আগ্ৰহী কলিয়াবৰৰ ব্যৱসায়ী

0 286

স্বাস্থ্য মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই অসমত ক’ৰণা ভাইৰাছত আক্ৰান্ত হোৱা ৰোগী সকলৰ চিকিৎসাৰ বাবে ৫খন অস্থায়ী চিকিৎসালয় নিৰ্মাণ কৰা হ’ব ঘোষণা কৰাৰ পিছতেই ১০বিঘা মাটি ভূমি দান কৰিবলৈ আগ্ৰহ প্ৰকাশ কৰিছে কলিয়াবৰৰ এজন ব্যক্তিয়ে।
 
 
 
কলিয়াবৰৰ কৃষ্ণ মহন্ত নামৰ ব্যৱসায়ী জনে স্বাস্থ্যমন্ত্ৰীলৈ লিখা এখন পত্ৰত এই আগ্ৰহ ব্যক্ত কৰিছে ।পত্ৰখনত উল্লেখ কৰা অনুসৰি বিশ্ব মানৱ জাতিৰ এই সংকটৰ সময়ত স্বাস্থ্য মন্ত্ৰী গৰাকীয়ে গ্ৰহণ কৰা ভূমিকাক শলাগ লৈছে।covid19 চিকিৎসাৰ বাবে চিকিৎসালয় নিৰ্মাণৰ বাবে ভূমি আগবঢ়োৱা কথা ব্যক্ত কৰে ।উল্লেখযোগ্য যে কৃষ্ণ মহন্ত এগৰাকী প্ৰতিষ্ঠিত ব্যৱসায়ী ।

Leave A Reply

Your email address will not be published.