ICSE-ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাত দেশৰ ভিতৰত শীৰ্ষ স্থান লাভ কৰিলে অসমৰ অস্মিতাই

0 706

সদ্য ঘোষিত ইণ্ডিয়ান চাৰ্টিফিকেট অৱ ছেকেণ্ডেৰী এডুকেশ্যন চমুকৈ ICSE-ৰ দ্বাদশ শ্ৰেণীৰ পৰীক্ষাৰ ফলাফলত দেশৰ ভিতৰতে শীৰ্ষ স্থান অধিকাৰ কৰি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে বিশ্বনাথৰ অস্মিতা কাকতিয়ে।বিশ্বনাথ জিলাৰ বৰগাং চাহ বাগিচাৰ জ্যেষ্ঠ পৰিচালক জ্যোতিৰ্ময় কাকতি আৰু নৱনিতা কাকতিৰ কন্যা অস্মিতাই ICSE-ৰ দ্বাদশ শ্ৰেণীৰ কলা শাখা (Humanity)ৰ পৰীক্ষাত ৯৯.৭৫ শতাংশ নম্বৰ লাভ কৰি দেশৰ ভিতৰত শীৰ্ষ স্থান অধিকাৰ কৰে।
শোণিতপুৰ জিলাৰ বালিপাৰাৰ অসম ভেলী স্কুলৰ ছাত্ৰী অস্মিতাই তিনিটা বিষয় (বুৰঞ্জী, মনোবিজ্ঞান আৰু সমাজ বিজ্ঞান)-ত ১০০ নম্বৰ লাভ কৰাৰ লগতে ইংৰাজী আৰু ৰাজনীতি বিজ্ঞান বিষয়ত ক্ৰমে ৯৯ আৰু ৯৫ নম্বৰ লাভ কৰিবলৈ সক্ষম হয়।উল্লেখযোগ্য যে মেধাৱী ছাত্ৰী গৰাকীয়ে ইয়াৰ পূৰ্বে ১০ দশম শ্ৰণীৰ পৰীক্ষাতো ৯৭.২০ শতাংশ নম্বৰ লাভ কৰি উত্তৰ-পূবৰ ভিতৰত তৃতীয় স্থান অধিকাৰ কৰিবলৈ সক্ষম হৈছিল।পঢ়া-শুনাৰ উপৰি সংগীতৰ প্ৰতি বিশেষ ৰাপ থকা অস্মিতাই ভ্যৱিষ্যতে দিল্লী বিশ্ববিদ্যালয়ৰ পৰা বুৰঞ্জীত মেজৰ লৈ পঢ়াৰ পৰিকল্পনা কৰিছে।

Leave A Reply

Your email address will not be published.