Mrs. North East ৰ খিতাপ অসমৰ বোৱাৰীলৈ

0 355

সফলতাৰ শিখৰত আৰোহণ কৰিবলৈ সকলোৱে বিচাৰে! কিন্তু আপুনি, মই ভবাৰ দৰে সফলতাৰ লাভৰ পথটো মৃশন নে? হ’ব পাৰে বহুতে অতি সহজতে মনে ভবা ধৰণে সফলতা পায়। কিন্তু একাংশই অতি কষ্টৰে সময়, পৰিস্থিতি, সমাজ ব্যৱস্থাৰ লগত যুজঁ বাগৰ কৰিহে সফলতাৰ মূখ দেখিবলৈ সক্ষম হয়। আজি তেনে এগৰাকী নাৰীৰ জীৱন সংগ্ৰামৰ কাহিনীয়ে প্ৰস্তুত কৰা এই লেখা আপোনালৈ আগবঢ়ালো।

2

মনত যদি দৃঢ়তা থাকে, আত্মবিশ্বাস থাকে কোনো অপশক্তিয়ে তলাব নোৱাৰে। আজিৰ লেখাৰ নায়িকাই জীৱন পথৰ প্ৰতিখোজতে প্ৰতিটো পলতে দি গৈছিল একো একোটা পৰীক্ষা। কাৰণ তেওঁ এগৰাকী নাৰী আছিল হয়তো কাৰোবাৰ বোৱাৰী, কাৰোবাৰ পত্নী। আচলতে আমাৰ সমাজ ব্যৱস্থাত আজিও আঁতৰা নাই সেই এলান্ধুকলীয়া বিশ্বাস তথা সমালোচনা। সেয়ে এই বিশেষ নাৰী গৰাকীৰ টেলিফোনিক সাক্ষাৎকাৰত কৰাত শুনা গ’ল এনেধৰণৰ কিছু কথা- সমালোচনা হ’লেহে আগুৱাই যাব পাৰি। কিন্তু তাৰ বাবে লাগিব মানসিক দৃঢ়তা। কাৰোবাৰ বোৱাৰী হ’লো বুলিয়েই সকলো শেষ নহয়। সেয়েহে মই আগবাঢ়িছিলো মনৰ আত্মবিশ্বাসক ৰাখি।

এই বিশেষ নাৰী গৰাকী কোন জানেনে? তেখেত বনস্মিতা সন্দিকৈ। যোৰহাট মৰিয়ণীৰ নতুন মাটিৰ বাসিন্দা। পেছাত এগৰাকী ভূগোল বিষয়ৰ শিক্ষয়ত্ৰী। তেখেত ২৫ এপ্ৰিলত দিল্লীত অনুষ্ঠিত হোৱা এক সৌনদৰ্য্য প্ৰতিযোগিতাত Mrs. NorthEast ৰ খিতাপ অৰ্জন কৰিবলৈ সক্ষম হৈছে। সক্ষম হৈছে অসমলৈ গৌৰৱ কঢ়িয়াবলৈ।

1

 জানিব বিচাৰিছিলো বনস্মিতাৰ পৰা কিদৰে গ্লেমাৰ পৃথিৱীত পৰ্দাপণ কৰিবলৈ সক্ষম হল। উত্তৰত জানিবলৈ দিলে এনেদৰে সৰুৰে পৰা বিহু কুঁৱৰী স্থান লাভ কৰিছিলো বিহু নাচিছিলো, লগতে  Semi Classical Dance কৰিছিলো। এক কথা কবলৈ গ’লে গ্লেমাৰ দুনীয়া প্ৰতি আকৰ্ষণ সৰুৰে পৰাই আছিল । ইয়াৰ পূৰ্বে Mrs. Home Maker ত অংশগ্ৰহণ কৰিছিল আৰু তাত বহুতো অভিজ্ঞতা হৈছিল। আন হাতে শেহতীয়া কৈ মই Mrs. Northeast  খিতাপ অৰ্জন কৰিবলৈ সক্ষম হলো। সেয়েহে খুবেই আনন্দিত। মই বহুত কষ্ট কৰিছিলো পৰিশ্ৰম কৰিছিলো আৰু যাৰ আপাহতে এই খিতাপ পাবলৈ সক্ষম হ’লো।

বনস্মিতা সন্দিকৈৰ এই জয় যাত্ৰা অব্যাহত থাকক, নাৰী শক্তিৰ পথ প্ৰদৰ্শক হওক আমাৰ বহু শুভকামনা থাকিল।

 

Leave A Reply

Your email address will not be published.