কেইবিধমান Sweet Dessert

0 356

অসমীয়াত  যিদৰে Sweet Dessert বুলি ক’লে পায়সৰ কথা আহে ঠিক সেইদৰে  অতি সংগোপনে আমাৰ সমাজত ন কৈ  থিতাপি লৈছেহি কেইবিধ মান Sweet Dessertতে। যিবোৰ Dessert ক সৰু ল’ৰা ছোৱালীৰ পৰা বৃদ্ধ মধুমেহ ৰোগীয়ে নিংসকোচে গ্ৰহণ কৰিব পাৰে। তেনে কেইবিধমান Sweet Dessert আজিৰ খাদ্যসম্ভাৰ শিতানত আগবঢ়ালে দুলিয়াজানৰ বিদিশা দত্তই।

চকলেট ব্ৰেড পুডিং 

IMG-20170506-WA0016

ব্ৰেড, গাখীৰ, চুগাৰ ফ্ৰি গল্ড টেবলেট, ভেনিলা, Drinking Chocolate Powder, Cocoa Powder। সকলোখিনি মিক্সিত ফেটি ল’ব। কুকাঁৰত দুকাপ পানী দি এটা steel ৰ বাটিত তেল সানি মিশ্রণটো ঢালি পাঁচটামান হুইছেল দি নমাই থৱ।

পকা অমিতাৰ খীৰ

IMG-20170506-WA0018

মিক্সিত পেষ্ট কৰা পকা অমিতা, দুচামোচ ঘী আৰু এচামোচ butter দি ভাজিব ল’ৱ। ভাজি থকাৰ মাজতে চেনিৰ সলনি  Sugarfree Gold Tablet প্রায় 5/6 টা মান দিৱ। পেষ্টটো ডাঠ হৈ কেৰাহীত লাগি ধৰা যেন হ’লত ইলাচি গুৰি আৰু দুকাপ গাখীৰ দি অলপ লৰাই নমাই থৱ। ওপৰত কাজু, খিচমিচ আৰু পিষ্টা দিব পাৰে।

ৰচমলাই

IMG-20170506-WA0026

গাখীৰত দুচামোচ চেনী দি উতলিব দিব। উতল আহিলত এচিকুট কেশৰ আৰু ইলাচি গুৰি দি লৰাব। একাপ পাওডাৰ গাখীৰত অকনমান বেকিং পাওডাৰ আৰু ফেটি লোৱা কনীৰ অংশ দুচামোচ দি সানি সৰু সৰু বল বনাই উতলা গাখীৰত দিব। ৫ মিনিটমান উতল অহাৰ পাচত নমাই ওপৰত পিস্তা আৰু কেশৰ দি পৰিবেশন কৰিব ।

Leave A Reply

Your email address will not be published.