যিদিনাই মেচিনত হাত দিছো,সেইদিনাই বুজি উঠিছো যে মই এই কামৰ বাবে উপযুক্ত ।এই মন্তব্য ব্যতিক্ৰম ব্যৱসায়ে উদ্ভাসিত হোৱা এগৰাকী উদ্যমীৰ।ব্যতিক্ৰম ব্যৱসায় বোলা কাৰণ হ’ল তেখেতে সচৰাচৰ আমাৰ মানুহে নকৰা ব্যৱসায় কৰি বৰ্তমান সময়ত চৰ্চিত হৈ পৰিছে।কিয়নো নলবাৰীৰ কিশোৰ কুমাৰ দাসৰ পূজা উদ্যোগত উৎপাদিত চুৱেটাৰে যথেষ্ট জনপ্ৰিয়তা লাভ কৰিছে ।বিশেষকৈ ঠাণ্ডা দিনত পূজা উদ্যোগত উৎপাদিত চুৱেটাৰ গ্ৰাহক সকলৰ মাজত সমাদৃত হৈছে। এই সম্পৰ্কে কিশোৰ কুমাৰ দাসে এনেদৰে কয়-২০১১চনত পূজা উদ্যোগ আৰম্ভ কৰিছিলো।প্ৰথমে দুই এক চিনা জনা মানুহক কম মূল্যত চুৱেটাৰ যোগান ধৰিছিলো।সময়ৰ লগে লগে ইজনে সিজনে পূজা উদ্যোগক জনা হ’ল আৰু লগতে গ্ৰাহকৰ চাহিদাও বৃদ্ধি পালে।বৰ্তমান সময়ত গ্ৰাহকৰ পৰা খুব ভালধৰণৰ সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছো।মাত্ৰ১৭০০ টকা সূতাৰে ব্যৱসায় আৰম্ভ কৰা পূজা উদ্যোগ বৰ্তমানে লেখতল’বলগীয়া ব্যৱসায়ত পৰিণত হৈছে ।কিশোৰ কুমাৰ দাসৰ আশা অনাগত দিনত নিবনুৱা সকলৰ সহায়ক হোৱাকৈ প্ৰশিক্ষণ প্ৰদান কৰা।ব্যতিক্ৰম ধৰণৰ ব্যৱসায়ৰ জৰিয়তে অসমীয়াগিৰিৰ প্ৰদৰ্শন কৰা কিশোৰ কুমাৰ দাসক এন ই ফ’কাচ ডট কমৰ ফালৰ পৰা অলেখ অভিনন্দন জনালো।
Trending
- মেঘালয়ত প্ৰথম বাৰৰ বাবে জনজাতি মহিলা আৰক্ষী প্ৰধানৰ নিযুক্তি
- মিৰ্জা ইউনিক কালাৰ নামৰ অত্যাধুনিক পাৰ্লাৰ মুকলি
- কাঁন চলচ্চিত্ৰ মহোৎসৱ ২০২৪ত প্ৰদৰ্শিত হ’ব অসমত নিৰ্মিত হিন্দী বোলছবি ‘কুকি’
- তিতাবৰত ১১, ১২ মে’ত সপ্তম সদৌ অসম পেনচাক ছিলাট চেম্পিয়নশ্বিপ
- তথ্যচিত্ৰত উদ্ভাসিত হ’ব শতিকা প্ৰাচীন ফাটবিহু
- আজি চৰ্চা লাভ কৰিলে এই ভোট কেন্দ্রটোৱে
- দুৰন্ত তৰুণ ঘনশ্যাম শইকীয়াৰ ১০৮ বছৰীয়া জন্মজয়ন্তী উদযাপন
- গুৱাহাটীত যুৱ মৰ্চাৰ তিনি সহস্ৰাধিক বাইকেৰে বিশাল ৰেলী- বাইক ৰেলীৰ শুভাৰম্ভণি কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- বাইক ৰেলী অনুষ্ঠিত
- ৩৫ লাখ বাজেটেৰে সাজু মহঘুলি চাপৰি-ফাটবিহু উদযাপনকলৈ মহঘুলি চাপৰিত সংবাদমেল