জ্যোতিয়ে জ্যোতি বিলাইছে চৌপাশে

0 241

যিদৰে এগৰাকী ব্যক্তিক জোৰ কৰি উদ্যমী কৰিব নোৱাৰি, ঠিক সেইদৰে বাধা দিও মনৰ ভিতৰত দকৈ শিপাই থকা উদ্যমশীল মনোভাৱক ৰোধ কৰিব পৰা নাযায়। কথাষাৰ কিন্তু মিছা নহয়!আজি আপোনালোকৰ মাজলৈ এনে এগৰাকী উদ্যমীক আনিছো, যি গৰাকী উদ্যমীয়ে সময় আৰু পৰিস্থিতিৰ ওচৰত হাৰ নামানি উদ্যমশীল মনোভাবেৰে অগ্ৰসৰ হৈ ৰচি গৈছে জীৱন নাটৰ এক অধ্যায়..।

IMG-20161012-WA0018

তেখেত জ্যোতি ভূঞা। সম্প্ৰতি মহানগৰীৰ হাতীগাৱৰ নিবাসী। তেখেত এসময়ৰ এগৰাকী সু অভিনেত্ৰী, এংকৰ আৰু বৰ্তমান ফেশ্বন ডিজাইনাৰ হিচাপে পৰিচিত। জ্যোতি ভূঞাই কলেজীয়া দিনৰ পৰাই অভিনয়ৰ লগত জৰিত আছিল। নাটকৰ পৰা চিৰিয়েল, চিৰিয়েলৰ পৰা চিনেমাত অভিনয়ৰ সুযোগ পাইছিল। তেখেত  কৰা বলিষ্ঠ অভিনয়ৰ বাবে All Assam Drama Competition আৰু National Drama Competition ত Best Supporting Actress ৰ সন্মান লাভ কৰিবলৈ সক্ষম হৈছিল। ঘৰুৱা বিভিন্ন কাৰণত অভিনয় জীৱন সামৰণি মাৰিছিল যদিও ভূঞাই এনেয়েই বহি থকা নাছিল। কিছুদিন প্ৰাইভেট  কোম্পানীত কৰ্মৰত আছিল। কোম্পানী কাম কৰি পোৱা অৰ্থই আৰম্ভ কৰিলে Jyoti’s Creation নামৰ এখন বুটিকৰ। উল্লেখযোগ্য যে  জ্যোতি ভূঞাই বুটিক খন আৰম্ভ কৰাৰ পূৰ্বে  কাপোৰ চিলাই, ডিজাইন কৰি পিন্ধাতো অথবা নৱজাত শিশুৰ বেবী চেট গিফ্ট কৰাতো এক প্ৰকাৰৰ হবি আছিল। ভূঞাৰ হাতৰ কাম দেখি সকলোৱে ভাল পাইছিল, আৰু ক’ৰবাত নহয় ক’ৰবাত উংসাহিত হৈ বুটিক খন আৰম্ভ কৰে।

1

স্মতৰ্ব্য ৰে জ্যোতিৰ ক্ৰিয়েচন নামেৰে পৰিচিত এই বুটিক খনত চিফন, ভেলভেট, কোটা, পাট, মুগা আদিৰ লগতে শাৰী, মেখেলা-চাদৰ, লেহেংগা ,কুৰ্টি, ব্লাউজ, লৰা ছোৱালীৰ  কাপোৰ উপলব্ধ। তেখেতৰ বুটিকৰ কাপোৰ ইতিমধ্যে অসমৰ বিভিন্ন ঠাইৰ গ্ৰাহকে ক্ৰয় কৰিছে। বুটিক খনৰ জৰিয়তে বহুকেইজন ব্যক্তিয়ে কৰ্মসংস্থাপন লাভ কৰাৰ লগতে আৰ্থিকভাবে স্বাৱলম্বী হব পাৰিছে। জীৱন যুজত হাৰ নামানি উদ্যমী হিচাপে নিজকে প্ৰতিষ্ঠা কৰা জ্যোতি ভূঞা আগুৱাই যাওক ,আমাৰ শুভকামনা থাকিল।

Leave A Reply

Your email address will not be published.