প্ৰকৃতি প্ৰেমী- বিপুল ডেকা

3 373

এটা গড়ৰৰ মুখৰ সংলাপ I see Man but not Humanity। এজন চোৰাংচিকাৰীক দেখি প্ৰকৃতিৰ সুৰক্ষাৰ শীৰ্ষক এখন ৰ্হডিঙচত এনেদৰে লিখা পৰিলক্ষিত হ’ল। যিখন ৰ্হডিং দেখি হয়তো বহু হৃদয়ৱানৰ বুকু উথলি উঠিছে।

আচলতে আমাৰ মাজৰ পৰা কেতিয়াবাই হেৰাই গৈছে নেকি মানৱীয়তা। যাৰ বাবে ৰ্হডিঙছে জনসাধাৰণক সজাগ ক’বলৈ প্ৰয়াস কৰা হৈছে। তেনে সময়তে খবৰ পালো এজন ব্যক্তিয়ে সম্পূৰ্ণ একক প্ৰচেষ্টাত পক্ষী সংৰক্ষণৰ ব্যৱস্থা কৰিছে। জনাবলৈ পাই সুখী হ’লো যে আজিৰ দিনটো আমাৰ মাজত, এনে প্ৰকৃতিপ্ৰেমী আছে। যিয়ে নিৰৱে এবছৰ নহয় সম্পূৰ্ণ প্ৰায় ২৫ বছৰ এনে কামৰ লগত জড়িত হৈ আছে।

IMG-20170222-WA0015

তেখেত বিপুল ডেকা। ঘৰ বাক্সা জিলাৰ গোৰেশ্বৰৰ বৰফুকনখাটত। তেখেত এজন কৃষক। পক্ষী অথবা চৰাই প্ৰতি থকা মৰমৰ তাগিদাতে ঘৰতেই গ্ৰহণ কৰিছে চৰাইৰ বাসস্থান, আৰু সংৰক্ষণৰ পদক্ষেপ। এই সম্পৰ্কে বিপুল ডেকাই nefocus.com ৰ সম্পাদিকা সংগীতা শইকীয়াক কয়… মই পক্ষী ভাল পাইছিলো। মনতে ভাবিছিলো কিদৰে পক্ষীৰ বাবে খাদ্য তথা বাসস্থানৰ ব্যৱস্থা কৰি দিও। তাৰ বাবে এজন ব্যক্তিৰ লগত বিভিন্ন চৰাই নিৰীক্ষণ কৰিবলৈ কেতিয়াবা বিল, পথাৰ অথবা কেতিয়াবা অটব্য অৰণ্যত গৈ চৰাইৰ থকা খোৱাৰ সম্পৰ্কে বুজ লৈছিলো। বিভিন্ন কিতাপো অধ্যয়ন কৰিছিলো। আৰু চৰাইৰ বাবে খেৰীঘৰ বিভিন্ন জোপোহা গছ, খাদ্য যেনে ধান, মধুৰীআমৰ নিচিনা ফল ৰোপন কৰি ব্যৱস্থা কৰি দিছিলো।

উল্লেখযোগ্য যে বিপুল ডেকাই শালিকা, দহিকতৰা, বুলবুলি, ঘনচিৰিকা, টোকোৰা চৰাইৰ বাবে থকা খোৱাৰ বাবে সকলো সুবিধা কৰি দিছে। উদাহৰণস্বৰূপে ঘনচিৰিকাৰ বাবে খেৰীঘৰ বনাই দিয়া অন্যতম।

IMG-20170222-WA0014

ডেকাৰ মতে বসন্ত মাহত চৰাইৰ সমাগম তথা বংশবৃদ্ধি হ’ব। আৰু বৰ্ত্তমানে প্ৰায় ১৫০ জনী মান চৰাই আছে। বিপুল ডেকাৰ এনে কামৰ বাবে সকলোৱে শলাগ লৈছে। আমিও এই চেগতে বিপুল ডেকাক nefocus.com ৰ ফালৰ পৰা জনাইছো বহু শুভেচ্ছা।

প্ৰিয় পাঠক, nefocus.com ৰ মঞ্চখন সদায় সমাজৰ ভাল কাম কৰা জনৰ বাবে উৎসৰ্গিত। এনে খবৰ তথা কাহিনী জানিবলৈ চাবলৈ নাপাহৰিব www.nefocus.com.

সহযোগ

NEWS NEXT ONE

3 Comments
  1. দীপক তামুলী says

    বিপুল ডেকাৰ লেখাটো পঢ়ি ভাল পালো।

  2. Sangeetasaikia says

    Dhonyabad..

  3. Bhuban Saikia says

    Inspiring

Your email address will not be published.