স্বপ্নৰ যাত্ৰাত NE8 Startup

2 275

ন উদ্যমী বাটত বহু হেঙাৰ থাকে । ন-উদ্যমী(startup) সকলে প্ৰাৰম্ভিক সময়ছোৱাত  ব্যৱসায় পৰিকল্পনাৰ প্ৰস্তুতিৰ পৰা আদি কৰি পুঁজি গঠন, সহ প্ৰতিষ্ঠাপক তথা বজাৰ দখলৰ বাবে উপযুক্ত ৰণকৌশল বাছনিৰ দৰে অলেখ সমস্যাৰ মাজত পৰে । দেশৰ অন্যান্য প্ৰান্তত ন-উদ্যমী সকলক এই ক্ষেত্ৰত সহায় হাত আগবঢ়াই আহিছে বিভিন্ন startup accelerator আৰু startup incubator সমুহে । সেয়েহে হয়তো এই অঞ্চল সমূহৰ পৰা আমি বহুতো ন-উদ্যমীৰ সৃষ্টি আৰু সফলতাৰ কাহিনী শুনিবলৈ পাও । কিন্তু উত্তৰ-পূৰ্বাঞ্চলৰ পৰা খুব কমহে এনে ন-উদ্যমী(startup)ৰ সৃষ্টি হয় । অথচ উত্তৰ-পূৰ্বাঞ্চলৰ যুৱক – যুৱতী সকল সৃষ্টিশীলতা অথবা মেধাত কোনোগুণেই অন্যতকৈ কম নহয় । প্ৰয়োজন মাথো সঠিক দিশ নিৰ্দেশনাৰ । এই ন-উদ্যমী(startup)ৰ বাবে বহু প্ৰয়োজনীয় এনেধৰণৰ startup accelerator আৰু startup incubator সমূহৰ অভাৱেই উত্তৰ-পূৰ্বাঞ্চলত ন-উদ্যমী সৃষ্টিৰ শামুকীয়া গতিৰ মূল কাৰণ ।

1

কিন্তু সৌভাগ্যৰ কথা দীৰ্ঘদিনৰ এই প্ৰয়োজনীয়তাৰ ওৰ পেলাই আগবাঢ়ি আহিছে NE8Startup । ঋদ্ধিনীল ৰয়, স্বপ্ননীল তালুকদাৰ আৰু অমন বাজাজ নামৰ তিনিজন অতিশয় প্ৰতিভাৱান মেধাৱী যুৱক । তিনিও startupৰ অভিজ্ঞতাৰে পৰিপক্ক ।

3

NE8Startup ৰ যোগেদি তেওলোকে এই অভিজ্ঞতালব্ধ জ্ঞান সমূহেৰে অসমৰ ন-উদ্যমী (startup) সকলক সহায় কৰিব বিচাৰে ।

2

Create , Innovate , Inspire ৰ মন্ত্ৰৰে তৰুণসকলৰ উদ্যমশীলতাক  উজ্জীৱিত কৰাৰ প্ৰয়াস কৰিছে NE8Startup এ । উদ্যমীতাৰ সপোন দেখা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিজন তৰুণৰ স্বপ্নক বাস্তৱায়িত কৰাই তেওঁলোকৰ লক্ষ্য আৰু উদ্দেশ্য । NE8Startup ৰ হৈ ঋদ্ধিনীল ৰয়ে আমাক জনাই যে উত্তৰ পূৰ্বাঞ্চলৰ বিভিন্ন ক্ষেত্ৰত ব্যৱসায়ৰ প্ৰচুৰ সম্ভাৱনা আছে । কিন্তু দুখৰ বিষয় সম্ভাৱনাৰ অনুপাতে এই অঞ্চলত তেনে উদ্যোগ গঢ়ি উঠা নাই ।  NE8Startupৰ সৰ্বপ্ৰথম প্ৰয়াস হ’ব বিভিন্ন আলোচনা চক্ৰ, তথা বিশেষজ্ঞ সকলৰ সতে মত বিনিময় অনুষ্ঠান কৰা ।ইতিমধ্যে  তেওঁলোকে NE8Startup Saturday Talks নামেৰে বহুকেইখন মনোজ্ঞ আলোচনা চক্ৰ সফলতাৰে অনুষ্ঠিত কৰিছে ।উল্লেখযোগ্য যে এই অঞ্চলৰ যাতায়াতৰ দুৰাৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি তেওঁলোকে বহুসময়ত অনলাইন আলোচনা চক্ৰ  অনুষ্ঠিত কৰে ।ইচ্ছুক উদ্যমী সকলে এই সন্দৰ্ভে ঋদ্ধিনীল ৰয়ৰ সৈতে যোগাযোগ কৰিব পাৰে ।

4

NE8Startupএ উত্তৰ-পূৰ্বাঞ্চলক গঢ়ি তুলিব বিচাৰে ন-উদ্যমীৰ অন্যতম জন্মস্থান হিচাবে । NE8Startupৰ এই প্ৰয়াসৰ প্ৰতি Nefocus ৰ সৰ্বদা অকুণ্ঠ  সহায় সহযোগ আৰু শুভেচ্ছা থাকিব ।

 
 

লেখক: ধ্ৰুৱ জ্যোতি অৰ্জুনা

2 Comments
  1. BISWAJIT DEKA says

    অামাৰ দৰে ন উদ্যমীসকলৰ বাবে যথেষ্ট উপকাৰী হব অাপোনাৰ এই লেখাটি।অসমৰ বৃহৎ খূচুৰা ব্যৱসায়ৰ ক্ষেত্ৰখনৰ যোগেদি অসমৰ থলুৱা শিক্ষিত নিবনুৱা সকল উপকৃত হোৱাকৈ অামি তিনিজন অসমীয়া যুৱকে একত্ৰিত হৈ SMART INDIA MARKETING PVT. LTD নামেৰে এক প্ৰতিষ্ঠানৰ অাৰম্ভণি কৰিছো।অামাৰ বিশেষ পৰিকল্পনা “SMART STORE” জৰিয়তে অসমৰ প্ৰতিখন জিলাৰে নূন্যতম ২০০ জন যুৱক -যুৱতীক স্থায়ী ব্যবসায়ৰ লগত জড়িত কৰোৱা।লগতে অসমৰ সাম্ভাব্য থলুৱা উদ্যোগ সমুহৰ বিকাশ সাধন কৰা ।নতুন ক্ষূদ্ৰ ক্ষুদ্ৰ উদ্যোগ স্থাপন কৰি অসমত উৎপাদিত সামগ্ৰীৰ জৰিয়তে বজাৰ দখল কৰা।
    ইত্যাদি ইত্যাদি পৰিকল্পনাৰে অামি কাম কৰি যাব বিছাৰিছো।গতিকে এইক্ষেত্ৰত অাপোনালোকৰ দৰে অভিজ্ঞ সকলৰ পৰামৰ্শই অামাৰ উপকৃত কৰিব।

  2. Dhruba Jyoti Arjuna says

    sure Biwajit. You can contact me through facebook

Your email address will not be published.