হিৰণ্ময় গগৈ – সংঘাতৰ জুইত দহি সৃষ্টিৰ সোপান ৰচা ল’ৰাজন

3 398

প্ৰথম দৃষ্টিতে অমায়িক ল’ৰাজনক বিষয়ে কোনোৱেই অনুমান কৰিব নোৱাৰিব যে তেওঁ বুকুৰ মাজত লৈ ফুৰিছে এসাগৰ বিষাদ । মাতৃ আৰু ভাতৃ বিয়োগৰ যন্ত্ৰণাৰে দগ্ধ যুৱকজনে কামৰ মাজেৰেই যেন বিচাৰি পাইছে বিচ্ছেদিত জনক । নিয়তীয়ে আনি দিয়া প্ৰতিটো প্ৰতিকুল পৰিস্থিতিক সাহসেৰে ফেপেৰি পাতি লৈছে এই অপ্ৰতিৰোধ্য তৰুণে । সেই তৰুণৰ ভাষ্যৰে “জীৱনে মোৰ পৰা বহু কাঢ়ি নিলে,কিন্তু কাঢ়ি নিব নোৱাৰিলে মোৰ উদ্যম । জীৱনে যিমানেই মোক দমাবলৈ যত্ন কৰে , সিমানেই মই উজলিবলৈ যত্ন কৰো ” । প্ৰায় সমবয়সৰ এদ’ল স্বপ্নসন্ধানী যুৱকক নেতৃত্ব দি তেওঁ সৃষ্টি কৰি গৈছে এটা এটাকৈ বহুকেইটা সফল প্ৰতিষ্ঠান । কেৱল কাম আৰু কামৰ মাজত ব্যস্ত যুৱকজনে আহৰি পালেই দৌৰ মাৰে আৰ্তজনক সহায় কৰিবলৈ ।

   04

ঐতিহাসিক শিৱসাগৰ জিলাৰ এই যুৱকজন ষ্টাৰ্ট আপ সংস্কৃতিৰ সৈতে পৰিচিত সকলৰ  বাবে অতি চিনাকি নাম । তেওঁৰ নাম হিৰন্ময় গগৈ । সঁচাকৈয়ে সংঘাতৰ জুয়ে পুৰি এই যুৱকজনক যেন সোন বনালে । মাথো ২২বছৰ বয়সতেই ধাৰাবাহিক উদ্যমী (Serial Entrepreneur) হিৰন্ময় গগৈয়ে সমাদৰ লাভ কৰিছে দেশ বিদেশৰ Industry Expert সকলৰ । “Entrepreneur”ৰ দৰে প্ৰসিদ্ধ আন্তঃৰাষ্ট্ৰীয় আলোচনীয়ে তেওঁক দিছে India’s student entrepreneur of the year award 2016. ৰ সন্মান ।

02

MCH Technologies, Gaon ka khana,Fairdrop, Glamestar Media , Life for you,NEIT আদিকে ধৰি বহুকেইটা প্ৰতিষ্ঠানৰ প্ৰতিষ্ঠাপক হিৰন্ময় । উল্লেখযোগ্য যে MCH Technologiesএ অসমত প্ৰথম BPO টোৰ সৃষ্টি কৰিছিল শিৱসাগৰৰ বেতবাৰী অঞ্চলত । তথ্য প্ৰযুক্তিৰ ক্ষেত্ৰত এতিয়াও যথেষ্ট পিছপৰা অসমত এনে এটা পদক্ষেপ ল’বলৈ বাঘা বাঘা অভিজ্ঞ Entrepreneurএও ভয় কৰিব । একে কথাই প্ৰযোজ্য Gaon Ka Khana ৰ দৰে অনুষ্ঠানৰ ক্ষেত্ৰতো । আপোনালোকক জনাবলৈ পাই আমি অতিশয় সুখী যে  হিৰন্ময়ৰ দ্বাৰা স্থাপিত প্ৰতিটো অনুষ্ঠান কেৱল ব্যৱসায়িক ভাবে অন্ত্যন্ত সফলেই নহয় গ্ৰাহকৰ মাজত অত্যন্ত জনপ্ৰিয়ও ।

05

 অসমীয়াত এটা প্ৰচলিত ধাৰণা আছে “ সফলতাই মানুহক অহংকাৰী কৰে” । কিন্তু হিৰণ্ময় যেন   এক ব্যতিক্ৰম ।জীৱনত লাভ কৰা অপাৰ সফলতাই তেওঁক যেন কৰি তুলিছে অধিক দায়িত্বজ্ঞান সম্পন্ন । সৰ্বদা আৰ্তজনক সহায়ৰ বাবে উন্মুখ হিৰণ্ময়ে বুভুক্ষু সকলৰ বাবে গঢ়ি তুলিছে ZERO-HUNGER campaign and Processing of Extra Food (PEF) service নামেৰে এক বিশেষ পদক্ষেপ । বিভিন্ন উৎসৱ সমূহত ৰাহি হোৱা খাদ্য তেওঁলোকে সংগ্ৰহ কৰি বিতৰণ কৰে ভোকাতুৰ সকলৰ মাজত । ইয়াৰ উপৰিও গাৱঁৰ যুৱক যুৱতী তথা ন-প্ৰজন্মক উদ্যমশীলতাৰ সম্যক জ্ঞান দিবৰ বাবে আৰম্ভ কৰিছে SEED(School of Entrepreneurship & Economic Development)নামেৰে এক অনুষ্ঠানৰ ।

03

হিৰণ্ময় গগৈৰ অপাৰ সফলতা অথবা প্ৰতিভাৰ বিষয়ে মাথোঁ এটা লেখনীত লিখি শেষ কৰা সম্ভৱ নহয় । আমি মাত্ৰ অলপ আভাস হে দিব বিচাৰিছোঁ এই অদমনীয় তৰুণৰ বিষয়ে ।আপোনালোকক জনাব খুজিছো জীৱনৰ কঠোৰতম বাস্তৱৰ মুখামুখি হৈও হতাশ নোহোৱা তেওঁৰ অদম্য মানসিকতাৰ কথা ।

01

মাত্ৰ ১৮ বছৰ বয়সতে মালয়েচিয়াত মাৰ্চেণ্ট নেভি হিচাবে কৰ্মজীৱন আৰম্ভ কৰা হিৰন্ময়ে স্বকীয় প্ৰতিভাৰ বলত কম সময়ৰ ভিতৰতে বহুতো বহুজাতিক প্ৰতিষ্ঠানৰ উচ্চ পদতো অধিষ্ঠিত হৈছিল । ইয়াৰে বহু কেইটা প্ৰতিষ্ঠানৰ পৰা অহা CEOৰ দৰে সৰ্বোচ্চ পদৰ লোভনীয় প্ৰস্তাৱ প্ৰত্যাখ্যান কৰি তেওঁ অসমলৈ ঘূৰি আহিছিল ।তেওঁৰ নিজৰ ভাষাৰে “মই অসমৰ যুৱ মানসিকতাত এক যোগাত্মক পৰিৱৰ্তন আনিব বিচাৰোঁ । তেওঁলোকক চাকৰিমুখী মানসিকতাৰ পৰা উদ্যমশীলতাৰ প্ৰতি এক ধাউতি গঢ়ি তুলিব বিচাৰোঁ” ।

হিৰণ্ময় গগৈৰ এই অদম্য মানসিকতা আদৰ্শ হওক অসমৰ ন-প্ৰজন্মৰ বাবে । তেওঁৰ সফলতা আৰু সপোনৰ আঁত ধৰি উলাই আৰু কিছু স্বপ্নাতুৰ যুৱক । হিৰণ্ময় গগৈলৈ এই আপাহতে জনালোঁ অলেখ অভিনন্দন আৰু শুভকামনা ।

লেখক: ধ্ৰুৱ জ্যোতি অৰ্জুনা

3 Comments
  1. Jyotimala borah says

    Hiranmay u r really great..we r proud of u..ji2 ane nai kora hei 2 tmi korisa..ai kambur r majote tmi hajarjni ma hajar ta Vai r shristi kribo pariba..suvessa thakil

    1. Hironmoy Gogoi says

      Thank you. These words means a lot to me. 🙂

      1. admin says

        Welcome and hope for your bright future

Your email address will not be published.