২০খন মাৰ্চিডিজ উদ্বোধন হ’ল অসম ৰাজ্যিক পৰিবহন নিগমৰ

0 198

মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি মাৰ্চিডিজ কোম্পানীৰ ভাৰতবেঞ্জ বাছসেৱা ফ্লেগ অ’ফ কৰি শুভাৰম্ভ কৰে। এই আৰামদায়ক তথা আধুনিক সা- সুবিধাযুক্ত ২০ খন বাছ ৰাজ্যৰ ভিন্ন প্ৰান্তলৈ চলাচল কৰিব।
 
 
এই বাছ সেৱাৰ শুভাৰম্ভণি উপলক্ষে অসম প্ৰশাসনীয় পদাধিকাৰী মহাবিদ্যালয়ত অনুষ্ঠিত এক সভাত মুখ্যমন্ত্ৰী সোণোৱালে কয় যে সময়ৰ সৈতে খোজ মিলাই আমি আগুৱাই যাব লাগিব । প্ৰতিযোগিতামুখী আজিৰ পৃথিৱীত আমাৰ যোগ্যতা প্ৰকাশৰ বাবে দৃঢ়তাৰে প্ৰয়াস চলাব লাগিব। অসম ৰাজ্যিক পৰিবহণ নিগমে অত্যাধুনিক বাছ সেৱা সংযোজনৰ জৰিয়তে প্ৰতিযোগিতামুখী মানসিকতাৰে আগুৱাই আহিছে। অসম ৰাজ্যিক পৰিবহণ নিগম সম্পৰ্কত পূৰ্বতে জনসাধাৰণৰ নেতিবাচক ধাৰণা আছিল বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ ৰাজ্য চৰকাৰৰ শাসন কালত ইয়াৰ দুৰ্বল দিশসমূহ চিনাক্ত কৰি সেই অনুযায়ী পদক্ষেপ গ্ৰহণ কৰাৰ বাবে বিভাগটোয়ে আজি গতিশীল ৰূপ গ্ৰহণ কৰিছে। নিগমৰ প্ৰতিচ্ছবি পৰিৱৰ্তন সাধন কৰাৰ বাবে পৰিৱৰ্তনৰ ধাৰণাৰে কাম কৰিব লাগিব । আত্মসন্মান ৰক্ষা কৰিবলৈ আত্মনিৰ্ভৰশীল হ’ব লাগিব বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে সেই লক্ষ্যত উপনীত হোৱাৰ বাবে প্ৰয়াস চলাব লাগিব। অসম ৰাজ্যিক পৰিবহণ সেৱাৰ বাছসমূহৰ সেৱাৰ মান গুণগত হ’ব লাগিব আৰু বাছসমূহৰ সেৱা সময় অনুসৰি হ’ব লাগিব । এই আস্থা আৰু বিশ্বাস প্ৰদান কৰিব পাৰিলে জনসাধাৰণক সহজে আকৰ্ষণ কৰিব পৰা যাব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে নতুন নতুন ধ্যান- ধাৰণাৰে বৈপ্লৱিক পৰিৱৰ্তন সাধন কৰিছে। আমিও তেনে মানসিকতাৰে কৰ্মত নিয়োজিত হ’ব লাগিব বুলি মুখ্যমন্ত্ৰীয়ে কয়।
 
মুখ্যমন্ত্ৰীয়ে কয় যে মাৰ্চিডিজ বেঞ্জ হ’ল সমগ্ৰ বিশ্বৰ ভিতৰত এক অত্যাধুনিক আৰু উন্নত বাহন। এই বাহনসমূহৰ সেৱাৰ মানদণ্ড উন্নত হোৱা বাবে সমগ্ৰ বিশ্বতে ইয়াৰ জনপ্ৰিয়তা বাঢ়িছে। সেয়েহে অসম ৰাজ্যিক পৰিবহণ নিগমত আজি সংযোজিত হোৱা এই বাছসমূহ যাতে কাৰ্যক্ষম হৈ থাকে তাৰ বাবে ইয়াৰ সঠিক পৰিচালনা তথা চোৱা- চিতা ভালদৰে কৰাৰ বাবে অসম ৰাজ্যিক পৰিবহণ নিগমক মুখ্যমন্ত্ৰীয়ে আহ্বান জনায় । তেওঁ লগতে কয় যে অন্যান্য বিভাগসমূহৰ লগতে পৰিবহণ বিভাগেও ক’ভিড-১৯ ৰ সময়ছোৱাত জনসাধাৰণলৈ যি সেৱা আগবঢ়াইছে সেয়া অতিশয় প্ৰশংসনীয় ।
 
মুখ্যমন্ত্ৰীয়ে লগতে এই বাছত উঠা অথবা নমাৰ ক্ষেত্ৰত সুবিধা হোৱাকৈ হুইল চেৱাৰ সেৱাও আজি আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰে।
মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্যখনৰ বহুসংখ্যক কৰ্কট ৰোগীয়ে কৰ্কট ৰোগৰ চিকিৎসাৰ বাবে মুম্বাইলৈ যায় আৰু অসম ভৱনত আশ্ৰয় লয়। এই ৰোগী তথা ৰোগীৰ পৰিচৰ্যাকাৰীসকলৰ সহায়ক হোৱাকৈ অসম ভৱনৰ পৰা সংশ্লিষ্ট চিকিৎসালয়লৈ বাছ সেৱা এসপ্তাহৰ ভিতৰত আৰম্ভ কৰাৰ বাবে মুখ্যমন্ত্ৰীয়ে পৰিবহণ নিগমক নিৰ্দেশ দিয়ে ।
অনুষ্ঠানত ভাষণ প্ৰদান কৰি পৰিবহন বিভাগৰ মন্ত্ৰী চন্দ্রমোহন পাটুৱাৰীয়ে ক’ভিড-১৯ সৃষ্ট লকডাউনৰ সময়ত নিগমে জনসাধাৰণলৈ যি দায়বদ্ধতাৰে সেৱা আগবঢ়ালে তাৰ বাবে নিগমৰ সমূহ বিষয়া- কৰ্মচাৰীক ধন্যবাদ জ্ঞাপন কৰে । অসম ৰাজ্যিক পৰিবহণ নিগমে কেৱল পৰিবহণ সেয়াই নহয়, অন্যান্য আনুসংগিক সেৱাৰ দ্বাৰাও নিগমৰ ৰাজহ বৃদ্ধিৰ বাবে কেতবোৰ পদক্ষেপ গ্ৰহণ কৰিছে বুলি তেওঁ কয়। মন্ত্ৰীগৰাকীয়ে লগতে মহিলাসকলৰ বাবে ভাড়াবিহীন পিংক বাছৰ সেৱা তথা জ্যেষ্ঠসকলৰ বাবে ভাড়াবিহীন বাছৰ সেৱা অতি সোনকালে আৰম্ভ কৰা হব বুলি কয়।
 
পৰিবহণ আৰু উদ্যোগ বিভাগৰ আয়ুক্ত সচিব ডঃ কে কে দ্বিবেদিয়ে আদৰণি ভাষণ প্ৰদান কৰা আজিৰ এই অনুষ্ঠানত নিগমৰ অধ্যক্ষ অশোক কুমাৰ ভট্টৰায়, উপাধ্যক্ষ হৰিচৰণ বড়ো ,ডেমলাৰ বাছ ইণ্ডিয়াৰ মুখ্য কাৰ্যবাহী বিষয়া কাৰ্ল আলেকজেণ্ডাৰেও ভাষণ প্ৰদান কৰে। অনুষ্ঠানত মুখ্যমন্ত্ৰীৰ আইন উপদেষ্টা শান্তনু ভৰালী, নিগমৰ পৰিচালন সঞ্চালক আনন্দ প্ৰকাশ তিৱাৰী প্ৰমুখ্যে অন্যান্য গণ্য- মান্য ব্যক্তিসকল উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.