৯ টকাত অসমীয়া এসাজ আহাৰ, বিনামূলীয়া এম্বুলেন্সৰ আঁৰৰ এজন ব্যক্তি

3 299

Who helps you
Don’t forget them,
Who loves you
Don’t hate them,
Who believes you
Don’t cheat them.

কথাষাৰ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ। এই কথাষাৰৰ দ্বাৰা অনুপ্ৰাণিত হৈ মৰিয়নীৰ এজন সমাজ সেৱকে সমাজলৈ বিশেষ বৰঙণি আগবঢ়াইছে। অলক কুমাৰ ঘোষ নামৰ ব্যক্তিজনে বিনামূলীয়াকৈ এম্বুলেন্স সেৱা, ই ৰিক্সা ভেন, ই ডেডবডি ভেন আগবঢ়াইছে। জানিব পৰা মতে ৭ খনকৈ এম্বুলেন্সে অসমৰ বিভিন্ন ঠাইত ৰোগীৰ বাবে সেৱা আগবঢ়াইছে।

তেখেতে নমো ভোজনালয় “নামৰ এখন ৰেষ্টুৰেণ্ট খুলি (সমাজৰ দুখীয়া শ্ৰেণীৰ বাবে) ৯ টকাত অসমীয়া আহাৰ আগবঢ়াইছে। জানি সুখী হ’ব যে আজিও নমো ভোজনালয়ত ভাত, দালি, ভাজি ৯টকাত উপলব্ধ। সম্পূৰ্ণ স্বাস্থ্যসন্মত আৰু নিকা পৰিৱেশত নমো ভোজনালয়ত গ’লে খাদ্য গ্ৰহণ কৰিব পাৰিব।

এই সম্পৰ্কে অলক কুমাৰ ঘোষে Nefocus.com ৰ সম্পাদক সংগীতা শইকীয়াৰ আগত এনেদৰে কয় .. মই ড৹ ভূপেন হাজৰিকা, স্বামী বিবেকানন্দৰ আদৰ্শৰে অনুপ্ৰাণিত। সৰুৰে পৰা সমাজৰ বাবে বিশেষ কিবা এটা কৰাৰ হেঁপাহ আছিল। যাৰ বাবে এনে পদক্ষেপ ল’বলৈ সক্ষম ল’লো।

প্ৰিয় পাঠক, Nefocus.com য়ে অনুসন্ধানমূলক ইতিবাচক খবৰ আৰু পৰৱৰ্ত্তী সময়ত আগবঢ়াব তাৰ বাবে চাবলৈ নাপাহৰিব Nefocus.com.

সংগীতা শইকীয়া
সম্পাদক
এন ই ফ’কাচ ডট কম

3 Comments
  1. Himanta says

    ভোজনালয়খনৰ ঠিকনাতো জনালে সুখি হম৷

  2. Sangeetasaikia says

    mariyoni town r station road r samipot..

  3. Phillip kottar says

    Great initiative………

Your email address will not be published.