ELRHINO – এক ব্যতিক্ৰম পদক্ষেপ

4 390

পৃথিৱীৰ কোনো বস্তুৱেই অদৰকাৰী বা অপ্ৰয়োজনীয় নহয়। কিছুমান অপ্ৰয়োজনীয় অথবা অদৰকাৰী যেন লগা বস্তুৰ পৰাও সুন্দৰ সুন্দৰ মোহনীয় সা-সামগ্ৰী প্ৰস্তুত কৰিব পাৰে, কথাষাৰ বাৰু অনুমান কৰিব পাৰিছে নে? ভাবিব পাৰে নে যে হাতী, গড়ৰৰ মলৰ পৰা এনে কামো কৰিব পাৰি। আপোনাৰ অনুমান ১০০% সঠিক বুলি প্ৰমাণ কৰি দেখুৱাইছে, এজন ব্যক্তিয়ে। তেঁও কেৱল প্ৰমাণ কৰি দেখুৱাই নহয়, সমাজৰ বাবে, পাৰিপাশ্বিক অৱস্থা সুৰক্ষাৰ বাবে এক জাগৰণ অনাৰ প্ৰয়াস কৰিছে। এনে ভাল কামৰ বাবে আজি পৰিচয় কৰি দিয়াতো কৰ্তব্য হৈ পৰিছে। যিহেতু NE FOCUS সদায় ভাল কাম কৰাজন সহযাত্ৰী।
 
IMG-20160826-WA0006
 
অৱসৰপ্ৰাপ্ত অভিযন্তা আছিল তেঁও। হাতত আছিল কিছু টকা। কিন্তু সেই টকাৰ মোহ অথবা অপৰাহ্ন সময়ৰ জিৰণি সময়খিনি অথলে যাবলৈ নিদিলে। কাৰণ তেঁও আছিল এগৰাকী সামাজিক উদ্যমী। সেয়েহে আৰম্ভ কৰিলে হাতী, গড়ৰ মলৰ পৰা কাগজ তৈয়াৰ কৰা এক অভিনৱ ব্যৱস্থা। জন্ম দিলে ELRihno Company..
 
এই শুভ কামটোৰ গুৰিতে থকা ব্যক্তিজন কোন জানেনে? তেখেত মহেশ বৰা। মহানগৰীৰ চান্দমাৰিৰ কৃষ্ঞনগৰৰ বাসিন্দা। এবাৰ তেখেতে বিমানেৰে ভ্ৰমণ কৰোতে এখন আলোচনীত দেখা পাইছিল এটা বিশেষ প্ৰৱন্ধ। যিটো প্ৰৱন্ধত লিখা আছিল যে হাতী, গড়ৰ মলৰ পৰা ৰাজস্থানত কাগজ প্ৰস্তুত কৰে। প্ৰৱন্ধটো পঢ়ি বৰা ৰৈ নাথাকিল, পোনচাতে গৈ ৰাজস্থান পালেগৈ…। উদ্দেশ্য এটাই অসমত অপ্ৰয়াজনীয় বুলি পেলাই দিয়া হাতী, গড়ৰ মলৰ পৰা কিদৰে বস্তু অথবা সা-সামগ্ৰী তৈয়াৰ কৰিব পাৰি শিকি অহা। সেইমতে বৰাই পৰৱৰ্ত্তী সময়ত শিকি আহিল আৰু ঘৰলৈ আহি নিজস্ব উদ্ভাৱনী কৌশল সংযোগ কৰি হাতী, গড়ৰ মলৰ পৰা কাগজ প্ৰস্তুত কৰা পৰীক্ষণত সফল হ’ল। প্ৰসংগক্ৰমে উল্লেখযোগ্য যে তেখেতৰ জিয়াৰী নিশা বৰাই প্ৰতিটো কামতে সহযোগিতা আগবঢ়াইছিল।
 
 
IMG-20160826-WA0007
 
পোনপ্ৰথমে মহেশ বৰাই গাঁৱে গাঁৱে গৈ (গুৱাহাটীৰ আশে পাশে)গাৱঁৰ মুখিয়ালজনক তেখেতৰ কামৰ বিষয়ে জনাইছিল। এইক্ষেত্ৰত বহুতে সহায় সহযোগিতা আগবঢ়াইছিল যদিও একাংশই ইমান বয়সত ব্যৱসায় আৰম্ভ কৰাৰ বাবে আচৰিত হৈছিল। আচলতে উদ্যমী্য়ে কেতিয়াও বয়স আৰু সময়ৰ ওচৰত হাৰ নামানে। মহেশ বৰাও ইয়াৰ ব্যতিক্ৰম নাছিল।
 
kkk
 
 
যেতিয়া হাতী, গড়ৰ মল বোৰ গোট খাইছিল, ধুই, শুকুৱাই ঘৰৰে Mixture Grinder ত কাপোৰ মিহলাই ন আৰ্হিত কাগজ প্ৰস্তুত কৰিছিল । এই ক্ষেত্ৰত ওতঃ প্ৰোতভাৱে জড়িত থাকি সহযোগ কৰা নিশা বৰাই NE FOCUS আগত এনেদৰে ব্যক্ত কৰে । মই আৰম্ভণীৰ পৰাই এই কামৰ লগত জড়িত হৈ আছিলো । পৰীক্ষণত যেতিয়া সফলতা লাভ কৰিছিল, পৰবৰ্ত্তী সময়ত ছয়গাৱত আমাৰ উদ্যোগ প্ৰতিষ্ঠা কৰো । দিল্লীত হোৱা এক প্ৰৰ্দশনীত অংশগ্ৰহণৰ জৰিয়তে আমাৰ উৎপাদিত সামগ্ৰী সমূহে বজাৰ দখল কৰিবলৈ সক্ষম হ’ল। স্মতৰ্ব্য যে নিশা বৰাই এজন ডিজাইনাৰ সহায়ত কাগজ সমূহ বেগ, বহী, পাৰ্ছ আদিলৈ পৰিৰ্বত্তিত কৰি তোলে। Social Media ৰ জৰিয়তে ELRihno সামগ্ৰী সমূহৰ ফটো প্ৰদৰ্শিত কৰাৰ লগে লগে ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত চৰ্চা লাভ কৰে। এই মন্তব্য ELRihno ৰ কোম্পানীৰ পৰিচালিকা নিশা বৰাৰ । সম্প্ৰতি নিশা বৰা মুম্বাইৰ বাসিন্দা ।
IMG-20160827-WA0003
 
ভবিষ্যতে এই কোম্পানীয়ে অসমৰ ভিতৰুৱা অঞ্চলৰ মানুহখিনি জৰিত কৰাই কাম কৰাৰ হেঁপাহ আছে। আপুনিও এই শুভ কামৰ অংশীদাৰ হ’ব পাৰে। আপোনাৰ পুৰণা কাপোৰ কানি দান অথবা বিক্ৰী কৰি সহায়ৰ হাত আগবঢ়াব পাৰে । এনে কামৰ লগত জৰিত হৈ আৰ্থিক ভাবে দূৰ্বল জনে স্বচ্চলতাৰ মুখ দেখিব পাৰে । এনে ধৰণ শুভ কামত আমাৰ সদায় শুভকামনা থাকিব । আপুনিও আমালৈ এনে যদি কাহিনী জানে লিখিব পাৰে আমাৰ ই- মেইল – [email protected].

4 Comments
  1. susanta konwar says

    ভাল লাগিল
    অসমৰ চুকে কোনে বহু বহু যুৱক যুৱতীয়ে কৰ্ম সংস্থাপনৰ বাবে হাবাথুৰি খাইছে ৷ যদি এনে উৎসাহি লিখনিৰ লগতে কিদৰে তেওঁলোক যিকোনো ব্যৱসায় বা সংস্থাপনৰ ক্ষেত্ৰত প্ৰবেশ কৰিব সেই বিষয়ে অৱগত হলে লাভাম্বাবিত হব ৷ যিহেতু বহু যুৱক যুৱতীয়ে কিবা কৰাৰ ইচ্ছা থাকিলেও প্ৰকৃত উৎস বা পথটো বিচাৰি নাপায় ৷
    শেষত আৰু আশাৰে ়

  2. Dimpi gogoi saikia says

    Val lagil..nd interesting .

  3. Mahesh Chandra Bora says

    I am happy to see that NE Focus is trying to generate awareness of environmental conservation by writing about our work which aims to contribute towards conservation of the rhino, the elephant and their habitat – the green forests of Assam. The model of our business is simple:- use small quantity of rhino and elephant dung mixed with waste cotton rags and waste local raw materials like banana fibre to make paper. This will reduce consumption mill made paper which is obtained by cutting trees and bamboo for use as raw materials – resulting in better availability of food for the wild animals. Forest villagers associated with us and earning additional livelihood from this venture will not allow poachers. When we sell our products nationally and internationally we engage our customers in the conservation of the rhino and the elephant by way of advocacy. We welcome volunteers to join us in this small but important effort in whatever manner they can.
    -Elrhino

  4. dimpi gogoi saikia says

    nice.

Your email address will not be published.