অসমৰ থলুৱা আলংকাৰিক মাছৰ আছে প্ৰচুৰ ব্যৱসায়িক সম্ভাৱনীয়তা

4 433

আমি অসমীয়া নহওঁ দুখীয়া
কিহৰ দুখীয়া হম ……
সকলো আছিল,
সকলো আছে,
নুশুনো নলও গম।

ৰসৰাজ লক্ষ্মীনাথ বেজবৰুৱাই এনেয়ে কৈ যোৱা নাই । সঁচা কথা ক’বলৈ হ’লে আমাৰ সকলো আছিল আৰু সকলো আছে। কিন্তু গমি নোচোৱাৰ বাবেই আজি হয়তো কিছু পিছপৰি আছো।উদাহৰণস্বৰুপে ক’ব বিচাৰিছো আমাৰ অসমৰ থলুৱা আলংকাৰিক মাছ উৎপাদনৰ বিপুল সম্ভাৱনীয়তাৰ প্ৰসংগটো ।
New Microsoft Office Publisher Documeooont
খাবলৈ বুলি অনা ৰংচঙী্য়া খলিহনা মাছ, অথবা ককিলা মাছৰ সৌন্দৰ্য দেখি বিমোহিত নোহোৱা মানুহ কমেইহে ওলাব । শুনাত আচৰিত যেন লাগিলেও আপুনি বজাৰৰ পৰা যি মাছ প্ৰতিকেজিত চল্লিছ টকা কিনি আনে, সেই মাছৰ আন্তৰ্জাতিক বজাৰ মূল্য প্ৰতিটো মাছত পাঁচশ টকা ।
 
সাধাৰণতে একোৱাৰিয়ামত সজাই থবলৈ ব্যৱহাৰ কৰা মাছ সমূহক আলংকাৰিক মাছ বোলে । একোৱাৰিয়ামত ঘৰৰ সৌন্দৰ্য্য বৰ্দ্ধন অথবা ফেংচুইৰ বাবে বিধি অনুসৰি আলংকাৰিক মাছ ৰখা হয়। আলংকাৰিক মাছৰ নান্দনিক গতিয়ে মানুহৰ মন প্ৰশান্তিয়ে ভৰি পৰে । সেইবাবে সমগ্ৰ পৃথিৱীতে আলংকাৰিক মাছৰ জনপ্ৰিয়তা আছে । আনহাতে আমাৰ অসমতো প্ৰচুৰ ব্যৱসায়িক সম্ভাৱনা গঢ়ি উঠিছে ।New Microsoft Office Publisher Document
 
মাছৰ একো একোটা প্ৰজাতিয়ে শাৰীৰিক গঠন, ৰং, চাল চলন, দুৰ্লভতা, খাদ্যাভাস আদিৰ ওপৰত ভিত্তি কৰি আলংকাৰিক মাছ হিচাপে স্বীকৃতি পায় । বিশেষজ্ঞ সকলৰ মতে, অসমত প্ৰায় ১৫০ বিধতকৈ অধিক আলংকাৰিক মাছ আছে । তাৰ ভিতৰত আমি সদায়ে দেখি থকা পুঠি, মোৱা, টোৰা ইত্যাদি উল্লেখযোগ্য । বিদেশত দুৰ্লভ হোৱা বাবে এই মাছবোৰৰ চাহিদা আলংকাৰিক মাছ হিচাপে যথেষ্ট বেছি ।
 
অসমৰ মানুহৰ এই অজ্ঞতাৰ সুবিধা লৈ বাহিৰৰ ব্যৱসায়ী সকলে এই মাছসমূহ অতি সস্তাত সংগ্ৰহ কৰি নি আন্তৰাষ্ট্ৰীয় বজাৰত চ’ৰা দামত বিক্ৰী কৰি প্ৰচুৰ মুনাফা অৰ্জন কৰি আহিছে, যদিও কেৰেলা, তামিলনাডু, পশ্চিম বংগ আদি ৰাজ্য সমূহ এই ব্যৱসায়ত আগৰণুৱা । কিন্তু ৰপ্তানিকৃত মাছৰ সিংহভাগ অসমৰ পৰাহে যায় । বিশ্বৰ আলংকাৰিক মাছৰ মূল বজাৰখন আছে ছিঙ্গাপুৰত ।

New Microsoft Office Publisher Document - Copy
অসমৰ উদ্যমী সকলক এই ব্যৱসায়টোৰ প্ৰতি উৎসাহীত কৰিবলৈ Marine Products Export Development Authority (MPEDA). National Bank for Agriculture and Rural Development (NABARD), North Eastern Development Financial Institutions ( NEDFi) আদিয়ে বিভিন্ন প্ৰশিক্ষণ তথা আৰ্থিক সাহায্য আগবঢ়াইছে । ইচ্ছুক ব্যক্তিসকলে এই অনুষ্ঠান সমূহৰ লগত যোগাযোগ কৰিলে সূফল পাব ।
 
(ফটো সমূহ Local fishes of Assam ৰ পৰা সংগৃহীত )
 

লেখক- ধ্ৰুৱ জ্যোতি অৰ্জুনা

 

4 Comments
  1. Ibrar Ahmed says

    Im interested.
    Dhekia hakh (Firm) business tu upart moi besi imporatance dibo bisarisu.
    Apunalukar hohai lage muk.

    1. Dhruba Jyoti Arjuna says

      a article on indigenous edible & aromatic herbs will be published soon

  2. Madhab Das says

    এটা বহুত ভাল কথা জানিব পাৰিলো । ইয়াৰ দ্বাৰা বহুত অসমৰ যুবকে উন্নতি কৰিব পাৰিব ।

    1. Dhruba Jyoti Arjuna says

      Thank You Madhab Das .

Your email address will not be published.