পৰ্যটক সকলৰ বাবে সুখবৰ। দীৰ্ঘদিনৰ অন্তত পৰ্যটকৰ বাবে মুকলি হ’ব মানাহ ৰাষ্ট্ৰীয় উদ্যান। ক’ভিড মহামাৰীৰ বাবে দীৰ্ঘদিনে বন্ধ হৈ আছিল ৰাজ্যৰ পৰ্যটনস্থলী সমুহ। হতাশাগ্ৰস্ত হৈ পৰিছিল আৰ্থিকভাবে জুৰুলা হৈ পৰা পৰ্যটনক্ষেত্ৰৰ লগত জড়িত লোকসকল। অৱশেষত আহিল সুখবৰ, খোল খাব ৰাজ্যৰ পৰ্যটনস্থলীৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যান।অক্টোৱৰৰ প্ৰথম সপ্তাহত পৰ্যটকৰ বাবে খুলিব মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ। সেয়ে পৰ্যটকক আদৰিবলৈ সম্পূৰ্ণৰূপে সাজু মানাহ ৰাষ্ট্ৰীয় উদ্যান কৰ্তৃপক্ষ। সমান্তৰালভাৱে সাজু হৈ উঠিছে জীপ ছাফাৰী, হোটেল-ৰেষ্টুৰেণ্ট, লজ আদিও। ক’ভিড মহামাৰীৰ বাবে দীৰ্ঘদিন ধৰি বন্ধ হৈ আছিল মানাহ ৰাষ্ট্ৰীয় উদ্যানৰ প্ৰৱেশদ্বাৰ। মানাহৰ প্ৰবেশদ্বাৰ বহুদিনৰ মূৰত খোল খোৱাৰ খবৰে আনন্দিত কৰি তুলিছে বনকৰ্মী সকলকো৷ বহুদিনৰ মূৰত পৰ্যটকৰ মুখ দেখিবলৈ পাব মানাহৰ সতে জড়িত সকলোৱে। জীপ ছাফাৰী, হোটেল,ৰেষ্টুৰেণ্ট, লজৰ কৰ্মীসকল কৰ’নাকালীন পৰিৱেশৰ বাবে আৰ্থিক ভাবে অতিকৈ জুৰুলা হৈ পৰিছিল৷ শেহতীয়াকৈ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অক্টোৱৰৰ প্ৰথম সপ্তাহত অন্যান্য পৰ্যটনস্থলী সমুহৰ লগতে মানাহ ৰাষ্ট্ৰীয় উদ্যানো পৰ্যটকৰ বাবে মুকলি হ’ব বুলি কৰা মন্তব্যই উৎফুল্লিত কৰিছে মানাহৰ সৈতে জড়িত সকলোকে। ইতিমধ্যে ১৪৫ খন জীপছী, শতাধিক হাতী পৰ্যটকৰ বাবে সাজু কৰি তোলা হৈছে৷ জীপ ছাফাৰী,হাতী ছাফাৰীৰ লগতে পৰ্যটকৰ বাবে থাকিব ৰাফ্টিঙৰো ব্যৱস্থা।
Trending
- ২০০ খন বিছনাযুক্ত ওদালগুৰি জিলা অসামৰিক চিকিৎসালয় পৰিদৰ্শন- মন্ত্ৰী অশোক সিংহলৰ
- শাওণ মাহৰ প্ৰথমটো সোমবাৰত বোলবোম উপলক্ষে ভীমাশংকৰত হাজাৰ হাজাৰ ভক্তৰ সমাগম
- ইণ্ডিয়া-এআই মিছন : অসমৰ ৫ শিক্ষানুষ্ঠানত স্থাপন হ’ব কৃত্ৰিম বুদ্ধিমত্তাৰ ডাটা লেব
- ফৰ্টিফাইড চাউলৰ সজাগতামূলক সংবাদ মাধ্যমৰ কৰ্মশালা
- অসম সাংস্কৃতিক ন্যাসৰ পাঁচদিনীয়া গ্ৰীষ্মকালীন কৰ্মশালাৰ সামৰণি
- চিন্তাবিদ – সমালোচক ডঃ হীৰেন গোঁহাইসহ চাৰিগৰাকী সাহিত্যিক- শিল্পীলৈ সাহিত্য সাধনা মঞ্চ অসমৰ সন্মান
- চিত্ৰশিল্পী-কবি ৱাহিদা আহমেদৰ কাব্যগ্ৰন্থ এশ বিয়োগ এক উন্মোচন
- জ্ঞানমালিনী সাহিত্য সভাৰ আজীৱন সভ্য ভৰ্ত্তি অভিযান
- এয়াৰটেলৰ গ্ৰাহকৰ বাবে বিশেষ সুবিধা
- সাংসদ গৌৰৱ গগৈৰ দাবীৰ প্ৰতি সঁহাৰি ৰেলৱে বোৰ্ডৰ -ডুমডুমা ৰেলৱে ষ্টেচন পুনৰ মুকলি কৰি যাত্ৰী সংৰক্ষণ ব্যৱস্থা(passenger reservation system) স্থাপনৰ দাবীক মান্যতা