এখন স্বচ্ছ গাওঁ, যিখন গাওৱে এইবাৰ অসমৰ ভিতৰত স্বচ্ছতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ’ল। গাওখন গোৱালপাৰা জিলাৰ বালিজানা উন্নয়ন খন্ডৰ অন্তগৰ্ত। গাওখনৰ নাম ৰাংছাপাৰা। গোৱালপাৰা চহৰৰ পৰা মাত্ৰ ১৩ কিলো মিটাৰ নিলগত থকা এই গাওখনে স্বচ্ছতাৰ ক্ষেত্ৰত নিদৰ্শন দেখুওৱাইছে। জানিব পৰা মতে, প্ৰত্যেকৰ ঘৰৰ চৌহদত ডাছবিনৰ সুব্যৱস্থা আছে। গাৰো জনগোষ্ঠীৰ অধ্যুষিত এই ৰাংছাপাৰা গাৱঁখনৰ শিক্ষিত হাৰ ৫০% শতাংশ। অধিকাংশ লোকৰ জীৱিকা কৃষি। বাকী ১০% য়ে ব্যৱসায়, চাকৰি কৰে। উল্লেখযোগ্য যে, ৰাংছাপাৰা গাওবাসীয়ে গাওবুঢ়াৰ সকলো কথা মানি চলে। গাওবুঢ়া Robathson Momin ৰ কথা অনুসৰি গাওখন পৰিচালনা হয়। স্মতৰ্ব্য যে ২০০২ চনৰ পৰাই স্বচ্ছতাৰ উদ্দেশ্যে এখন গাওঁ পৰিচালনা সমিতি গঠন কৰা হৈছিল। সেই অনুসৰি মাদক দ্ৰব্য নিষিদ্ধ কৰণ, মুকলি ঠাইত শৌচ কৰিলে ৫০০০ টকা জৰিমনাৰ লগতে কৰোবাৰ ঘৰত জাৱৰ থাকিলে ৫০০ টকা জৰিমনা আদায় কৰা নিয়ম প্ৰবৰ্তন কৰিছিল। ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাংছাপাৰাত ঘৰৰ সংখ্যা ৮৮ টা, পৰিয়ালৰ সংখ্যা ৪৭৪ টা। গাৰোসকলৰ মাতৃ প্ৰধান সমাজ ব্যৱস্থাৰ প্ৰতিছবি ৰাংছাপাৰাতো দেখা যায়। নাৰী সবলীকৰণৰ ক্ষেত্ৰত এই গাওখন বহু পিছপৰি আছে। বিশেষকৈ নাৰী সকলে ভাষিক সমস্যাৰ পৰিপ্ৰেক্ষিতত বাহিৰৰ মানুহৰ লগত কথোপকথনৰ পৰা বিৰত থকা পৰিলক্ষিত হয় । এইক্ষেত্ৰত বালিজানা পঞ্চায়তৰ সচিব জনে সকলো ধৰণৰ সহায় সহযোগি্তা আগবঢ়াই জাবলৈ বদ্ধপৰিকৰ বুলি জানিবলৈ দিয়ে। যিহেতু অসমৰেই এখন গাওঁ, গতিকে ভাষা, সংস্কৃতি শিক্ষাৰে আগবঢ়াই নিয়াৰ কথা ঘোষণা কৰে। ইতিমধ্যে বহুতো পৰ্যটকে গাওখনলৈ গৈ স্বচ্ছতাৰ পৰিবেশ প্ৰত্যক্ষ কৰিছে।
Trending
- Assam’s Baksa Honey Enters US Market in Historic ODOP Export
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰৰ সামৰণি
- গুৱাহাটী বিশ্ববিদ্যালয়ত আন্তঃবিশ্ববিদ্যালয় বেডমিণ্টন প্ৰতিযোগিতা আৰম্ভ
- এপল’ এক্সেলকেয়াৰ হাস্পতালৰ উদ্যোগত সজাগতা কাৰ্যসূচী -এছ বি আইৰ মুখ্য কাৰ্যালয়ত ৰক্তদান শিবিৰ সম্পন্ন
- ত্ৰিপুৰা চৰকাৰৰ উদ্যোগ আৰু বাণিজ্য বিভাগৰ উদ্যোগত গুৱাহাটীত অনুষ্ঠিত হয় ডেষ্টিনেশ্যন ত্ৰিপুৰা : বিজনেছ কনক্লেভ ২০২৬ৰ ইনভেষ্টৰছ্ ৰোডশ্ব’
- NSE Launches Electronic Gold Receipts (EGRs) to Strengthen India’s Gold Ecosystem
- পশ্চিম গুৱাহাটী মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ আলোচনা চক্ৰ অনুষ্ঠিত
- অপ্ৰমাদী কবি মাধৱ কন্দলিকৃত ৰামায়ণ সন্দৰ্ভত বিশ্ববিদ্যালয়ৰ অধীনত গৱেষণা কৰা গৱেষকসকললৈ ৰাষ্ট্ৰীয় বঁটাপ্ৰদানৰ ব্যৱস্থা
- অৱসৰৰ দিনাই ১০ গৰাকী শিক্ষক-কৰ্মচাৰীলৈ পেঞ্চনৰ ব্যৱস্থা
- Inauguration of Common Facility Centre (CFC) under PM-DevINE Scheme at East Siang, Arunachal Pradesh
5 Comments
Reply To Mrigen
Cancel Reply




সুন্দৰ বাতৰি
Well done
Well done Robertson morning sir
আমি কাজিরঙাত এনে এখন গাঁও গঢ়ি তুলিব বিছারিছো।এই খন গাঁও আমার আদর্শ হব।
অভিভূত হ’লো…অসমৰ সকলোঁ গাঁও এই ৰংছাপাৰাৰ দৰেই হৈ পৰক..