এখন স্বচ্ছ গাওঁ, যিখন গাওৱে এইবাৰ অসমৰ ভিতৰত স্বচ্ছতাৰ প্ৰথম পুৰস্কাৰ লাভ কৰিবলৈ সক্ষম হ’ল। গাওখন গোৱালপাৰা জিলাৰ বালিজানা উন্নয়ন খন্ডৰ অন্তগৰ্ত। গাওখনৰ নাম ৰাংছাপাৰা। গোৱালপাৰা চহৰৰ পৰা মাত্ৰ ১৩ কিলো মিটাৰ নিলগত থকা এই গাওখনে স্বচ্ছতাৰ ক্ষেত্ৰত নিদৰ্শন দেখুওৱাইছে। জানিব পৰা মতে, প্ৰত্যেকৰ ঘৰৰ চৌহদত ডাছবিনৰ সুব্যৱস্থা আছে। গাৰো জনগোষ্ঠীৰ অধ্যুষিত এই ৰাংছাপাৰা গাৱঁখনৰ শিক্ষিত হাৰ ৫০% শতাংশ। অধিকাংশ লোকৰ জীৱিকা কৃষি। বাকী ১০% য়ে ব্যৱসায়, চাকৰি কৰে। উল্লেখযোগ্য যে, ৰাংছাপাৰা গাওবাসীয়ে গাওবুঢ়াৰ সকলো কথা মানি চলে। গাওবুঢ়া Robathson Momin ৰ কথা অনুসৰি গাওখন পৰিচালনা হয়। স্মতৰ্ব্য যে ২০০২ চনৰ পৰাই স্বচ্ছতাৰ উদ্দেশ্যে এখন গাওঁ পৰিচালনা সমিতি গঠন কৰা হৈছিল। সেই অনুসৰি মাদক দ্ৰব্য নিষিদ্ধ কৰণ, মুকলি ঠাইত শৌচ কৰিলে ৫০০০ টকা জৰিমনাৰ লগতে কৰোবাৰ ঘৰত জাৱৰ থাকিলে ৫০০ টকা জৰিমনা আদায় কৰা নিয়ম প্ৰবৰ্তন কৰিছিল। ২০১১ চনৰ লোকপিয়ল অনুসৰি ৰাংছাপাৰাত ঘৰৰ সংখ্যা ৮৮ টা, পৰিয়ালৰ সংখ্যা ৪৭৪ টা। গাৰোসকলৰ মাতৃ প্ৰধান সমাজ ব্যৱস্থাৰ প্ৰতিছবি ৰাংছাপাৰাতো দেখা যায়। নাৰী সবলীকৰণৰ ক্ষেত্ৰত এই গাওখন বহু পিছপৰি আছে। বিশেষকৈ নাৰী সকলে ভাষিক সমস্যাৰ পৰিপ্ৰেক্ষিতত বাহিৰৰ মানুহৰ লগত কথোপকথনৰ পৰা বিৰত থকা পৰিলক্ষিত হয় । এইক্ষেত্ৰত বালিজানা পঞ্চায়তৰ সচিব জনে সকলো ধৰণৰ সহায় সহযোগি্তা আগবঢ়াই জাবলৈ বদ্ধপৰিকৰ বুলি জানিবলৈ দিয়ে। যিহেতু অসমৰেই এখন গাওঁ, গতিকে ভাষা, সংস্কৃতি শিক্ষাৰে আগবঢ়াই নিয়াৰ কথা ঘোষণা কৰে। ইতিমধ্যে বহুতো পৰ্যটকে গাওখনলৈ গৈ স্বচ্ছতাৰ পৰিবেশ প্ৰত্যক্ষ কৰিছে।
Trending
- Foundation Stone Laying Ceremony of North East Centre for Technology Application and Reach (NECTAR)
- Assam CM meets EU Ambassador to India-discusses opportunities for collaboration in different sectors
- এইচ ডি এফ চি বেঙ্কে ভাৰতীয় সেনাবাহিনী আৰু চি এচ চি একাডেমীয়ে প্ৰকল্প নমন ২৬ টা নতুন স্থানলৈ সম্প্ৰসাৰিত
- গ্ৰাহক দিৱস উদযাপন
- কৃষকক সৱলীকৰণৰ লক্ষ্যৰে কাঁহিকুছিৰ কৃষি বিজ্ঞান কেন্দ্ৰত কৰ্মশালা সম্পন্ন
- Farmers Mobilization & Awareness Programme under PM-DevINE Scheme Held in Goalpara
- দিল্লী আৰু মুম্বাইত নিৰ্মাণ হ’বলগীয়া নতুন অসম ভৱনত চৰকাৰে প্ৰতিষ্ঠা কৰিব একোটাকৈ ‘নামঘৰ’
- ভাৰতীয় ভাষাসমূহত কৃত্রিম বুদ্ধিমত্তা-গুৱাহাটী বিশ্ববিদ্যালয়ত উত্তৰ-পূৰ্বাঞ্চলৰ ভাষা প্ৰযুক্তিবিষয়ক দুদিনীয়া কৰ্মশালাৰ সামৰণি
- IIMC initiated quality Media education in the Third World
- কনটেণ্ট ক্ৰিয়েটৰ এক আকৰ্ষণীয় কেৰিয়াৰ- ড°বুলজিৎ বুঢ়াগোহাঁই-ডেভেলপমেণ্ট ডিজিটেলি গ্রুপৰ উদ্যোগত কেৰিয়াৰ কৰ্মশালা সম্পন্ন
5 Comments
Reply To Rupjyoti Saikia Gogoi
Cancel Reply
সুন্দৰ বাতৰি
Well done
Well done Robertson morning sir
আমি কাজিরঙাত এনে এখন গাঁও গঢ়ি তুলিব বিছারিছো।এই খন গাঁও আমার আদর্শ হব।
অভিভূত হ’লো…অসমৰ সকলোঁ গাঁও এই ৰংছাপাৰাৰ দৰেই হৈ পৰক..