অগপ চৰকাৰৰ দ্বিতীয়টো কাৰ্যকালত সংঘটিত গুপ্তহত্যা বিভীষিকা এইবাৰ প্ৰদৰ্শিত হ’ব ৰূপালী পৰ্দাত।এফালে গুপ্তহত্যাৰ আতংক, আনফালে সেনাবাহিনীৰ অত্যাচাৰৰ সেই বিভীষিকাময় দিনসমূহৰ বাস্তৱ পটভূমিত বলিউডত নির্মিত এখন নতুন ছবিয়ে সমগ্ৰ দেশতে মুক্তি লাভ কৰিব।প্ৰাক্তন ন্যায়াধীশ কে এন শইকীয়া আয়োগৰ তদন্ত প্ৰতিবেদনৰ ভিত্তিত গুপ্তহত্যাৰ কাহিনীৰে নিৰ্মাণ কৰা হিন্দী ছবি শ্বেড এছাচিনছ অহা ৯ ডিচেম্বৰত ছবিগৃহত মুক্তিলাভ কৰিব এই কথা সদৰী কৰিছে ছবিখনৰ আয়োজক-পৰিচালক নিলাঞ্জনা ৰীতা দত্তই।গুৱাহাটী এখন হোটেলত আয়োজন কৰা এখন সংবাদ মেলত দত্তই কয় যে প্ৰাক্তন ন্যায়াধীশ কে এন শইকীয়াৰ তদন্ত প্ৰতিবেদনৰ উপৰি তেওঁৰ ব্যক্তিগত অভিজ্ঞতাৰ আধাৰত এই ছবিখন নিৰ্মাণ কৰা হৈছে।য’ত ৯০ৰ দশকত গাঁৱে-ভূঞে। বিৰাজ কৰা সেই ভয়াবহ পৰিস্থিতি চিত্ৰায়ন কৰাৰ চেষ্টা কৰা হৈছে বিভিন্ন স্থানত উদ্ধাৰ হোৱা মৃতদেহ , সেনা-আৰক্ষীৰ অভিমান আদি এই ছবিখনৰ জৰিয়তে প্ৰকাশ কৰিব বিচৰা হৈছে পুনেৰ ফিল্ম এণ্ড টেলিভিছন ইনষ্টিটিউট অৱ ইণ্ডিয়াৰ প্ৰাক্তন ছাত্ৰ তথা দুবাৰকৈ ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰে সন্মানিত দত্তই প্ৰকাশ কৰা অনুসৰি ছবিখনৰ কাহিনী কাল্পনিক হ’লেও ইয়াৰ পটভূমি সম্পূৰ্ন বাস্তৱ।ছবিখনৰ মাজেৰে বহুতেই নিজৰ পৰিচিত বহু ঘটনা, পৰিঘটনা পুনৰ এবাৰ দেখিবলৈ পাব বুলি উল্লেখ কৰি তেওঁ কয়- ভাৰতৰ মূলসুঁতিৰ ছবিজগতত অসমৰ বহু জীৱন্ত কাহিনী সদায়েই উপেক্ষিত হৈ আহিছে।সমগ্ৰ বিশ্বক অসমৰ প্ৰেক্ষাপটত এখন ছবি নিৰ্মাণ কৰি ৯০ ৰ দশকত অসমৰ সেই ক’লা অধ্যায়ৰ আভাস দিবলৈ চেষ্টা কৰা হৈছে ছবিখনত প্ৰতিজন অভিনেতাই খুব সুন্দৰকৈ অভিনয় কৰিছে।৩.৫ কোটি টকা বাজেটেৰে নিৰ্মাণ কৰা ছবিখনত অসম আৰু কলকাতাৰ লগতে বলিউডৰ কেইগৰাকীও জনপ্ৰিয় অভিনেতাই অভিনয় কৰিছে।সংবাদ মেলত তেওঁ প্ৰকাশ কৰা অনুসৰি বলিউডৰ জনপ্ৰিয় অভিনেতা অনুৰাগ সিনহা, দাক্ষিণাত্যৰ ছবিজগতৰ প্ৰতিষ্ঠিত অভিনেত্ৰী মিষ্টি চক্ৰৱৰ্তী, জনপ্ৰিয় অভিনেতা হেমন্ত খেৰ,কেশৰী ছবিত খলনায়কৰ চৰিত্ৰত অভিনয় কৰা ৰাকেশ চতুৰ্বেদী ওম,সৌম্য মুখাৰ্জীৰ লগতে কেইবাগৰাকীও জনপ্ৰিয় অভিনেতাই অভিনয় কৰিছে।তদুপৰি অসমৰ মনোজ বৰকটকী, ৰঞ্জিৱলাল বৰুৱা, স্তুতি চৌধুৰী, ভায়োলেট নাজিৰ তিৱাৰী, ৰঞ্জিতা বৰুৱা,মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰ, বিভূতিভূষণ হাজৰিকাকে ধৰি কেইবাগৰাকীও অসমৰ অভিনেতা-অভিনেত্ৰীয়ে অভিনয় কৰিছে।বলিউডৰ জনপ্ৰিয় সংগীত শিল্পী জাভেদ আলীৰ লগতে যুৱ প্ৰজন্মৰ হাৰ্টথ্ৰব জুবিন গাৰ্গে ছবিখনৰ দুটি গীতৰ কণ্ঠদান কৰিছে।ছবিখনৰ সাজসজ্জা গৰিমা শইকীয়া গাৰ্গ আৰু ৰূপসজ্জাৰ দায়িত্বত আছে বিশ্ব কলিতা।কলকাতাৰ জনপ্ৰিয় শিল্পী আশু চক্ৰৱৰ্তীয়ে শ্বেড এছাচিনছ’ৰ সংগীত পৰিচালনা কৰিছে।সংবাদ মেলত তেওঁ প্ৰকাশ কৰা অনুসৰি পুনেৰ লগতে গুৱাহাটী সমীপৱৰ্তী বিভিন্ন স্থানত ছবিখনৰ দৃশ্যগ্ৰহন কৰা হৈছে।হিন্দী ভাষাত নিৰ্মাণ কৰা বলিউডৰ ছবিখন সমগ্র দেশৰ লগতে বিদেশটো মুক্তিৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰি তেওঁ কয় যে অসমবাসীৰ বাবে গুপ্তহত্যা শব্দটো এতিয়াও এক আতংক অনুভূতি।সেই বিভীষিকাপূৰ্ণ ক’লা দিনসমূহৰ স্মৃতিয়ে আজিও অসমৰ বহু পৰিয়ালক খেদি ফুৰে।অসমৰ পটভূমিত নিৰ্মাণ কৰা এই বলিউডৰ ছবিখনৰ প্ৰচাৰকাৰ্যও অসমৰ পৰাই আৰম্ভ কৰা হৈছে।ইপিনে সংবাদ মেলত উপস্থিত থকা গৰিমা শইকীয়া গাৰ্গে ছবিখন সন্দৰ্ভত কয় যে সামগ্ৰিক ভাৱে গুপ্তহত্যাৰ সময়ছোৱা কাহিনী সমূহ চিত্ৰায়ন কৰিবলৈ চেষ্টা কৰা হৈছে।ইয়াৰ বাবে বিভিন্ন স্থানত সেই সময়ত সৃষ্টি হোৱা পৰিস্থিতি সম্পৰ্কত বাতৰিকাকত অথবা আলোচনীত প্ৰকাশ পোৱা প্ৰতিবেদনৰ সহায় লোৱা হৈছিল আৰু সেই ধৰণে দৃশ্যগ্ৰহন কৰি বাস্তৱ পৰিস্থিতি প্ৰকাশ কৰিবলৈ ছবিখনৰ জৰিয়তে চেষ্টা কৰা হৈছে।আজি অনুষ্ঠিত সংবাদ মেলত অভিনেতা মহেশ গিন্নিলাল ,মনোজ বৰকটকী, পৰিক্ষিত তামুলী,মৃগেন্দ্ৰ নাৰায়ণ কোঁৱৰৰ লগতে কেইবাগৰাকী কলা-কুশলী উপস্থিত থাকে।
Trending
- বোকাখাতৰ নুমলীগড়স্থিত বান সাহাৰ্য্য শিবিৰত আজি উপস্থিত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা
- Emergency Flood Preparedness Meeting Held in Kamrup
- ৰাজ্যৰ পাঁচ জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ বিস্তৃত পৰ্যালোচনা : গুণগত আৰু সুলভ স্বাস্থ্যসেৱা নিশ্চিতকৰণত গুৰুত্ব মন্ত্ৰী অশোক সিংহলৰ
- এয়াৰটেল হটস্পট সেৱাৰ গতি অব্যাহত
- Agriculture Minister Pijush Hazarika distributes MMUA cheques to 22,818 beneficiaries in Dhing
- ধুবুৰী, কোকৰাঝাৰকে ধৰি পাঁচখন জিলাৰ স্বাস্থ্য ব্যৱস্থাৰ পৰ্যালোচনা
- বিশ্বকাপৰ উন্মাদনাৰ মাজতে গুৱাহাটীত সাংবাদিকৰ দুভৰিৰ যাদু
- Agriculture Minister Pijush Hazarika visits Khumtai constituency in Golaghat and takes stock of projects, interacts with farmers
- অসম চৰকাৰ শিল্প, বাণিজ্য আৰু ৰাজহুৱা উদ্যোগ বিভাগ উদ্যোগত মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযান
- ২০ জুলাইৰ পৰা লোকপ্ৰিয় গোপীনাথ বৰদলৈ আন্তৰ্জাতিক বিমানবন্দৰৰ নতুন টার্মিনেলত আৰম্ভ হ’ব ইণ্ডিগ’ৰ বিমান সেৱা