ৰাজ্যৰ অন্যতম প্ৰকাশন প্ৰতিষ্ঠান পৰাগজ্যোতি প্ৰকাশনৰ উদ্যোগত কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিক (কলা শাখা)ৰ প্ৰথম বৰ্ষৰ ছাত্ৰী এঞ্জেলিনা দাসৰ ইংৰাজী কাব্যগ্ৰন্থ “Time’s Winged Chariot” মহানগৰীৰ চানমাৰীৰ পেঞ্চনাৰ ভৱনত শুভ-উন্মোচন কৰা হয় । জীৱনী ডেকাৰ বৰগীত পৰিবেশনৰে শুভাৰম্ভ কৰা সভাখনি উদ্ধোধন কৰি পদ্মশ্ৰী সন্মান প্ৰাপক বিশিষ্ট কবি-সাহিত্যিক ড০ ৰোমান শৰ্মাই কয়- “কবিসকল ভৱিষ্যতৰ দ্ৰষ্টা । কবিয়ে বহু দূৰলৈ চিন্তা কৰিব পাৰে । সেইদৰে এটি শিশু বা কিশোৰেও বহু কথা ভাবিব পাৰে,চিন্তা কৰিব পাৰে । কাব্যগ্ৰন্থখনি উন্মোচন কৰি অসমীয়া প্ৰতিদিন কাকতৰ মুখ্য সহযোগী সম্পাদক অচ্যুত পাটোৱাৰীয়ে কয় – গ্ৰন্থ প্ৰতিজন বিদ্বান- জ্ঞানবান মানুহৰে বিশ্বস্ত সংগী। গ্ৰন্থ আদৰ-সাদৰ যুগে -যুগে থাকিব । গ্ৰন্থৰ লগত সংপৃক্ত থকা লোকসকল সদায় মাধুৰ্য মণ্ডিত হয়।পৃথিৱীত প্ৰতিদিনে কৌটিঘৰত গ্ৰন্থ বিক্ৰী হয়।অসমতো গ্ৰন্থৰ চাহিদা দিনক দিনে বাঢ়িছে ।পৰাগজ্যোতি প্ৰকাশনৰ সচিব তথা সাংবাদিক দীপক শৰ্মাই আত ধৰা সভাত মুখ্য অতিথি হিচাপে অপৰাধ অনসন্ধান শাখা, গুৱাহাটীৰ আৰক্ষী অধীক্ষক জয়শ্ৰী খেৰছাই কয়- “এঞ্জেলিনা দাসে আৰু আমাক চিন্তা কৰাব শিকালে। কবিতাৰে সমাজৰ কথা, প্ৰকৃতিৰ কথা সুন্দৰকৈ উপস্থাপন কৰিছে ।ৰাজ্যসভাৰ প্ৰাক্তন সাংসদ তথা বিশিষ্টা লেখিকা ড০ জয়শ্ৰী গোস্বামী মহন্তই বিশিষ্ট অতিথিৰ ভাষণত কয়- “একোখন কিতাপে প্ৰতিজন মানুহৰে ভোক নিবাৰণ কৰিব পাৰে ।সুখৰ অনুভূতিবোৰ জাগ্ৰত কৰিব পাৰে । কবি-লেখকৰ দায়িত্ব অনেক।এঞ্জেলিনা দাসে আমাৰ হৃদয় জোকাৰি দিলে। ভাবো অন্য মানুহ- যিয়ে কবিগৰাকীৰ কাব্যগ্ৰন্থখন পঢ়িব সকলোৰে মন-মগজু চুই যাব।সভাত অংশ লৈ অসম সাহিত্য সভাৰ প্ৰাক্তন কোষাধ্যক্ষ তথা বিশিষ্ট কবি, লেখক কিশোৰ কুমাৰ জৈনে কয়- “সমকালীন চিন্তাধাৰাৰ সাহিত্য সৃষ্টিৰ ওপৰত গুৰুত্ব দিব লাগে । অনুবাদ সাহিত্যৰ ওপৰতো গুৰুত্বাৰোপ কৰিব লাগে। অসমীয়া সাহিত্য বহুত আগবঢ়া । ভাৰতৰ বহু ভাষাতকৈ অসমীয়া সাহিত্য বহু উন্নত ।” সভাত বিশিষ্ট অতিথি হিচাপে প্ৰাক্তন ভাৰতীয় প্ৰশাসনিক বিষয়া তথা কবি শচীন দাস, কটন বিশ্ববিদ্যালয়ৰ ইংৰাজী বিভাগৰ অধ্যাপক ড০ ধ্ৰুৱজ্যোতি দাস, সন্মানীয় অতিথি হিচাপে ত্ৰিপুৰা কেন্দ্ৰীয় বিশ্ববিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অধ্যাপক ড০ বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য, বিষ্ণুপ্ৰিয়া মণিপুৰী সাহিত্য পৰিষদৰ সভাপতি দিলস লক্ষ্মীন্দ্ৰ সিংহ, অসম সাহিত্য সভাৰ প্ৰাক্তন সহ: সম্পাদক কমল কলিতা, বৰাকৰ শিলচৰ নৰ্মাল স্কুলৰ অধ্যক্ষ তথা অসম সাহিত্য সভাৰ শিলচৰ আঞ্চলিক কাৰ্যলয়ৰ সম্পাদক মানসী সিনহা, সদৌ অসম মহিলা কৰ্মচাৰী সন্থাৰ উপদেষ্টা অঞ্জনা হাজৰিকা, “আজিৰ কবিতা”ৰ সম্পাদক বিনয় চলিহা, বৰপেটা জিলা বহুভাষিক কবি সন্মিলনৰ সভাপতি মৌলানা জাহিদুল ইছলাম, গল্পকাৰ ভৱ ডেকা, গুৱাহাটীৰ উপ-আৰক্ষী অধীক্ষক ঘনশ্যাম চৌধুৰী, অসম সচিবালয়ৰ অৱসৰপ্ৰাপ্ত যুটীয়া সচিব অৰুণ শৰ্মা ,প্ৰাক্তন সমাজ কল্যাণ বিষয়া শিখাৰাণী শৰ্মা ,কটন বিশ্ববিদ্যালয় ছাত্ৰ একতা সভাৰ সাধাৰণ সম্পাদক ঋতুৰাজ শইকীয়া, উপ-সভাপতি ত্ৰিদীপ ভাগৱতীয়ে অংশ লয় । সভাত বেগম ৰুণা লাইলা মজুমদাৰ (গৰৈমাৰী, ছয়গাৱ), ৰুই বৰা ( তেজপুৰ), কণিকা বুজৰবৰুবা (ৰঙিয়া) গীত, শিশুশিল্পী কস্তুৰি কলিতাই নৃত্য পৰিবেশন কৰি সভাৰ সৌষ্ঠব বৰ্দ্ধন কৰে।
Trending
- মন্ত্রী বিশ্বজিৎ দৈমাৰীৰ পৌৰোহিত্যত খেল মহাৰণ ৩.০ – শিশু ক্ৰীড়া সমাৰোহৰ প্ৰস্তুতি পৰ্যালোচনা
- শ্ৰীমন্ত শংকৰ একাডেমীৰ উদ্যোগত গিৰিজানন্দ চৌধুৰী বিশ্ববিদ্যালয়ত দুদিনীয়া কাৰ্যসূচীৰে ঐতিহ্য মহোৎসৱ উদযাপন
- পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ প্ৰয়াত ৩৪ গৰাকী ঠিকাভিত্তিক কৰ্মচাৰীৰ পৰিয়াললৈ ১.৭০ কোটি টকাৰ এককালীন আৰ্থিক সাহায্য
- ভাৰতী এয়াৰটেলে নতুন পোষ্ট পেইড প্লেন মুকলি কৰিছে
- Health & Wellness Camps Held in Kamrup Metro under Seva Sankalp Abhiyan
- বন্যপ্ৰাণী সংৰক্ষণত দক্ষতা প্ৰদৰ্শনৰ বাবে মহিলা খণ্ড বন বিষয়া পাপৰি কছাৰীক বঁটা প্ৰদান
- অত্যাৱশ্যকীয় ঔষধৰ প্ৰাপ্যতাত দেশৰ ভিতৰতে দ্বিতীয় স্থানত অসম
- Health and Wellness Camps Held in Kamrup Metro District under Seva Sankalp Abhiyan
- বিকশিত অসমৰ অধীনত প্ৰস্তাৱ প্ৰস্তুতি সম্পৰ্কীয় বৈঠক
- সামাজিক মাধ্যমত অসমীয়া মিউজিক ভিডিঅ’ ফুলকুমলীয়া মুকলি