অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱনত আধাৰত কিতাপ লিখিছে আমেৰিকাৰ লেখিকাই

1 578

অৰণ্য মানৱ যাদৱ পায়েঙৰ জীৱন কাহিনী প্ৰকাশ কৰিছে আমেৰিকা যুক্তৰাষ্ট্ৰ এগৰাকী লেখিকাই।চ’ফিয়া ঘোল’জ নামৰ লেখিকাগৰাকীয়ে পায়েঙৰ জীৱন আধাৰত the boy who grew a forest নামৰ কিতাপখন লিখি উলিয়াইছে।
 
 
কিতাপখন শিশুৰ উপযোগীকৈ প্ৰস্তত কৰা হৈছে।কিতাপখনৰ প্ৰতিটো পৃষ্ঠা কাৰ্টুন আকাৰত অৰণ্য মানৱ জীৱন কাহিনী বিষয়ে বৰ্ণিত আছে।
 
 
উল্লেখযোগ্য যে আজিৰে পৰা এবছৰৰ আগতে যাদৱ পায়েঙৰ সবিশেষ জানিবলৈ লেখিকা গৰাকীয়ে যাদৱ পায়েঙৰ জীয়ৰী মুনিমুনি পায়েঙক ইষ্টাগ্ৰামত যোগাযোগ কৰিছিল।পায়েঙৰ জীয়ৰীয়ে দিয়া তথ্য ভিত্তিত কল্পনা আৰু বাস্তৱৰ সংমিশ্ৰণ ঘটাই লেখিকা গৰাকীয়ে কিতাপখন প্ৰস্তুত কৰি উলিয়াইছে।কিতাপখন ইতিমধ্যে আমেৰিকা যুক্তৰাষ্ট্ৰৰ স্কুলীয়া পাঠ্যক্ৰম সন্নিবিষ্ট হৈছে।

1 Comment
  1. মন বাহাদুৰ লিম্বূ says

    আমি সঁচাকৈ গৌৰৱান্বিত আপুনাকলৈ মলাই দা !

Your email address will not be published.