এটা ভাল খবৰ

2 328

ভাল খবৰে সকলোৰে মনত আনন্দ দিয়ে।ভাল খবৰ সদায় ভাল খবৰেই। সেই ভাল খবৰটো লাগিলে এক মিনিটৰ বাবেই হওক কিম্বা দীৰ্ঘসময়ৰ বাবেই হওক সেইটো নিৰ্ভৰ নকৰে। পূৰ্বৰ প্ৰতিশ্ৰুতি অনুসৰি Ne focus য়ে সদায় ভাল খবৰহে প্ৰকাশ কৰিব। সেয়েহে আজি আপোনাক জনাব বিচাৰিছো এটা ভাল খবৰ…
IMG-20160819-WA0008
 
 
এই মুহুত্বত জনাব বিচাৰা ভাল খবৰটো কি জানেনে? এগৰাকী অসমীয়া কবি, আমন্ত্ৰিত হৈছে সৰ্বভাৰতীয় লেখক সন্মিলনলৈ । তেখেত বঙাইগাঁও জিলাৰ অভয়াপুৰীৰ মিহিৰ মৌচুম ৰয়। স্মতৰ্ব্য যে ২০১৬ বৰ্ষত অসমৰ পৰা একমাত্ৰ ৰয়ে আমন্ত্ৰিত হৈছে ।
 
 
সাংবাদিকতাৰ যোগেদি কৰ্ম জীৱন আৰম্ভ কৰা মিহিৰ মৌচুম ৰয় বিভিন্ন কাকত আলোচনীৰ নিয়মীয়া লেখক। বৰ্ত্তমান লৈকে তেখেতে ৪১২ ৰো অধিক কবিতা লিখিছে।এই সম্পৰ্কে NE focus ৰ ফালৰ পৰা হোৱা এক আছুতীয়া সাক্ষাৎকাৰত ৰয়ে প্ৰকাশ কৰে যে – মই কৈশোৰ কালৰ পৰা লিখিছো। গাঁৱৰ প্ৰকৃতি পৰিবেশ মোৰ খুব ভাল লাগে । প্ৰকৃতি পৰিবেশ আৰু মানৱতা ওপৰত ভিত্তি কৰিয়েই মই প্ৰধানকৈ কবিতা লিখো। অহা ২৪ আৰু ২৫ আগষ্টত আহমেদাবাদৰ আশ্ৰম ৰোডত থকা গুজৰাট সাহিত্য পৰিষদৰ কাৰ্য্যালয়ত গোৱৰ্ধন স্মৃতি খান্দত ভাৰতীয় সাহিত্য অকাডেমী উদ্যোগত এখন সমাৰোহত অনুষ্ঠিত হ’ব। সেই সমাৰোহত স্বৰচিত কবিতা প্ৰায় ১০ মিনিট পাঠ কৰিম। অৱশ্যে মই পাঠ কৰিবলগা কবিতাবোৰৰ হিন্দী আৰু ইংৰাজী অনুবাদো গ্ৰহণ কৰিব সাহিত্য অকাডেমীয়ে।
IMG-20160819-WA0009
 
অভয়াপুৰীৰ ভোমাপাৰা গাঁৱৰ পৰা আহমেদাবাদলৈ আমন্ত্ৰিত হোৱা কবি গৰাকী, কেৱল বঙাইগাঁও জিলাৰে নহয়, সমগ্ৰ অসমৰ গৌৰৱ। সেইয়েহে আমি জনাইছো আন্তৰিক অভিনন্দন ।

2 Comments
  1. নিৰু দত্ত says

    মিহিৰ মৌচুম ৰয় ডাঙৰীয়ালৈ শুভকামনা জনালো

    1. admin says

      ধন্যবাদ

Your email address will not be published.