কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া কাৰ্যালয়ৰ সন্মুখত গছপুলি ৰোপণ কৰি বিভাগেৰে সম্পৰ্ক অটুত কৰিলে অৱসৰী কৰ্মচাৰী নীলাক্ষী গোস্বামীয়ে

0 211

চাকৰিকালৰ অন্তিম দিনটোত কাৰ্যালয়ৰ সন্মুখত এটা গছপুলি ৰোপণ কৰি কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ লগত সুদীৰ্ঘ কৰ্মময় জীৱনৰ সম্পৰ্ক অটুত আৰু দীৰ্ঘস্থায়ী কৰিলে ৩১ মাৰ্চত অৱসৰ গ্ৰহণ কৰা জেষ্ঠ সহকাৰী সহায়ক নীলাক্ষি গোস্বামীয়ে ৷ উল্লেখ্য যে,৩০ বছৰ ৩ মাহৰ চাকৰিৰ পাছত ব্যক্তিগত অসুবিধাৰ বাবে স্বেচ্ছামূলক অৱসৰ গ্ৰহণ কৰা ৩১ মাৰ্চৰ দিনটোত ৰাজ্যৰ সহকাৰী পৰিবহণ আয়ুক্ত তথা অতিৰিক্ত দায়িত্ববাহী কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ তত্বাৱধানত গছপুলি ৰোপণৰ এক ব্যতিক্ৰম কাৰ্যসূচীৰ লগতে কাৰ্যালয়টোৰ কৰ্মচাৰীসকলৰ উপস্থিতিত এখন বিদায় সভা অনুষ্ঠিত হয়।বিদায় সভাত ভাগ লৈ অৱসৰ লোৱা কৰ্মচাৰী নীলাক্ষী গোস্বামীয়ে পৰিবহণ বিভাগত চাকৰি কালত কটোৱা কৰ্মময় জীৱনৰ মধুৰ স্মৃতি- অভিজ্ঞতাৰ কথা শ্ৰদ্ধাৰে স্মৰণ কৰে৷আনকি গৌতম দাসৰ দৰে এগৰাকী মানৱদৰদী পৰিবহণ বিষয়াৰ সহযোগত নিজকে এগৰাকী নিঃস্বাৰ্থ কৰ্মচাৰী হিচাপে গঢ়ি তুলিবলৈ পাই তেওঁ গৌৰৱবোধ কৰা বুলি তেওঁ সদৰি কৰে।এই উপলক্ষে সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসৰ সভাপতিত্বত অনুষ্ঠিত বিদায়ী সভাখনত সহকাৰী পৰিবহণ আয়ুক্ত গৌতম দাসে নীলাক্ষি গোস্বামীয়ে চাকৰিকালত একান্ত নিষ্ঠা আৰু একাগ্ৰতাৰে উৎসৰ্গিত মনোভাৱেৰে আগবঢ়োৱা সেৱাৰ বাবে অসম চৰকাৰৰ পৰিবহণ বিভাগৰ লগতে কামৰূপ মহানগৰ জিলা পৰিবহণ বিষয়াৰ কাৰ্যালয়ৰ হৈ অভিনন্দন জনায়। একেদৰে তেওঁ দৈনন্দিন ব্যস্ততাপূৰ্ণ জীৱনৰ সমান্তৰালভাৱে এক অন্তৰ্মুখী আৰু আধ্যাত্মিক জীৱন কটাবলৈ বুলি স্বেচ্ছাই অৱসৰ লোৱা কাৰ্যক শুভেচ্ছা জনায় আগন্তুক অৱসৰকালীন জীৱন আৰু অধিক আনন্দদায়ক আৰু সুখকৰ হোৱাৰ কামনা কৰে। বিদায় সভাখনত জিলা পৰিবহণ বিষয়া (প্ৰৱৰ্তক) হিমাংশু কুমাৰ দাস ,আঞ্চলিক পৰিবহণ প্ৰাধিকাৰী ৰফিকুল ইছলাম, যানবাহন পৰিদৰ্শক অমৰ বৰুৱা, মুখ্য সহায়ক ৰবেন্দ্ৰ নাথ পাঠক, জেষ্ঠ্য সহায়ক দেৱ কুমাৰ বৰা, গোলাপী বৰদলৈ, জোনালী পাটোৱাৰী, বিনীতা কাঠাৰ, সিদ্ধেশ্বৰ ৰংহাং, অৰূপ বৰ্মন আদিয়ে বিদায়ী নীলাক্ষী গোস্বামীৰ লগত কামকৰা দিনৰ স্মৃতি-সান্নিধ্যৰ কথা সোঁৱৰণ কৰে।সভাত যানবাহন পৰিদৰ্শক জয়সিং ৰংফাৰে দেশপ্ৰেমমূলক গীত, সাধনা বৰুৱাই ভক্তিমূলক গীত পৰিবেশন কৰি উপস্থিত সকলোকে আপ্লুত কৰে।

Leave A Reply

Your email address will not be published.