জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা ডক্টৰেট ডিগ্ৰী লাভ

0 647

ভাৰতবৰ্ষৰ ৰাজধানী চহৰ দিল্লীস্থিত অগ্ৰণী উচ্চতম শিক্ষানুষ্ঠান জৱাহৰলাল নেহৰু বিশ্ববিদ্যালয়ৰ পৰা “ভাৰতত শিশু অধিকাৰ সুৰক্ষাঃ অসমৰ চাহ বাগিছাৰ ক্ষেত্ৰত এক অধ্যয়ন, ১৯৯০-২০২০। (Child rights protection in India:A study of tea plantations in Assam 1990-2020.) শীৰ্ষক বিষয়ত গৱেষণা কৰি  ডিব্রুগড় জিলাৰ বৰবৰুৱা অঞ্চলৰ মেধাবী গৱেষক প্ৰিয়ংকা নেওগে ডক্টৰেট ডিগ্ৰী লাভ কৰিবলৈ সক্ষম হৈছে।গুৱাহাটীৰ কটন মহাবিদ্যালয়ৰ পৰা ৰাজনীতি বিজ্ঞান বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰি নেওগে জে এন ইউৰ জ্যেষ্ঠ অধ্যাপক ডঃপাপিয়া সেনগুপ্তাৰ তত্বাৱধানত উক্ত বিষয়ত গৱেষণা কৰি পি এইচ ডি কৰি সমগ্ৰ উজনি অসমলৈ বৰেণ্য গৌৰৱ কঢ়িয়াই আনিছে।সম্প্ৰতি মেঘালয়ৰ ইউ এছ টি এমত কৰ্মৰত  প্ৰিয়ংকা নেওগ ডিব্ৰুগড়ৰ উপকণ্ঠ বৰবৰুৱাৰ নিবাসী জ্যেষ্ঠ সাংবাদিক শৰৎ চন্দ্ৰ নেওগ আৰু প্ৰয়াত শিক্ষাবিদ অপৰাজিতা নেওগৰ কণিষ্ঠা কন্যা।

Leave A Reply

Your email address will not be published.