নগাঁও কলেজত বডোফা উপেন্দ্ৰনাথ ব্ৰহ্মৰ জয়ন্তী উদযাপন

0 123

অসম চৰকাৰৰ উদ্যোগত ছাত্ৰ দিৱস উপলক্ষে শুকুৰবাৰে নগাঁও কলেজ (অট’নমাচ)ত বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ জয়ন্তী উদযাপন কৰা হয়। বি টি আৰ প্ৰশাসনৰ সহযোগত নগাঁও কলেজ (অট’নমাচ)ৰ আভ্যন্তৰীণ মানদণ্ড আশ্বাষণ কোষৰ সহযোগত উদযাপিত বি টি আৰ প্ৰশাসনৰ বিশেষ বিষয়া ভিক্টোৰ নাৰ্জাৰী, শশাংক গুপ্ত কাশ্যপ আৰু বডোফা ব্ৰহ্মৰ একালৰ সতীৰ্থ আৰু কাৰ্বি আংলঙৰ লাংহিং উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ শিক্ষক দমন বসুমতাৰী উপস্থিত থাকে।

দিনজোৰা কাৰ্যসূচীৰে অনুষ্ঠিত আজিৰ এই ছাত্ৰ দিৱস মহাবিদ্যালয়ৰ অধ্যক্ষ ড০ শৰৎ বৰকটকীয়ে পুৱা বডোফা ব্ৰহ্মৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ আৰু বন্তি প্ৰজ্জ্বলনেৰে আৰম্ভ কৰে। এই দিৱসৰ লগত সংগতি ৰাখি “আধুনিক শিক্ষাত পৰম্পৰাগত জ্ঞানৰ গুৰুত্ব” শীৰ্ষক এক আলোচনা চক্ৰ অনুষ্ঠিত হয়।

ৰাজনীতি বিজ্ঞান বিভাগৰ মুৰব্বী অধ্যাপক ড০ ৰঞ্জিত মজিন্দাৰৰ অধ্যক্ষতাত অনুষ্ঠিত এই আলোচনা চক্ৰৰ আঁত ধৰে বাণিজ্য বিভাগৰ সহকাৰী অধ্যাপক চিমচন মুচাহাৰীয়ে। আলোচনা চক্ৰখনিত মুখ্য বক্তা হিচাপে উপস্থিত থাকি ইংৰাজী বিভাগৰ প্ৰাক্তন মুৰব্বী অধ্যাপিকা ড০ অনন্যা হিলৈদাৰীয়ে “আধুনিক শিক্ষা ব্যৱস্থাত পৰম্পৰাগত জ্ঞানৰ ব্যৱহাৰ আৰু প্ৰকৃতি আৰু জীৱ বৈচিত্ৰ্য সংৰক্ষণত ইয়াৰ গুৰুত্ব” শীৰ্ষক এক গাম্ভীৰ্য্যপূৰ্ণ বক্তৃতা প্ৰদান কৰে।

আলোচনা চক্ৰখনিত উপস্থিত থাকি নাৰ্জাৰীয়ে বডোফা উপেন্দ্ৰ নাথ ব্ৰহ্মৰ কৰ্মময় জীৱনৰ বিষয়ত এক আলোকপাত কৰে।বি টি আৰ প্ৰশাসনৰ হৈ অহা শশাংক গুপ্ত কাশ্যপে বডোফা ব্ৰহ্মৰ জীৱন, কৃতীত্ব আৰু দৰ্শনৰ বিশয়ে সবিশেষ ছাত্ৰ-ছাত্ৰীৰ আগত দাঙি ধৰে।

একালৰ সতীৰ্থ দমন বসুমতাৰীয়ে বডোফা ব্ৰহ্মৰ সান্নিধ্যৰ কথা সুঁৱৰি তেওঁৰ মহান ত্যাগ আৰু বড়ো জাতিক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰাৰ মহান প্ৰচেষ্টাৰ কথা উল্লেখ কৰে। লগতে তিনিগৰাকী ব্যক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক নেতাগৰাকীৰ আদৰ্শেৰে অনুপ্ৰাণিত হৈ এখন সুস্থ সমাজ গঢ়িবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়।

আজিৰ এই আলোচনা চক্ৰতে নগাঁও কলেজৰ ৰাজনীতি বিজ্ঞান বিভাগৰ ষষ্ঠ ষান্মাসিকৰ ষষ্ঠ ষান্মাসিকৰ ছাত্ৰ ভৱসিন্ধু বৰঠাকুৰে “ৰাষ্ট্ৰীয় শিক্ষানীতি-২০২০ আৰু থলুৱা ভাষাৰ উত্তৰণ” শীৰ্ষক এক বক্তৃতা প্ৰদান কৰে। আজিৰ এই দিনজোৰা কাৰ্যসূচীত নগাঁও কলেজৰ অধ্যাপক, অধ্যাপিকা, অনা শিক্ষক কৰ্মচাৰী আৰু ৫ শতাধিক ছাত্ৰ-ছাত্ৰীয়ে অংশগ্ৰহণ কৰে আৰু শেষত আভ্যন্তৰীণ মানদণ্ড আশ্বাসন কোষৰ সমন্বয়ক ড০ ভুৱন চন্দ্ৰ চুতীয়াই অসম চৰকাৰ আৰু বি. টি. আৰ প্ৰশাসনক কৃতজ্ঞতা জ্ঞাপন কৰাৰ লগতে শলাগৰ শৰাই আগবঢ়ায়।

Leave A Reply

Your email address will not be published.