অলিম্পিক খেলুৱৈ তথা আই বি এ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অর্জন লাভলীনা বৰগোঁহাইৰ

0 166


অলিম্পিক খেলুৱৈ তথা আই বি এ বিশ্ব মহিলা বক্সিং চেম্পিয়নশ্বিপত সোণৰ পদক অর্জনেৰে অসম তথা দেশলৈ গৌৰৱ কঢ়িয়াই অনা অসম আৰক্ষীৰ উপ-আৰক্ষী অধীক্ষক লাভলীনা বৰগোঁহাইক আজি অসম আৰক্ষীৰ হৈ আৰক্ষী সঞ্চালকপ্ৰধানে সম্বর্ধনা জ্ঞাপন কৰে। এই উপলক্ষে উলুবাৰীস্থিত অসম আৰক্ষীৰ ‘অফিচাৰ্ছ মেছ’ত আয়োজিত এক অনুষ্ঠানত খেলুৱৈগৰাকীক অভিনন্দন তথা সম্বর্ধনা জ্ঞাপন কৰি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে লাভলীনাৰ এই সফলতাই অসম আৰক্ষীৰ লগতে সমগ্ৰ ৰাজ্য তথা দেশলৈ গৌৰৱ কঢ়িয়াই আনিছে বুলি মন্তব্য কৰে। তেওঁ কয় যে বিগত দিনসমূহত কঠোৰ পৰিশ্ৰমৰ জৰিয়তে অসমবাসীয়ে আশা কৰা ধৰণেৰে লাভলীনাই সফলতা অৰ্জন কৰাটো নিতান্তই সকলোৰে বাবে গৌৰৱৰ কথা। খেলুৱৈগৰাকীৰ এই যাত্ৰাত অসম আৰক্ষীৰ প্ৰশিক্ষণে কিছু পৰিমাণে হ’লেও সহায় কৰাতো অসম আৰক্ষীৰ বাবে আনন্দ আৰু প্ৰেৰণাদায়ক বুলি আৰক্ষী সঞ্চালক প্ৰধান গৰাকীয়ে লগতে উল্লেখ কৰে। সভাত উপস্থিত থকা লাভলীনাৰ পিতৃ-মাতৃকো অভিনন্দন জনাই আৰক্ষী সঞ্চালকপ্ৰধানগৰাকীয়ে সময় আৰু সুবিধা অনুযায়ী অসম আৰক্ষীৰ খেলুৱৈসকলক লাভলীনাই উৎসাহিত কৰিব বুলি আশা প্রকাশ কৰে আৰু খেলুৱৈগৰাকী আৰু তেওঁৰ পৰিয়ালবৰ্গৰ সুবিধার্থে গুৱাহাটীৰ ‘গেম ভিলেজ’ত থকা অসম আৰক্ষীৰ এটা ‘আৱাসিক ফ্লেট’ আৱন্টন দিয়া হ’ব বুলি ঘোষণা কৰে।

সম্বৰ্ধনা গ্রহণ কৰি বিশ্ব চেম্পিয়নগৰাকীয়ে তেওঁৰ এই সফলতাত অসম আৰক্ষীৰ যথেষ্টখিনি অৱদান আছে বুলি প্ৰকাশ কৰি কয় যে দেৰগাঁৱৰ আৰক্ষী প্ৰশিক্ষণ কেন্দ্ৰত গ্ৰহণ কৰা। প্ৰশিক্ষণে তেওঁক বহুখিনি সহায় কৰাৰ লগতে আত্মবিশ্বাসীও কৰি তুলিছিল। তদুপৰি নিয়মিতভাৱে আৰক্ষী সঞ্চালকপ্ৰধান আৰু অন্যান্য আৰক্ষী বিষয়াসকলে তেওঁক উৎসাহিত কৰাৰ লগতে বিভিন্ন ক্ষেত্ৰত সহায়-সহযোগিতা আগবঢ়োৱাৰ বাবে খেলুৱৈগৰাকীয়ে সকলোৰে প্রতি কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে। আৰক্ষী উপ-মহাপৰিদৰ্শক পাৰ্থ সাৰথি মহন্তই আঁত ধৰা এই অনুষ্ঠানটোত বিশেষ আৰক্ষী সঞ্চালক প্রধান (প্রশাসন)ৰ লগতে অন্যান্য জ্যেষ্ঠ আৰক্ষী বিষয়াসকলো উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.