বৰ্ণাঢ্য কাৰ্যসূচীৰে উদযাপিত হ’ল কামৰূপ জিলা দিৱস- মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই উন্মোচন কৰিলে বীৰ লাচিত বৰফুকনৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি

0 175

আজি দিনজোৰা বৰ্ণাঢ্য কাৰ্যসূচীৰে আমিনগাঁওস্থিত সংহত উপায়ুক্ত কাৰ্যালয় চৌহদত কামৰূপ জিলা দিৱস পালন কৰা হয়। জিলা দিৱস উদযাপনৰ অন্যতম অংশ হিচাপে আজি মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই, জনস্বাস্থ্য কাৰিকৰী বিভাগৰ মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা তথা জিলা উপায়ুক্ত কীৰ্তি জল্লীৰ লগতে অন্যান্য গণ্য-মান্য ব্যক্তিৰ উপস্থিতিত সংহত জিলা উপায়ুক্ত কাৰ্যালয় চৌহদত নিৰ্মাণ কৰা বীৰ লাচিত বৰফুকনৰ পূৰ্ণাৱয়ব প্ৰতিমূৰ্তি আনুষ্ঠানিকভাৱে উন্মোচন কৰে। প্ৰতিমূৰ্তি উন্মোচন কৰি মুখ্যমন্ত্ৰী গৰাকীয়ে জিলা দিৱসৰ সৈতে সংগতি ৰাখি বীৰ লাচিত বৰফুকনৰ প্ৰতিমূৰ্তি উন্মোচনৰ সৌভাগ্য হোৱাৰ বাবে নিজে কৃতাৰ্থ হোৱা বুলি ব্যক্ত কৰে। তেওঁ লগতে কামৰূপ জিলা দিৱস উপলক্ষে সমগ্ৰ কামৰূপ জিলাবাসীক অভিনন্দন জনোৱাৰ লগতে জিলাখনৰ সামগ্ৰিক তথা সৰ্বতোপ্ৰকাৰৰ উন্নয়নৰ হকে কাম কৰাৰ বাবে সকলোকে আহ্বান জনায়।

ইয়াৰ পিছতে আয়োজিত জিলা দিৱসৰ কাৰ্যসূচীত জিলা উপায়ুক্ত কীৰ্তি জল্লী, আৰক্ষী অধীক্ষক হিতেশ চন্দ্ৰ ৰায়, ভাৰতীয় প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান, গুৱাহাটীৰ সঞ্চালক পৰমেশ্বৰ কে. আয়াৰ, অৱসৰপ্ৰাপ্ত ভাৰতীয় প্ৰশাসনিক বিষয়া থানেশ্বৰ মালাকাৰ, প্ৰাক্তন মুখ্য বন সংৰক্ষক মোহন চন্দ্ৰ মালাকাৰ, জিলা উন্নয়ন আয়ুক্ত নৰসিং বে, জিলা পৰিষদৰ মুখ্য কাৰ্যবাহী বিষয়া পৰাগ কুমাৰ কাকতিয়ে অংশগ্ৰহণ কৰি সমগ্ৰ শিক্ষা, কামৰূপ, সমাজকল্যাণ বিভাগৰ অধীনত কেইবাগৰাকী দিব্যাংগ ব্যক্তিক সা-সজুলি প্ৰদান কৰে। অনুষ্ঠানত কেইবাটাও আত্মসহায়ক গোট আৰু ব্যক্তিগত হিতাধিকাৰীলৈ কৃষি বিভাগৰ তৰফৰ পৰা ট্ৰেক্টৰ, পাৱাৰ টিলাৰকে ধৰি কৃষি সা-সজুলি প্ৰদান কৰা হয়।
এই একেটা অনুষ্ঠানতে জিলাখনলৈ গৌৰৱ কঢ়িয়াই অনা ব্যক্তি ক্ৰমে শিশু সাহিত্য অকাডেমি বঁটা প্ৰাপক ড০ মৃণাল কলিতা, প্ৰগতিশীল পশুপালক সুভাষ চন্দ্ৰ কলিতা, ৰাজ্যিক চলচিত্ৰ বঁটা-২০২৩ৰ শ্ৰেষ্ঠ শব্দ গ্ৰহণকাৰী বঁটা প্ৰাপক ৰুক্মজিৎ বৰুৱা আৰু প্ৰধান মন্ত্ৰী ৰাষ্ট্ৰীয় বাল পুৰস্কাৰ বঁটা প্ৰাপক তনুজ সমাদ্দাৰক সম্বৰ্দ্ধনা জনোৱাৰ উপৰি কেইবাগৰাকী অৱসৰপ্ৰাপ্ত বিষয়া-কৰ্মচাৰীক সম্বৰ্দ্ধনা জনোৱা হয়।জিলা দিৱসৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি উপায়ুক্ত কাৰ্যালয়ৰ বিষয়া-কৰ্মচাৰী সকলৰ মাজত পৰম্পৰাগত খেল-ধেমালী,কৃষি প্ৰদৰ্শনী মেলা, ৰক্তদান শিৱিৰ, বৃক্ষৰোপণ, উপায়ুক্ত কাৰ্যালয় চৌহদৰ পৰা দৌল গোবিন্দ মন্দিৰলৈ চাইকেল ৰেলী, কামৰূপ বিষয় সামৰি প্ৰাইজমাণি মুকলি কুইজ প্ৰতিযোগিত অনুষ্ঠিত কৰা হয়। দৈনিক অসম কাকতৰ উপ-সম্পাদক তথা বিশিষ্ট কুইজ মাষ্টাৰ দিপাঙ্কৰ কৌশিকে পৰিচালনা কৰা এই প্ৰতিযোগিতাৰ প্ৰাৰম্ভিক ৰাউণ্ডত ৮৫টা দলে অংশগ্ৰহণ কৰে। মূল ৰাউণ্ডত অৱতীৰ্ণ হৈ শ্ৰেষ্ঠত্ব অৰ্জন কৰা প্ৰথম তিনিটা দলক প্ৰাইজমাণি তথা পুৰস্কাৰ প্ৰদান কৰা হয়। জিলা দিৱসৰ লগত সংগতি ৰাখি ছাত্ৰ-ছাত্ৰী সকলৰ মাজত অনুষ্ঠিত চিত্ৰাঙ্কণ আৰু ৰচনা প্ৰতিযোগিতাত শ্ৰেষ্ঠত্ব অৰ্জন কৰা ছাত্ৰ-ছাত্ৰী সকলকো আজি পুৰস্কৃত কৰা হয়। সন্ধিয়া এক বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানো অনুষ্ঠিত হয়।

বাতৰি যুগুতালে ৰঙিয়াৰ পৰা দীনেশ আগৰৱালাই।

Leave A Reply

Your email address will not be published.