জনপ্ৰিয় কন্ঠশিল্পী ঊষা মংগেশকাৰলৈ ড° ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা ২০২২

0 147

ভাৰতীয় নেপথ্য কন্ঠশিল্পী ঊষা মংগেশকাৰলৈ আগবঢ়োৱা হৈছে অসম সাহিত্য সভাৰ ড° ভূপেন হাজৰিকা আন্তৰ্জাতিক সমন্বয় বঁটা ২০২২। এই বঁটাত আছে ৫ লাখ টকা,এখন স্মাৰক,অংগবস্ত্ৰ আৰু গ্ৰন্থৰ টোপোলা।গুৱাহাটীৰ নেডফি হাউছৰ প্ৰেক্ষাগৃহত অহা ২২ নবেম্বৰত অসমৰ ৰাজ্যপাল অধ্যাপক জগদীশ মুখীয়ে এই বঁটা প্ৰদান কৰিব। অসম সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াৰ নেতৃত্বত অনুষ্ঠিত হ’ব এই বঁটা প্ৰদান অনুষ্ঠান।উল্লেখযোগ্য যে আজি অসম সাহিত্য সভাৰ গুৱাহাটীৰ ভগৱতী প্ৰসাদ বৰুৱা ভৱনৰ ৰাধাগোবিন্দ বৰুৱা সোঁৱৰণি সভাকক্ষত সাহিত্য সভাৰ সভাপতি ড° কুলধৰ শইকীয়াই এখন সংবাদ মেলত এই কথা সদৰি কৰে৷প্ৰত্যেক দুবছৰৰ মূৰে মূৰে এই বঁটা প্ৰদান কৰি অহা হৈছে।

Leave A Reply

Your email address will not be published.