ঢকুৱাখনাৰ শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ত ৰং উৎসৱ

0 464

নৱ প্ৰজন্মৰ শিক্ষাৰ্থী সকলক কেৱল পুথিগত শিক্ষাৰ  মাজতে আবদ্ধ কৰি  নাৰাখি স্বকীয় কৃষ্টি সংস্কৃতিৰ চর্চাটো জড়িত  কৰাৰ এক পৰিকল্পিত কৰ্মসূচী গ্ৰহণ কৰিছে ঢকুৱাখনাৰ  ব্যক্তিগত খণ্ডৰ  শিক্ষানুষ্ঠান হাৰ্হি শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয়ে  । সম্প্ৰীতি ভাতৃত্ববোধৰ এনাজৰীৰে সংপৃক্ত হৈ  ঢকুৱাখনাৰ গোবিন্দপুৰত অৱস্থিত এই হাৰ্হি শ্ৰীমন্ত শংকৰদেৱ প্ৰাথমিক বিদ্যালয় পৰিয়াল উদ্যোগত শনিবাৰে  এনে এক কাৰ্যসূচী গ্ৰহণ  কৰা হয় ।  শ্ৰীমন্ত শংকৰদেৱ গুৰু জনাৰ মাৰ্গ দৰ্শনৰ ভেঁটিত  প্ৰতিষ্ঠিত এইখন বিদ্যালয় প্ৰাংগণ শনিবাৰে পুৱাৰ পৰা এই ৰং অনুষ্ঠানৰ বিভিন্ন কাৰ্যসূচীৰে বিদ্যালয় চৌহদ মুখৰ হৈ পৰে । বিদ্যালয়খনৰ পৰিচালনা সমিতিৰ সভাপতি বলোৰাম দত্ত ,উপদেষ্টা  ধনীৰাম বৰা ,  প্ৰধান শিক্ষয়িত্ৰী দীপ্তি বৰুৱা , সহকাৰী শিক্ষক  উমেশ বৰা ,শুভন দত্ত, সঞ্জীৱ শইকীয়া , ৰেখা বৰা ,মীনা দত্ত    মনালিছা দিহিঙীয়া আদিৰ লগতে  সমূহ কৰ্মচাৰী আৰু অভিভাৱক সকলে অংশ গ্ৰহণ কৰে উৎসৱত ।  বিদ্যালয়খনৰ কণ কণ শিক্ষাৰ্থী  সকলে কান্ধত ঢোল তাল লৈ , কণমানি নাচনী সকলে  হাতত গগনা,  টকা লৈ বিহু গাই নাচি বাগি আত্মহাৰা হৈ পৰে  প্ৰতিকূল বতৰকো নেওচি। ইয়াৰ পূৰ্বে বিদ্যালয়ৰ আন্তঃগাঁথনি  উন্নয়নৰ বাবে ৰাজ্য চৰকাৰৰ “আনটাইড শিতান”ৰ ২০২০-২০২১ বিত্তীয় বর্ষৰ  আবন্তিত ১০ লাখ টকাৰে নিৰ্মিত ৪টা কোঠা বিশিষ্ট পকী গৃহটো আয়তীৰ উৰুলী, মংগল ধ্বনিৰ মাজত উদ্ধোধন কৰে বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি বলোৰাম দত্তই।  গৰিষ্ঠ সংখ্যক শিক্ষানুৰাগী ৰাইজ , অভিভাৱক উপস্থিত থকা এই শুভ উদ্ধোধনী অনুষ্ঠানৰ পাছত  শিক্ষাৰ্থী সকলে জাতীয় সাজ পোছাক পৰিধান কৰি বিহু নাম গাই ,হুঁচৰি জুৰি ৰংৰ উৎসৱত মতলীয়া হয় । বিদ্যালয়খনৰ শিক্ষাগুৰু আৰু কৰ্মচাৰী সকলেও অংশ গ্ৰহণ কৰা এই বিহু অনুষ্ঠানে উপস্থিত সকলোকে আপ্লুত আৰু সন্মোহিত কৰে । জাতীয় কৃষ্টি সংস্কৃতিৰ চহকী পৰম্পৰাৰ সৈতে নৱ প্ৰজন্মক পৰিচিতি কৰাৰ বাবে বিদ্যালয় কৰ্তৃপক্ষই গ্ৰহণ কৰা এনে সাংস্কৃতিক পৰিক্ৰমা নিশ্চিত ভাবে প্ৰশংসনীয় পদক্ষেপ হিচাবে ধৰা দিছে ।

বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.