ইউএছটিএমত আৰণ্যকৰ বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ বিষয়ক কৰ্মশালা

0 284

জীৱ বিজ্ঞান বিভাগ, বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যাৰ বিশ্ববিদ্যালয় মেঘালয় আৰু আৰণ্যকে যোৱা ২১ এপ্ৰিলত বিশ্ববিদ্যালয় চৌহদৰ এন কে চি প্ৰেক্ষাগৃহত ছাত্ৰ ছাত্ৰী সকলৰ বাবে বন্যপ্ৰাণী অপৰাধ প্ৰতিৰোধ সন্দৰ্ভত এক গুৰুত্বপূৰ্ণ কৰ্মশালা অনুষ্ঠিত কৰে।কৰ্মশালা মুখ্য অতিথি হিচাপে মেঘালয়ৰ ডি এফঅ’ গাভাদে শচীন শংকৰে অঞ্চলটোৰ সমৃদ্ধ জৈৱ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰে আৰু অঞ্চলটোৰ বন্যপ্ৰাণী সুৰক্ষা ক্ষেত্ৰত সমাজৰ সকলো শ্ৰেণীৰ সহযোগিতা প্ৰয়োজনীয়তাৰ ওপৰত ব্যাখ্যা কৰে।

বিশিষ্ট গঁড় সংৰক্ষণ বিশেষত্ব,জীৱবিজ্ঞানী আৰু আৰণ্যকৰ মুখ্য কাৰ্যবাহী বিষয়া ড° বিভৱ কুমাৰ তালুকদাৰ ছাত্ৰ ছাত্ৰী আৰু গৱেষক সকলক বন্যপ্ৰাণী অপৰাধৰ বিভিন্ন দিশ বৰ্ণনা কৰি এই অপৰাধ প্ৰতিৰোধৰ বাবে বৰ্তমানৰ আইনৰ বিষয়ে অধ্যয়ন কৰিবলৈ আহ্বান জনায়।আৰণ্যকৰ আইনী আৰু এডভোকেচী বিভাগৰ জেষ্ঠ প্ৰবন্ধত ড° জিমি বৰাই অবৈধ বন্যপ্ৰাণী ব্যৱসায়ৰ ওপৰত তেওঁৰ আলোচনাত ইয়াৰ আন্তৰ্জাতিক মাত্ৰাক লৈ সতৰ্কতা সৃষ্টি কৰে।আৰণ্যকৰ আইভি হুছেইনে উত্তৰ পূৰ্বাঞ্চলত প্ৰচলিত বিভিন্ন প্ৰকাৰৰ বন্যপ্ৰাণী অপৰাধৰ ওপৰত এক বিতং বৰ্ণনা উপস্থাপন কৰি বন্যপ্ৰাণী অপৰাধত জড়িত ৰেকেটৰ দ্বাৰা ব্যৱহাৰ কৰা বিভিন্ন পদ্ধতিৰ বিষয়ে ব্যাখ্যা কৰে।কৰ্মশালা শেষত শিক্ষাৰ্থী সকলে বিশেষজ্ঞ সকলৰ সৈতে এক বাৰ্তালাপ কাৰ্যসূচীত নিয়োজিত হয় আৰু তেওঁলোকৰ বন্যপ্ৰাণী সংৰক্ষণ ক্ষেত্ৰত ভৱিষ্যতৰ কেৰিয়াৰ সম্ভাৱনা ওপৰত বিভিন্ন উত্তৰ লাভ কৰে।অনুষ্ঠানৰ আৰম্ভণিতে ইউএছটিএমৰ প্ৰাণীবিজ্ঞান বিভাগৰ মুৰব্বী ড° ডি কে শৰ্মাই কৰ্মশালা খন উদ্বোধন কৰি ইয়াৰ উদ্দেশ্য ব্যাখ্যা কৰে ।আনহাতে উপদেষ্টা ড° আৰ কে শৰ্মা আৰু বিশ্ববিদ্যালয়ৰ সঞ্চালক বি কে দাসে কয় যে এই কৰ্মশালাই শিক্ষাৰ্থী সকলক যথেষ্ট লাভম্বিত কৰিব কিয়নো তেওঁলোকে অঞ্চলটোত সমৃদ্ধ জৈৱ বৈচিত্ৰ্য সম্পৰ্কীয় এটা অতি গুৰুত্বপূৰ্ণ বিষয়ত আলোকিত হ’ব।

Leave A Reply

Your email address will not be published.