তামুলপুৰ জিলা প্ৰশাসনৰ উদ্যোগত আৰু “তামুলপুৰ গ’ল্ড” নামৰ এক বিশেষ প্ৰকল্পৰ অধীনত আজি তামুলপুৰ জিলাৰ কচুবাৰীস্থিত মহাপ্ৰভু শ্ৰীশ্ৰীগোপাল আৰু জগন্নাথ থান সত্ৰৰ সভাগৃহত এখনি লোন মেলা অনুষ্ঠিত হয়। মেলাখন মুকলি কৰি জিলা আয়ুক্ত পংকজ চক্ৰৱৰ্তীয়ে কয়, “প্ৰকৃত ব্যৱসায়ী হ’লে বেংকৰ লগত লেনদেন কৰিবই লাগিব। তেওঁ যিমান টকাই বেংকত জমা নাৰাখক, তেওঁ যদি লেনদেনেই নকৰে, তেওঁ কেতিয়াও উদ্যোগী বা ব্যৱসায়ী হ’বই নোৱাৰে।” লগতে বেংকসমূহকো তেওঁ ঋণ প্ৰদান কৰিবলৈ আগবাঢ়ি আহিবলৈ আহ্বান জনায়। আনহাতে ঋণৰ কিস্তিসমূহ সময় মতে পৰিশোধ কৰিবলৈ তেওঁ উদ্যোগীসকলক আহ্বান জনোৱাই নহয়, যিসকলে ঋণ সময় মতে পৰিশোধ নকৰে, তেওঁলোকৰ বিৰুদ্ধে বাকীজাই গোচৰ তৰাৰ ক্ষেত্ৰতো গুৰুত্ব আৰোপ কৰে। নৱগঠিত জিলাখনৰ সৰ্বাংগীণ উন্নয়নৰ হেতু নিবনুৱা যুৱক-যুৱতী তথা উদ্যোগী পুৰুষ-মহিলা সকলোৱে ঋণ গ্ৰহণ কৰি নিজৰ নিজৰ ব্যৱসায়, উদ্যোগ আদি আগবঢ়াই লৈ গৈ স্বাৱলম্বী হোৱাৰ লগতে জিলাখনকো আগবঢ়াই লৈ যাবলৈ জিলা আয়ুক্তগৰাকীয়ে আহ্বান জনায়। অসম ৰাজ্যিক জীৱিকা অভিযান, কৃষি, পশুপালন, মীন, হস্ত-তাঁত (মুদ্ৰা লোন), উদ্যোগ আৰু বাণিজ্য, বিদ্যুৎ পৰিষদ (সূৰ্যঘৰ লোন) আদি বিভাগৰ সহযোগত আজি অনুষ্ঠিত এই লোন মেলাত সৰ্বমুঠ ৪৩ কোটি টকাৰ ৯৩১টা ঋণ মঞ্জুৰ কৰা হয়। তাৰ ভিতৰত ৩৭.২০ কোটি টকাৰ ঋণ বিতৰণ কৰা হয়। উল্লেখ্য যে আজিৰ লোন মেলাত এছ বি আই, কানাড়া, ইউকো, এক্সিস, অসম গ্ৰামীণ বিকাশ বেংককে ধৰি ৮টা বেংকে অংশগ্ৰহণ কৰে। আনহাতে অতিৰিক্ত আয়ুক্ত ডঃ দীপাংকৰ নাথ, পাৰিষদ হেমন্ত কুমাৰ ৰাভা, ষ্টেট বেংক অৱ ইণ্ডিয়াৰ এল ডি এম জ্যোতিপ্ৰকাশ মিত্ৰ, নাবাৰ্ডৰ জিলা উন্নয়ন বিষয়া উৎপল বেজবৰুৱা, তামোল প্লেট প্ৰাঃ লিঃৰ বিষয়া দেৱলীনা ৰয়, জিলা প্ৰশাসনৰ একাংশ বিষয়া-কৰ্মচাৰী, আত্মসহায়ক গোটৰ সদস্য আদি উপস্থিত থাকে বুলি মহকুমা তথ্য আৰু জনসংযোগ বিষয়া বিজয় বেজবৰুৱাই জনাইছে।
Trending
- জালুকবাৰী ঈদগাহ ময়দানত ঈদ-উল- ফিটৰৰ সমূহীয়া নামাজ সম্পন্ন
- ৰাণীত কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী দিৱস উদযাপন
- আজি মনোনয়ন দাখিল কৰিব মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই
- Review Meeting on Expenditure Monitoring Mechanisms Held at Barpeta
- First-Level Randomisation of EVMs and VVPATs Conducted in Barpeta Ahead of Polls
- ১৮ মাৰ্চত প্ৰকাশ পাব বিজেপিৰ সম্পূৰ্ণ প্ৰাৰ্থী তালিকা
- East Jaintia Hills declares 116 villages Child Marriage Free Zones after 100-day campaign
- অসম সন্তান, কাশী হিন্দু বিশ্ববিদ্যালয়ত অধ্যাপক প্ৰদীপ কুমাৰ গোস্বামীক সন্মান প্ৰদান
- এয়াৰটেলৰ ২০২৬ বৰ্ষৰ গ্ৰাহক দিৱস পালন
- NSE concludes the process for selection of intermediaries for proposed IPO