দৰঙত অসম সত্ৰ ভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ বৈঠক

0 156

আজি অসম সত্ৰ ভূমি সমস্যা পর্যবেক্ষণ আৰু পৰীক্ষণ আয়োগৰ প্ৰতিনিধিৰ দল এটি দৰং জিলাত উপস্থিত হয়। আয়োগৰ অধ্যক্ষ তথা বিধায়ক প্রদীপ হাজৰিকাৰ নেতৃত্বত যোৱা সজাতি দলটিয়ে জিলাখনৰ সত্ৰসমূহৰ সত্ৰাধিকাৰ তথা সত্ৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলৰ সৈতে মত বিনিময় কৰে।ছিপাঝাৰ সমষ্টিৰ বিধায়ক ড০ পৰমানন্দ ৰাজবংশী, বিধায়ক তথা আয়োগৰ সদস্য ৰূপক শৰ্মা,আয়োগৰ সদস্য সচিব অশোক কুমাৰ বৰ্মণ আৰু উপায়ুক্ত মুনীন্দ্ৰ নাথ ঙাটেৰ উপস্থিতিত অনুষ্ঠিত সভাখনত অধ্যক্ষগৰাকীয়ে ভাষা, কৃষ্টি-সংস্কৃতিৰে অসমীয়া জাতি মহীয়ান কৰি থৈ যোৱা মহাপুৰুষ গুৰুজনাৰ আদর্শ বিজড়িত সত্ৰসমূহৰ উন্নয়নৰ বাবে, সমাজৰ বাবে এক হৈ থাকি সকলোকে অৰিহনা আগবঢ়াবলৈ আহ্বান জনায় আৰু শুদ্ধ তথ্য দাখিলেৰে সঠিক সিদ্ধান্ত লোৱাত সহায় কৰিবলৈ সকলোকে আগবাঢ়ি আহিবলৈ কয়।

সভাত বিভিন্ন সত্ৰৰ বিষয়ববীয়াসকলে নিজ নিজ সত্রই মুখামুখি হৈ থকা সমস্যাৰ কথা উল্লেখ কৰে।আজি ভ্রমণকালত অধ্যক্ষগৰাকীৰ সৈতে আয়োগৰ সদস্য সচিব অশোক কুমাৰ বৰ্মণ, আয়োগৰ কনচালটেন্ট ক্রমে মাধৱ প্ৰসাদ শৰ্মা আৰু অতুল দাস উপস্থিত থাকে। ভ্রমণকালত জিলাখনৰ প্ৰশাসনীয় বিষয়াসকলো উপস্থিত থাকে।

উল্লেখযোগ্য যে অসমৰ সত্ৰসমূহৰ ভূমিকে ধৰি বিভিন্ন সমস্যা সম্পর্কে ক্ষেত্রভিত্তিক অধ্যয়ন কৰি প্রতিবেদন দাখিল কৰিবলৈ ২০২১ বৰ্ষৰ ১৭ ডিচেম্বৰত এবছৰ কার্যকাল নিৰ্দ্ধাৰণেৰে বিধায়ক প্রদীপ হাজৰিকাক কেবিনেট মর্যাদাৰে অধ্যক্ষ হিচাপে আৰু বিধায়কদ্বয় ক্রমে মৃণাল শ‍ইকীয়া আৰু ৰূপক শৰ্মাক ৰাজ্যিক মন্ত্ৰীৰ মৰ্যদা প্ৰদান কৰি তিনিজনীয়া সত্ৰ আয়োগখন গঠন কৰি দিয়া হৈছিল।যোৱা জানুৱাৰী মাহৰ পৰা পুনৰ এবছৰৰ বাবে এই আয়োগৰ কাৰ্যকাল বৃদ্ধি কৰা হয়।

Leave A Reply

Your email address will not be published.