ঘিলামৰাত প্ৰাক শৈশৱকালীন শিশুৰ শিক্ষা সন্দৰ্ভত প্ৰশিক্ষণ

0 168

আনুষ্ঠানিক শিক্ষা গ্ৰহণৰ সমান্তৰাল ভাৱে শিশু সকলৰ প্ৰাক প্ৰাথমিক শ্ৰেণীৰ শিক্ষা প্ৰদানত অভিভাৱক আৰু শিক্ষাগুৰুৰ গুৰুত্ব আৰু কৰণীয়তা সন্দৰ্ভত ৪ দিনীয়া এক মনোজ্ঞ প্ৰশিক্ষণ কাৰ্যসূচীৰ বৃহস্পতিবাৰে সফল সামৰণি পৰে।ঘিলামৰাত অৱস্থিত বৰদলনি শিক্ষা খণ্ডৰ অন্তৰ্গত ঘিলামৰা বালিকা মজলীয়া বিদ্যালয় প্ৰাংগণত যোৱা ৩ এপ্ৰিলৰ পৰা আৰম্ভ হোৱা এই সময়োপযোগী প্ৰশিক্ষণৰ আঁত ধৰি শুভাৰম্ভ কৰে লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ  প্ৰবক্তা ইন্দ্ৰজিত গামে। শিক্ষা খণ্ডটোৰ অন্তৰ্গত অৰ্ধ শতাধিক শিক্ষাগুৰুৱে  অংশগ্ৰহণ কৰা এই ৪ দিনীয়া প্ৰশিক্ষণত প্ৰাক শৈশৱকালীন শিশুৰ যতন, ক শ্ৰেণী অৰ্থাৎ প্ৰাক প্ৰাথমিক স্তৰত শিশুৰ শিক্ষাদান পদ্ধতি, শিশুৰ মানসিক আৰু শৈক্ষিক উৎকৰ্ষ সাধনত শিক্ষক অভিভাৱকৰ কৰণীয়তা,ৰাষ্ট্ৰীয় শিক্ষা নীতি ২০২০ত প্ৰাক প্ৰাথমিক শিক্ষা,নিপুণ অসম,বিদ্যা প্ৰৱেশ কাৰ্যসূচী আদি বিভিন্ন গুৰুত্বপূৰ্ণ দিশ সামৰি বিশ্লেষণাত্মক চৰ্চাৰে প্ৰশিক্ষণ প্ৰদান কৰা হয়।লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ উদ্যোগত বৰদলনি শিক্ষা খণ্ডৰ ঘিলামৰাৰ সহযোগত অনুষ্ঠিত এই প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তিম দিনা বৃহস্পতি বাৰে সমল ব্যক্তি হিচাবে অংশগ্ৰহণ কৰে লখিমপুৰ ডায়েটৰ প্ৰবক্তা ইন্দ্ৰজিত গাম ,জ্যেষ্ঠ প্ৰবক্তা মৃণাল শৰ্মা বৰুৱা,ইলিমণি চলিহা আদিয়ে। লখিমপুৰ জিলা শিক্ষা আৰু প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ শিক্ষাবিদ সকল গোটেই দিনত উপস্থিত থাকি বিষয়বস্তুৰ ওপৰত গৱেষণালব্ধ বিশ্লেষণ আগবঢ়াই অংশগ্ৰহণকাৰী শিক্ষাগুৰু সকলক  বহুলাংশে উপকৃত কৰে।বৰদলনি শিক্ষা খণ্ডৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া ৰাজীৱ দলে,খণ্ড সমল সমন্বয়ক সুনীল কুমাৰ দত্ত,ঘিলামৰা বালিকা মজলীয়া বিদ্যালয়ৰ প্ৰধান শিক্ষক হিৰণ্য কুমাৰ গগৈ,খণ্ডটোৰ পৰিসংখ্যা সহায়ক ত্ৰিৰঞ্জন টাইড আদিৰ সহযোগিতাত সফল সামৰণি পৰা এই প্ৰশিক্ষণ কাৰ্যসূচীত অংশগ্ৰহণ কৰা শিক্ষাগুৰু সকলক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ তৰফৰ পৰা প্ৰমানপত্ৰ প্ৰদান কৰা হ’ব বুলি কাৰ্যসূচীৰ উদ্যোগক্তা সকলে জানিবলৈ দিছে।
বাতৰি যুগুতালে অমৃত পৱন বৰাই।

Leave A Reply

Your email address will not be published.