পূৰ্বজ্যোতি কৃষিপাম নিগমৰ সোণালী জয়ন্তী মহোৎসৱত অংশগ্ৰহণ কৰিলে মুখ্যমন্ত্ৰীয়ে

0 133

শোণিতপুৰ জিলাৰ গহপুৰ মহকুমাৰ অন্তর্গত পুলিচোমনিস্থিত পূৰ্বজ্যোতি ক্ৰীড়া সন্থাৰ খেলপথাৰ (বিষ্ণু বৰা ক্ষেত্ৰগত অনুষ্ঠিত পূৰ্বজ্যোতি কৃষিপাম নিগমৰ সোণালী জয়ন্তী মহোৎসৱত আজি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই অংশগ্ৰহণ কৰে।

অনুষ্ঠানত ভাষণ প্রদান কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই শ্বহীদ কনকলতা আৰু মুকুন্দ কাকতিৰ প্রতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰি কয় যে ত্যাগ আৰু দেশপ্ৰেমৰ অমূল্যধাৰা গহপুৰবাসীৰ শিৰাই শিৰাই চিৰপ্রবাহমান হৈ আছে। ভাৰতৰ স্বাধীনতা আন্দোলনৰ গৌৰৱোজ্জ্বল অধ্যায়ৰ সৈতে সংযুক্ত এই গহপুৰৰ জনজীৱনৰ এক অভিন্ন অংগ হৈছে পূৰ্বজ্যোতি কৃষিপাম নিগম। আশীৰ দশকৰ আৰম্ভণিৰে পৰা সমগ্ৰ অসমত আৰম্ভ হোৱা ভূমি আন্দোলনৰ সৈতে এই পূৰ্বজ্যোতি কৃষিপাম নিগমৰ ইতিহাস জড়িত হৈ আছে বুলি তেওঁ কয়।
মুখ্যমন্ত্ৰীয়ে কয় যে অসমত ভূমি আন্দোলন তথা কৃষি শ্রমিক আন্দোলনৰ অন্যতম কাণ্ডাৰী প্রয়াত বিষ্ণু বৰা, নন্দ বৰা, নৃপেন্দ্ৰ কুমাৰ দেৱ প্ৰমুখ্যে কেইবাগৰাকীও পুৰোধা ব্যক্তিৰ তক্লান্ত প্ৰচেষ্টাত ১৯৭৩ চনৰ ১৭ জানুৱাৰীত এই পূৰ্বজ্যোতি কৃষিপাম নিগমে প্রতিষ্ঠা লাভ কৰিছিল।

মুখ্যমন্ত্ৰীয়ে কয় যে বৰ্তমানৰ চৰকাৰে দায়িত্ব লোৱাৰ পিছৰে পৰা অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি সমস্যা সমাধানৰ বাবে নিৰন্তৰ প্রয়াস আৰু প্রচেষ্টা চলাই আহিছে। স্বাধীনতাৰ পিছত প্রথমবাৰৰ বাবে অসমৰ খিলঞ্জীয়া ৰাইজৰ ভূমি সমস্যা সমাধানৰ বাবে মিছন বসুন্ধৰাৰ দৰে অভিলাষী মিছন হাতত লোৱা হৈছে। যোৱা বছৰ মিছন বসুন্ধৰাৰ অধীনত প্রায় ৭.৫ লাখ পৰিয়ালৰ ভূমি সম্পৰ্কীয় ওজৰ-আপত্তি নিষ্পত্তি কৰিবলৈ সক্ষম হৈছোঁ বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে এইবাৰ মিছন বসুন্ধৰা দ্বিতীয় সংস্কৰণত প্রায় ১৩ লাখ লোকৰ ভূমি সম্পৰ্কীয় বিশেষকৈ ভূমিৰ বন্দোবক্তী সম্পৰ্কীয় বিভিন্ন আবেদন লাভ কৰা হৈছে। চৰকাৰী আৰু চিলিং চৰকাৰী ভূমিৰ বন্দোবস্তী, হস্তান্তৰিত একচনীয়া পট্টাৰ ভূমি পটন, জনজাতি সম্প্ৰদায়ৰ লোকক বংশানুক্ৰমে ভোগ দখল কৰি থকা ভূমিৰ পট্টন, দখলীস্বত্ব থকা ৰায়তক মালিকীস্বত্ব প্রদান মূল লক্ষ্য বুলি তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে চৰকাৰে কৃষি অৰ্থনীতিৰ সবলীকৰণৰে ৰাজ্যৰ জনসাধাৰণৰ আৰ্থ-সামাজিক বিকাশৰ বাবে কাম কৰি আহিছে। বৰ্তমানৰ ৰাজ্য চৰকাৰে ন্যুনতম সমৰ্থন মূল্যত কৃষকৰ পৰা ৪ লাখ ৩১ হাজাৰ মেট্ৰিক টন ধান ক্ৰয় কৰিবলৈ সক্ষম হৈছে আৰু ৮৮০ কোটি টকা কৃষকৰ বেংক একাউণ্টত প্ৰেৰণ
কৰি কৃষকসকলক লাভান্বিত কৰিছে। অহা ৪ বছৰত অতিৰিক্ত ৪ লাখ হেক্টৰ এলেকা সৰিয়হৰ খেতিৰ অধীনলৈ আনিবলৈ চৰকাৰে লক্ষ্য লৈছে বুলি তেওঁ কয়। ইয়াৰ ফলত প্রায় ৬ লাখ মেট্ৰিক টন অতিৰিক্ত সৰিয়হ উৎপাদন হ’ব আৰু ইয়াৰ জৰিয়তে ৰাজ্যখনৰ বাকী ৮০ শতাংশ খাদ্য তেলৰ প্রয়োজনীয়তা পূৰণ কৰিব পৰা যাব। ৰাজ্যৰ চাহিদা পূৰণৰ বাবে আগন্তক চাৰি বছৰত অতিৰিক্ত ৩ লাখ হেক্টৰ ভূমি দাইল খেতিৰ অধীনলৈ অনাৰ বাবে চৰকাৰে পৰিকল্পনা কৰিছে। বৰ্তমান আলু খেতিৰ মাটিকালি প্রায় ১ লাখ হেক্টৰ আৰু উৎপাদন প্রায় ৭.৫০ লাখ মেট্ৰিক টন। অতিৰিক্ত ৩ লাখ হেক্টৰ ভূমি আলু খেতিৰ অধীনলৈ অনাৰ পৰিকল্পনা কৰা হৈছে বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যখনক ফুলৰ খেতিৰ ক্ষেত্ৰত স্বাৱলম্বী কৰাৰ দিশত অসম চৰকাৰে পদক্ষেপ লৈছে। ইয়াৰ বাবে ফুলৰ খেতি, মৌ পালন, মীন পালন আৰু বজাৰত বিশেষ চাহিদা থকা শাক-পাচলি আদিৰ খেতিত মনোনিবেশ কৰিব লাগিব বুলি তেওঁ কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্য চৰকাৰে গ্ৰামাঞ্চলৰ ১১০ স্থানত গুদামঘৰ নিৰ্মাণৰ বাবে লোৱা পদক্ষেপৰ অধীনত ইতিমধ্যে ৩৮ টা গুদামঘৰ কাৰ্যক্ষম হৈছে। সেইদৰে ২৭০ টা স্থানত ধান বনা কল স্থাপনৰ বাবে লোৱা পদক্ষেপ লৈ ১৭০ টা মিল বৰ্তমানে কাৰ্যক্ষম কৰি তোলা হৈছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যত বৰ্তমান ৩ লাখ ৩০ হাজাৰ মহিলা আত্মসহায়ক গোট আছে। প্রতিটো গোটক ১০ হাজাৰ টকাকৈ আগবঢ়াই মহিলা সবলীকৰণৰ বাবে প্রচেষ্টা হাতত লোৱা হ’ব। ইয়াৰ জৰিয়তে প্রায় ৩০ লাখ মহিলাই কণী উৎপাদনকে ধৰি থলুৱা গ্রাম্য উৎপাদনৰ জৰিয়তে স্বাৱলম্বনৰ পথ গঢ়ি তুলিবলৈ সক্ষম হ’ব। তদুপৰি যুৱক-যুৱতীসকলক আত্মনিৰ্ভৰশীল কৰি তোলাৰ লক্ষ্যৰে ২ লাখ টকাকে আৰ্থিক সাহায্য প্রদানৰ বাবে পৰিকল্পনা গ্ৰহণ কৰা হ’ব। মুখ্যমন্ত্ৰীয়ে কয় যে হস্ততাঁত আৰু বস্তু শিল্পক উদগণি জনোৱাৰ উদ্দেশ্যে ৰাজ্য চৰকাৰে তাঁতশালত বোঁৱা অসমীয়া গামোচা প্রস্তুত কৰাৰ বাবে ৰাজ্যৰ শিপিনীসকলক আহ্বান জনাইছে। কালিৰ দিনটোলৈ চৰকাৰে প্রায় ৩ লাখ গামোচা শিপিনীসকলৰ পৰা ক্ৰয় কৰিবলৈ সক্ষম হৈছে। অসমৰ প্রায় ৬০ লাখ লোকে এখনকৈ হ’লেও গামোচা ক্ৰয় কৰিলে শিপিনীসকল অৰ্থনৈতিকভাৱে সবল হৈ উঠিব বুলি তেওঁ কয়। তদুপৰি মেখেলা চাদৰ, আৰনাই আদি পৰম্পৰাগত সাজ-পোছাকসমূহ তাঁতশালত নিৰ্মাণ কৰি উলিয়ালে অসমত ইয়াৰ বিক্ৰীৰ চাহিদা বাঢ়িব। গাহৰি আৰু ব্ৰইলাৰ, কুকুৰা আদি উৎপাদনৰ ক্ষেত্ৰতো যুৱক-যুৱতীসকলক আগবাঢ়িবলৈ মুখ্যমন্ত্ৰীয়ে আহ্বান জনায়। ইয়াৰ জৰিয়তে অসমত এক নতুন অৰ্থনৈতিক বুনিয়াদ গঢ়ি উঠিব বুলি তেওঁ কয়।

মুখ্যমন্ত্ৰীয়ে কয় যে পূৰ্বজ্যোতি কৃষিপাম নিগমৰ খেলপথাৰ উন্নয়নৰ বাবে ২ কোটি টকাৰ আৰ্থিক সাহায্য প্রদান কৰা হ’ব। তেওঁ কয় যে পূৰ্বজ্যোতি উপস্বাস্থ্য কেন্দ্ৰৰ উন্নতি সাধন কৰা হ’ব। পূৰ্বজ্যোতি কৃষিপাম নিগমৰ অধীনস্থ প্রায় ৫ হাজাৰ বিঘা ভূমিৰ নিষ্পত্তি তথা স্থানীয়লোকক ভূমি আবণ্টন আৰু ইয়াৰে এহাজাৰ বিঘা ভূমিত ৰাইজৰ সহযোগত ৰাজ্য চৰকাৰে উন্নয়নমূলক কাৰ্য সম্পাদনৰ পৰিকল্পনা গ্ৰহণ কৰিব বুলি তেওঁ কয় । গহপুৰত শ্বহীদ কনকলতা বৰুৱাৰ নামেৰে উৎসৰ্গিত ৰাজ্যিক বিশ্ববিদ্যালয়ৰ কাম চলিত বৰ্ষৰ শেষৰফালে আৰম্ভ হ’ব বুলি তেওঁ কয়। অনুষ্ঠানত বিধায়কদ্বয় উৎপল বৰা, ৰঞ্জিত দত্ত, সোণালী জয়ন্তী মহোৎসৱৰ মুকলি সভাৰ সভাপতি টংকেশ্বৰ নেওগ, শোণিতপুৰ জিলাৰ উপায়ুক্ত দেৱ কুমাৰ মিশ্ৰ, বিশ্বনাথৰ অতিৰিক্ত উপায়ুক্ত জয় শিৱাণী, মাধৱদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক দিৱাকৰ চন্দ্ৰ ডেকা প্ৰমুখ্যে বহু গণ্য-মান্য লোক আৰু স্থানীয় ৰাইজ উপস্থিত থাকে।

Leave A Reply

Your email address will not be published.