মহিলা সজাগতা সভা অনুষ্ঠিত

0 257

পলাশবাৰী সমষ্টিৰ বেজৰটাৰী, সাপৰটাৰী গাঁও পঞ্চায়তৰ অন্তৰ্গত কেইবাখনো গাঁৱত যোৱা ৫ আৰু৬ ছেপ্তেম্বৰত ভাৰতীয় জনতা পাৰ্টীৰ নেত্ৰী তথা অসম শিশু অধিকাৰ আয়োগৰ অধ্যক্ষা ড০ সুনীতা চাংককতিয়ে মহিলা সৱলীকৰণ তথা সজাগতা সভা অনুষ্ঠিত কৰে। উক্ত পঞ্চায়ত দুখনৰ প্ৰায় দুশ মহিলাৰ আত্মসহায়ক গোটবোৰৰ সদস্যা সকলক ৰাজ্য চৰকাৰৰ অৰুণোদয় আঁচনিকে ধৰি মহিলা সৱলীকৰণ বিভিন্ন আঁচনি সমূহৰ সন্দৰ্ভত বিশদভাৱে আলোকপাত কৰে।
 
মহিলাসকলৰ স্বাস্থ্যৰ লগতে মহমাৰী ক’ৰণা ভাইৰাছৰ সংক্ৰমণৰ ভয়াবহতাৰ বিষয়ে আৰু ল’বলগীয়া সাৱধানতাৰ সম্পৰ্কত বক্তব্য প্ৰদান কৰে। লগতে বৰটাৰী গাঁৱৰ প্ৰায় ডেৰশ মহিলাৰ মাজত মাস্ক বিতৰণ কৰে। উল্লেখ্য যে, ড০ সুনীতা চাংককতিয়ে পলাশবাৰী সমষ্টিৰ প্ৰায় পাঁচ হাজাৰ দুখীয়া মহিলাক প্ৰধানমন্ত্ৰী শূণ্য বেলেঞ্চৰৰ একাউণ্ট খুলি দিয়াৰ ব্যৱস্থা কৰি দিয়াৰ লগতে সেই একাউণ্টৰ জৰিয়তে লকডাউনৰ সময়ছোৱাত চৰকাৰে দিয়া টকা লাভ কৰিবলৈ সক্ষম হৈছিল।

Leave A Reply

Your email address will not be published.