মানুহৰ এক অন্য সমাজ

4 503

201322181943219734_20

সাধাৰণতে শুনা যায় শিল্পী সকলৰ মনটো খুৱেই সংবেদনশীল। শিল্পী সকলে আনৰ দুখ সহজে বুজি পায়, এই কথাষাৰৰ সত্যতা প্ৰমাণ কৰিছে, এগৰাকী শিল্পীয়ে। তেওঁৰ আলমতে প্ৰস্তুত কৰা হৈছে আজিৰ এই লেখা।

পবিত্ৰ ৰাভা

বাওনা, সমাজত এটা উপেক্ষিত শব্দ, এটা উপেক্ষিত নাম। সেয়েহে বাওনাক লৈ বিভিন্ন ফকৰা যোজনা শুনা যায়। কাৰণ বাওনা সকল সাধাৰণ মানুহতকৈ পৃথক, আকাৰ আকৃতি ফালৰ পৰা আপোনা আৰু মোতকৈ বহু পৃথক। কিন্তু এই বাওনা সকলে এই বাবেই বিভিন্ন সময়ত ভিন্নজনৰ তাচ্ছিল্য সমূহ মন্তব্যৰ সন্মুখীন হয়। বহুতে ভাবি নাচায় যে তেওঁ লোকও মানুহ, তেওঁলোকৰ মাজতো ভাব, অনুভূতি, আবেগ আদিবোৰ আছে!

Screenshot_20170515_184928

এওলোকৰ কথা ভাবি সমাজত এক আদৰ্শয়ে পৰিবৰ্ত্তন অনাৰ কাৰ্য্যত ব্ৰতী হৈছে এগৰাকী সামাজিক উদ্যমীয়ে। তেখেত দৰং জিলাৰ টংলাৰ পবিত্ৰ ৰাভা। উল্লেখযোগ্য যে পবিত্ৰ ৰাভাই অসমৰ বিভিন্ন জিলাৰ, বিভিন্ন গাঁৱৰ পৰা বাওনা সকলক আনি গঢ় দিছে আমাৰ গাওঁ শীৰ্ষক এক ঘৰৰ। স্মতৰ্ব্য যে ৰাভাৰ প্ৰচেষ্টাত তেওঁলোকে লাভ কৰিছে নতুন জীৱনৰ সন্ধান। বিচাৰি পাইছে, হেৰুৱা জীৱনৰ ছন্দ। এই সম্পৰ্কে কথা পাতিছিলো আমি পবিত্ৰ ৰাভাৰ সৈতে, তেখেত আমাক এনেদৰে জানিবলৈ দিয়ে- বাওনা সকলক সকলোৱে অৱঞ্জা কৰে। মই নাটকৰ লগত জৰিত আছিলো। সেই সুত্ৰে মই ভাবিছিলো যে নাটকৰ লগত তেওঁলোকক জৰিত কৰাই, তেওঁলোকৰো এটা পৰিচয় দিব পাৰো। তাৰ মানসৰে ২০০৮ চনৰ পৰা অসমৰ বিভিন্ন অঞ্চলৰ বাওনা সকলক একগোট কৰাৰ কামবোৰ ।

IMG-20170515-WA0024

অসমৰ বিভিন্ন গাৱৰ ভূঞেৰ পৰা তেওঁলোকক আনি প্ৰথমে ঘৰ বনাই ৰাখো, নাটকৰ প্ৰশিক্ষণ দিও, খেতি বাতি অন্য জীৱিকাৰ কৰ্ম বিলাকত লিপ্ত কৰাও। এয়া আৰম্ভণী আছিল। এনেদৰে আজি ৯ বছৰে তেওঁলোকৰ লগতেই আছো। বহু সময়ত বিভিন্ন জনৰ পৰা এনে কাম কৰাৰ বাবে কুমন্তব্য শুনিব লগাত পৰিছিলো। তথাপিও মই বিচলিত হোৱা নাই আৰু নহও। এনে কামৰ বাবে পৰিয়ালৰ পৰা সম্পূৰ্ণ সহযোগিতা লাভ কৰিছো।

Screenshot_20170515_184858

তেখেতে কিদৰে এই বিশেষ লোক সকলক পোহপাল দিছে, জানিব বিচৰাত এনেদৰে কয়… তেওঁলোকে নাটকত, থিয়েটাৰত অভিনয় কৰি খোৱাৰ ভাত মুঠি যোগাৰ কৰিব শিকিছে, নিজাকৈ কৃষিকৰ্মৰ লগত জৰিত হৈ আছে। বাকী বেমাৰ অথবা নিত্য ব্যৱহাৰ্য সামগ্ৰীৰ অভাৱ হ’লে ময়ে পাৰ্যমানে যোগান ধৰাৰ চেষ্টা কৰো। মোৰ সমস্ত উপাৰ্জন তেওঁলোকৰ নামতে ব্যয় কৰো। এয়া আছিল সমাজ কৰ্মী, শিল্পী পবিত্ৰ ৰাভাৰ ভাষ্য।

IMG-20170515-WA0025

আজিৰ দিনত বেলেগৰ বাবে চিন্তা কৰা পবিত্ৰ ৰাভাৰ দৰে মানুহৰ আমাৰ সমাজত অতিকৈ প্ৰয়োজন। আমাৰ যুৱ শক্তিৰ মাজতো এনে চিন্তাৰ উন্মেষ হওক, তাৰ কামনা কৰিলো। পবিত্ৰ ৰাভা হাজাৰ জনৰ পথ প্ৰদৰ্শক হৈ ৰওক।

 

4 Comments
  1. Dinamoni hazarika says

    Nice

  2. Dinamoni hazarika says

    Manuhe hodai anor val sinta kribo lage

  3. Renu says

    nefocus জৰিয়তে পবিত্ৰ ৰাভাৰ মনোবল আৰু সাহসৰ প্ৰসংশা নকৰি নোৱাৰিলো । আমাৰ যুৱসমাজৰ মাজতো এনে সৎ চিন্তাৰ উন্মেষ হোৱাতো আমাৰো কাম্য । নাম যাৰ পবিত্ৰ ,তেওঁৰ পবিত্ৰআভাৰে বাওনা সকলৰ জীৱন আৰু উজ্জ্বলাই তোলাৰ কামনাৰে ।
    ৰেণু বৰুৱা । চিলাপথাৰ ।

    1. admin says

      ধন্যবাদ। এনে উৎসাহ আগলৈ দিব বুলি আশা কৰিলো।

Your email address will not be published.