পলাশবাৰীৰ মিৰ্জা জামৰতলস্থিত স্বৰ্গীয় হৰমোহন গোস্বামী আদৰ্শ প্ৰাথমিক বিদ্যালয় খেলপথাৰ প্ৰাঙ্গণত জ্যেষ্ঠ নাগৰিকৰ বাবে আইন প্ৰণয়ন হোৱা আইন আৰু ইয়াৰ আধাৰত জ্যেষ্ঠ নাগৰিকে পাবলগীয়া সুবিধা সমূহৰ ওপৰত আজি এখনি সমাৱৰ্তন আৰু সজাগতা সভা অনুষ্ঠিত হয়। অসম চৰকাৰৰ সমাজ কল্যাণ বিভাগ আৰু জ্যেষ্ঠ নাগৰিক পৰিষদ, অসমৰ উদ্যোগত অনুষ্ঠিত সভাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই বন্তি প্ৰজ্বলনৰে শুভাৰম্ভ কৰা অনুষ্ঠানৰ আদৰণী ভাষণ পাঠ কৰে আদৰণী সমিতিৰ সভাপতি ধনেশ্বৰ তালুকদাৰে। অনুষ্ঠানত নিজ নিজ প্ৰতিভাৰে সমাজত প্ৰতিষ্ঠিত হোৱা কেইজনমান বিশিষ্ট ব্যক্তি ক্ৰমে সৰপাৰা গাঁৱৰ প্ৰাক্তন খেলুৱৈ তথা ক্ৰীড়া সংগঠক প্ৰভাত ডেকা, ছয়গাঁও ৰতনপুৰৰ কালিয়া বাদক কলিমন ৰাভা, বকো খলিহাৰ যাত্ৰা জগতৰ প্ৰযোজক, পৰিচালক, অভিনেতা ব্ৰজেন দাস, মিৰ্জা গোপালপুৰৰ আদৰ্শ শিপিনী সাবিত্ৰী বৈশ্য, বামুণীগাঁৱৰ আদৰ্শ খেতিয়ক বিপিন বড়ো, উপৰহালী গাঁৱৰ সমাজ সেৱক লক্ষ্যধৰ তালুকদাৰ, ৰাজাপুখুৰীৰ আদৰ্শ খেতিয়ক ভোগমন নাথক ফুলাম গামোচা, জাপি, মানপত্ৰৰে সম্বৰ্ধনা জনোৱা হয়। সভাত গুৱাহাটী লোকসভা সমষ্টিৰ সাংসদ কুইন ওজাই গাঁৱত এখন সমাজ, সচেতনতা, ভাল বেয়া আদি বিভিন্ন কথা জড়িত হৈ থাকে বুলি কয়। গাঁও আৰু চহৰৰ কথা সম্পূৰ্ণ বেলেগ। জ্যেষ্ঠ নাগৰিকসকলক উদ্দশ্যি আজি কালি প্ৰায়ে ঘটি থকা ঘটনা পৰিঘটনা ভাল বেয়া কথা আদি বিভিন্ন কথা ভাষণ প্ৰসঙ্গত উল্লেখ কৰে। আজিৰ কিছু সংখ্যকে নিজৰ মাতৃ পিতৃক সেৱা কৰাৰ পৰিবৰ্তে বৃদ্ধা আশ্ৰমত থকাৰ পৰিবেশ সৃষ্টি কৰিছে। বৰ্তমানৰ চৰকাৰেখনে যাতে পিতৃ মাতৃক অত্যাচাৰ তথা এনেধৰণৰ ঘটনাৰ পৰা পৰিত্ৰাণ পাব পাৰে তাৰ বাবে এখন আইন প্ৰণয়ণ প্ৰস্তুত কৰিছে। লগতে নিজকে বয়োজ্যেষ্ঠ বুলি নাভাবি জ্যেষ্ঠ সকলৰো মন আছে বুলি বিভিন্ন কথা ভাষণত আলোকপাত কৰে সাংসদ কুইন ওজাই। সভাত জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ, অসমৰ অধ্যক্ষ ড০ প্ৰদীপ ঠাকুৰীয়াই কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে জ্যেষ্ঠ নাগৰিক সকলৰ কল্যাণৰ বাবে বিভিন্ন আঁচনি গ্ৰহণ কৰিছে। ৰাজ্যৰ বিভিন্ন প্ৰান্তত এনেদৰে সভা অনুষ্ঠিত কৰি ৰাইজ তথা জ্যেষ্ঠসকলক সজাগতাৰ সৃষ্টি কৰি আহিছে। পিতৃ-মাতৃ অসুবিধা বা সমস্যা হলেই পুত্ৰ দায়িত্ব বুলি নাভাবিব সমাজখনৰো দায়িত্ব আছে। জ্যেষ্ঠ নাগৰিক তথা বয়স্ক লোক ৰাস্তা বা যিকোনো ঠাইত বিভিন্ন সমস্যা সন্মুখীন হলে সহায় পোৱাৰ উদ্দেশ্যে কেন্দ্ৰীয় চৰকাৰে হেল্পলাইন ১৪৫৬৭ ফোন নম্বৰ মুকলি কৰি দিছে। যিকোনো ঠাইত জ্যেষ্ঠলোক বিপদ বা সমস্যাৰ সন্মুখীন হলে এই নম্বৰত ফোন কৰিলে তৎকালীনভাৱে বিভাগীয় কৰ্মচাৰী উপস্থিত হৈ সহায়ৰ হাত আগবঢ়াব বুলি ভাষণ প্ৰসঙ্গত উল্লেখ কৰে অধ্যক্ষ ঠাকুৰীয়াই। সভাত পলাশবাৰী সমষ্টিৰ বিধায়ক হেমাংগ ঠাকুৰীয়াই উপস্থিত থাকি জ্যেষ্ঠ সকলক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। সভাত সমাজ কল্যাণ বিভাগ, অসমৰ সঞ্চালক দেৱেন ভূঞা, সমাজ কল্যাণ বিভাগ, অসমৰ উপ: সঞ্চালক সমীৰণ বৰুৱা, জ্যেষ্ঠ নাগৰিক কল্যাণ পৰিষদ , অসমৰ উপাধ্যক্ষ অশোক বৰঠাকুৰ, আই.টি.ডি.পি.ৰ অধ্যক্ষা লাৱণ্য বড়ো উপস্থিত থকা অনুষ্ঠানটোৰ সমূহ কাৰ্যসূচীৰ আঁতধৰে অভিনেত্ৰী আশা বৰদলৈয়ে।
Trending
- কামৰূপ মহানগৰত ই ভি এম আৰু ভিভিপিএটিৰ ৰেণ্ডমাইজেশ্যন সম্পন্ন
- ড° তপন দাসৰ সমৰ্থনত পিযুষ হাজৰিকাৰ নিৰ্বাচনী প্ৰচাৰ
- এন এফ ৰেলৱে এম্পলইজ ইউনিয়নৰ গুৱাহাটী শাখাৰ অধিবেশন সম্পন্ন
- ৰাজ্যজুৰি ভোটাৰ সজাগতা কাৰ্যসূচী ৰূপায়ণ
- ব্ৰহ্মপুত্ৰৰে অসমলৈ জাহাজৰ স্বাভাৱিক চলাচল আৰম্ভ – পাণ্ডুঘাটলৈ কলকাতাৰ পৰা আহিল জাহাজ
- বিধানসভাৰ সাধাৰণ নিৰ্বাচন – ১২৪টা সমষ্টিত মনোনয়ন পত্ৰ পৰীক্ষা সম্পূৰ্ণ, ৭৭৬ গৰাকী প্ৰাৰ্থীৰ মনোনয়ন বৈধ ঘোষণা
- Shishu Sarothi Organises Conclave on “Hospitality for All: Pathways to Inclusive Workplaces & Accessibility
- বৰষুণে দীপৰ বিলৰ সমীপত বৰো ধানৰ খেতি কৰা কৃষকৰ মুখলৈ আনিছে হাঁহি
- অসমত আগন্তুক চাৰিদিনলৈ বতৰ বেয়া হোৱা সম্ভাৱনা
- এজন শিক্ষকৰ অমৰ যাত্ৰা – ৰাজবংশী ছাৰ শীৰ্ষক স্মৃতিগ্ৰন্থ উন্মোচন